নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলৰ সংবাদমেল
Lok Sabha Election in Assam: অসমত ভোটকেন্দ্ৰৰ সংখ্যা ২৮,৬৫০ টালৈ বৃদ্ধি । ই ভি এম কঢ়িওৱা বাহনত থাকিব জি পি এছ । ৫৫ শতাংশ ভোটকেন্দ্ৰ থাকিব ৱেবকাষ্টিং ব্যৱস্থাৰ মাজত । ভোটাৰৰ সংখ্যা ২,৪৩,০১,৯৬০ গৰাকী । শতবৰ্ষ গৰকা ভোটাৰৰ সংখ্যা ৪,৮৫৪ গৰাকী । দৃষ্টিহীন ভোটাৰৰ সংখ্যা ৪৫,১৭৬ গৰাকী । মহিলাৰ দ্বাৰা পৰিচালিত হ'ব ১৪০৯ টা ভোটকেন্দ্ৰ ।

Published : March 17, 2024 at 9:31 PM IST
গুৱাহাটী, ১৭ মাৰ্চ: নিৰ্বাচন আয়োগে দেশৰ সাধাৰণ নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগে অসমৰ ১৪টা লোকসভা সমষ্টিত সুকলমে নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে সাজু হৈছে ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয় । দেওবাৰে দিছপুৰৰ জনতা ভৱনত আয়োজন কৰা এখন সংবাদমেলত ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে অসমত তিনিটা পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া লোকসভা নিৰ্বাচনৰ বিভিন্ন দিশ উল্লেখ কৰে ।
দেশত ১৯ এপ্ৰিলৰ পৰা আৰম্ভ হ'ব লোকসভা নিৰ্বাচন । সাতটা পৰ্যায়ত অনুষ্ঠিত হ'ব নিৰ্বাচন । অসমৰ ১৪ টা সমষ্টিৰ ভোটগ্ৰহণ প্ৰথম ৩ টা পৰ্যায়ত অনুষ্ঠিত হ'ব । ১৯ এপ্ৰিলত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অসমৰ ৫টা সমষ্টি কাজিৰঙা, শোণিতপুৰ, ডিব্ৰুগড়, লখিমপুৰ আৰু যোৰহাটত অনুষ্ঠিত হ'ব ।
২৬ এপ্ৰিলত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব দৰং-ওদালগুৰি, ডিফু(এছ টি), কৰিমগঞ্জ, শিলচৰ(এছ চি) আৰু নগাঁৱত । আনহাতে ৭ মে'ত তৃতীয় পৰ্যায়ৰ নিৰ্বাচন বৰপেটা, কোকৰাঝাৰ (এছ টি), ধুবুৰী আৰু গুৱাহাটীত অনুষ্ঠিত হ'ব । অসমত তিনিটা পৰ্যায়ত স্বচ্ছ আৰু নিকাভাৱে নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণৰ কথা সংবাদমেলত সদৰী কৰে ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে ।
তেওঁ কয় যে এতিয়াও ভোটাৰ তালিকা প্ৰস্তুতৰ কাম চলি আছে আৰু মনোনয়ন পত্ৰ দাখিলৰ তাৰিখলৈকে এই প্ৰক্ৰিয়া অব্যাহত থাকিব । ভোটাৰ তালিকাত নতুনকৈ নাম অন্তৰ্ভুক্তিৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ দহদিন আগলৈকে আবেদন কৰিব পাৰিব ।
অসমত ভোটকেন্দ্ৰৰ সংখ্যা ২৮,৬৪৫ টা আছিল যদিও অতিৰিক্তভাৱে ৫টা বৃদ্ধি কৰাত ভোটকেন্দ্ৰৰ সংখ্যা ২৮,৬৫০ টালৈ বৃদ্ধি পালে । ভোটিঙৰ বাবে পৰ্যাপ্ত মেছিনৰ ব্যৱস্থা কৰা হৈছে বুলি সদৰী কৰি তেওঁ কয় যে ই ভি এম ৩৪,৩৮০ টাৰ উপৰি অতিৰিক্তভাৱে ১২ হাজাৰ মেছিন মজুত কৰি ৰখা হৈছে । সেইদৰে ভিভি পেড মেছিন আছে ৩৭,২৪৫ টা । আনহাতে ই ভি এমৰ প্ৰচেছিঙৰ কামো পৰ্যায়ক্ৰমে আৰম্ভ হোৱাৰ কথা সদৰী কৰি তেওঁ কয় যে ইতিমধ্যে চাৰ্ভিলেন্স টিমে নিজৰ কাম আৰাম্ভ কৰিছে ।
তেওঁ লগতে কয় যে প্ৰতিটো ভোটকেন্দ্ৰতে ভোটাৰৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি সকলো ব্যৱস্থা কৰা হ'ব । ভোটকেন্দ্ৰসমূহ নিৰীক্ষণত ৰখাৰ বাবে নিয়ন্ত্ৰণকক্ষ স্থাপন কৰাৰ উপৰি ৫৫ শতাংশ ভোটকেন্দ্ৰ ৱেবকাষ্টিং ব্যৱস্থাৰ অধীনত থাকিব । ৰাজ্যৰ ৫ শতাংশ স্পৰ্শকাতৰ ভোটকেন্দ্ৰ এই ৱেবকাষ্টিং ব্যৱস্থাৰ মাজত থাকিব ।
এইবাৰ ই ভি এম কঢ়িওৱা বাহনসমূহত জি পি এছৰ ব্যৱস্থা থাকিব বুলি সদৰী কৰি ১৮-১৯ হাজাৰ বাহনত জি পি এছ লগোৱা হ'ব । তেওঁ লগতে কয় যে আজি সকলো ৰাজনৈতিক দলৰ লগত বৈঠক অনুষ্ঠিত হয় আৰু বৈঠকত নিৰ্বাচন আয়োগৰ নীতি-নিৰ্দেশনা সম্পৰ্কে অৱগত কৰোৱা হয় । বিজ্ঞাপন প্ৰকাশৰ ক্ষেত্ৰত এম চি চি এম কমিটিৰ অনুমতিৰ প্ৰসংগও তেওঁ সদৰী কৰে ।
আনহাতে ৰাজনৈতিক দল আৰু প্ৰাৰ্থীৰ প্ৰচাৰৰ ক্ষেত্ৰত অনুমতি প্ৰদানৰ ক্ষমতা আৰক্ষীৰ হাতত নাথাকে বুলি সদৰী কৰি তেওঁ কয় যে ইয়াৰ বাবে সুবিধা এপৰ যোগেদি অনুমতি ল’ব লাগিব । পোষ্টেল বেলেটৰ প্ৰসংগত তেওঁ কয় যে তিনিটা কেটেগৰীৰ বাবে পোষ্টেল বেলেটৰ সুবিধা আছে ।
৮৫ বছৰৰ ঊৰ্দ্ধৰ জ্যেষ্ঠ নাগৰিক, দিব্যাংগ (যিসকলৰ বাধাগ্ৰস্ততা ৪০ শতাংশৰ ওপৰৰ) আৰু নিৰ্বাচনীৰ দায়িত্বত জড়িত চৰকাৰী বিষয়া-কৰ্মচাৰীসকলে পোষ্টেল বেলেটৰ যোগেদি ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰিব । ইয়াৰ বাবে সংশ্লিষ্ট সকলে ফৰ্ম ডি-১২যোগে আবেদন কৰিব লাগিব । নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে বুলি সদৰী কৰি তেওঁ কয় যে বৰ্তমানলৈ ৬০ টা কোম্পানী নিয়োজিত কৰা হৈছে । ভোটৰ সময়ত অতিৰিক্ত আৰু কোম্পানী নিয়োগ কৰা হ'ব ।
সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে ইতিমধ্যে প্ৰকাশ কৰা ভোটাৰ তালিকা অনুসৰি ৰাজ্যত মুঠ ভোটাৰৰ সংখ্যা হৈছে ২,৪৩,০১,৯৬০ গৰাকী । ইয়াৰে ১,২১,৭৯,৩৫৮ জন পুৰুষ আৰু ১,২১,২২,১৮৮ গৰাকী মহিলা আৰু ৪১৪ গৰাকী তৃতীয় লিংগৰ ভোটাৰ ।
২০২৪ চনৰ ৮ ফেব্ৰুৱাৰীত প্ৰকাশ কৰা ভোটাৰ তালিকা অনুসৰি অসমত শতবৰ্ষ গৰকা ভোটাৰৰ সংখ্যা হৈছে ৪,৮৫৪ গৰাকী । সেইদৰে দৃষ্টিহীন ভোটাৰৰ সংখ্যা হৈছে ৪৫,১৭৬ গৰাকী ৷ তেওঁ লগতে কয় যে ৰাজ্যখনত সম্পূৰ্ণ মহিলাৰ দ্বাৰা পৰিচালিত হ'বলগীয়া ভোটকেন্দ্ৰৰ সংখ্যা হৈছে ১৪০৯ টা আৰু আদৰ্শ ভোটকেন্দ্ৰ হৈছে ২৬২ টা ।
সেইদৰে ৰাজ্যৰ প্ৰতিটো বিধানসভা সমষ্টিত দিব্যাংগৰ দ্বাৰা পৰিচালিত এটাকৈ ভোটকেন্দ্ৰ কৰাৰ বাবে উদ্যোগ গ্ৰহণ কৰাৰ কথা সদৰী কৰি তেওঁ কয় যে বৰ্তমানলৈকে ৩৭ টা সমষ্টিত নিশ্চিত হৈছে ।
লগতে পঢ়ক: নিৰ্বাচনী বণ্ডৰ নতুন তথ্য প্ৰকাশ, বিজেপিয়ে লাভ কৰিছে মুঠ ৬,৯৮৭.৪০ কোটি টকাৰ অনুদান

