ETV Bharat / politics

কোনে কি ভাও ল’বা আহা সময় যে তাকৰ...মন্ত্ৰিত্ব লাভৰ আনন্দত গীত জুৰিলে প্ৰশান্ত ফুকনে

‘‘মুখ্যমন্ত্ৰীয়ে যি বিভাগতে কাম কৰিবলৈ দিব মই তাতে কাম কৰিম ৷’’ মন্ত্ৰী হোৱাৰ পূৰ্বে ক'লে বিধায়ক প্ৰশান্ত ফুকনে ৷ ডিব্ৰুগড়ত আবতৰীয়া দেৱালী ৷

ASSAM CABINET RESHUFFLE
মন্ত্ৰিত্ব লাভ প্ৰশান্ত ফুকনৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : December 5, 2024 at 9:16 PM IST

3 Min Read
Choose ETV Bharat

মৰাণ: বহু চৰ্চাৰ অন্তত ৭ ডিচেম্বৰত দিনৰ ১২ বজাত অসম চৰকাৰৰ মন্ত্ৰীসভাৰ চাৰিগৰাকী নতুন মন্ত্ৰীয়ে শপত ল’ব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । কোন কোন বিধায়কে মন্ত্ৰীসভাত স্থান লাভ কৰিব সেই কথাও ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে । হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হ’ব ৪ বিধায়ক ৷ সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰিলে ৪ জন নতুন মন্ত্ৰীৰ নাম । এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত মন্ত্ৰিত্ব লাভ কৰিব বিজেপিৰ জ্যেষ্ঠ বিধায়ক প্ৰশান্ত ফুকনৰ লগতে ডুমডুমাৰ বিধায়ক ৰূপেশ গোৱালা, পাথাৰকান্দিৰ বিধায়ক কৃষ্ণেন্দু পাল আৰু লক্ষীপুৰৰ বিধায়ক কৌশিক ৰায়ে ।

২০০৬ চনৰ পৰা একেৰাহে চাৰিবাৰ ডিব্ৰুগড় সমষ্টিৰ বিধায়ক হিচাপে অসম বিধানসভালৈ নিৰ্বাচিত হৈ আহিছে বিধায়ক প্ৰশান্ত ফুকন । উজনিৰ অতি শক্তিশালী বিজেপি নেতা প্ৰশান্ত ফুকনে বিগত কংগ্ৰেছ চৰকাৰৰ দিনত বিজেপিৰ হৈ কংগ্ৰেছ চৰকাৰৰ কাম-কাজক কঠোৰ ভাষাৰে সমালোচনা কৰিছিল । বিধায়কগৰাকীক পূৰ্বৰ সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনতেই মন্ত্ৰিত্ব দিবলৈ ডিব্ৰুগড়ৰ ৰাইজে দাবী জনাই আহিছিল । কিন্তু তেতিয়া মন্ত্ৰিত্ব লাভ নকৰিলেও অৱশেষত ভাল খবৰ লাভ কৰিলে ডিব্ৰুগড় সমষ্টিৰ বিধায়কগৰাকীৰ লগতে ৰাইজে ।

মন্ত্ৰিত্ব লাভৰ আনন্দত গীত জুৰিলে প্ৰশান্ত ফুকনে (ETV Bharat)

আজি সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী হিমন্ত শৰ্মাই মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হ'বলগা বিধায়কৰ নাম ঘোষণা কৰা পাছতেই ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনৰ বাসগৃহত দলীয় কৰ্মীয়ে আনন্দ-উল্লাস কৰা পৰিলক্ষিত হয় ।

ডিব্ৰুগড়ত আবতৰীয়া দেৱালী পাতিলে বিজেপি কৰ্মীসকলে:

২০০৬ চনৰ পৰা একেৰাহে চাৰিবাৰ ডিব্ৰুগড় সমষ্টিৰ বিধায়ক হিচাপে অসম বিধানসভালৈ নিৰ্বাচিত হোৱা বিধায়ক প্ৰশান্ত ফুকনক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ মন্ত্ৰীসভাত অৰ্ন্তভুক্ত কৰাৰ খবৰত উৎফুল্লিত হৈছে বিধায়কগৰাকীৰ সমৰ্থকসকল । দলীয় কৰ্মী-সমৰ্থকসকলে বিধায়কগৰাকীক গামোচা পিন্ধাই ফটকা ফুটাই আৱতৰীয়া দেৱালী উদযাপন কৰে ।

মুখ্যমন্ত্ৰীক ধন্যবাদ জনালে প্ৰশান্ত ফুকনে:

সাংবাদিকৰ আগত বিধায়কগৰাকীয়ে কয়, ‘‘মুখ্যমন্ত্ৰীক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো । ক্ৰমাগতভাৱে ২০ বছৰ বিধায়ক হিচাপে থাকি মই যিখিনি কাম কৰিছো, সেইখিনি আগত ৰাখি মুখ্যমন্ত্ৰীয়ে যি দায়িত্ব দিব তাক চলাই যোৱাৰ বাবে মই প্ৰয়াস কৰিম । পূৰ্বে যিদৰে ডিব্ৰুগড়ৰ ৰাইজক সময় দিছিলো তেনেকৈয়ে দিবলৈ চেষ্টা কৰিম । ডিব্ৰুগড়ৰ ৰাইজ মোৰ বাবে ভগৱান । সেয়ে ভগৱানক পূজা কৰাত মই কেতিয়াও হেমাহী নকৰো । মুখ্যমন্ত্ৰীয়ে যি বিভাগৰ দায়িত্ব দিব তাকে নিষ্ঠাৰে পালন কৰিবলৈ চেষ্টা কৰি মুখ্যমন্ত্ৰীৰ কেবিনেট সতীৰ্থ হিচাপে তেওঁক সহযোগিতা কৰি যাম । আজি ডিব্ৰুগড়ৰ ৰাইজৰ বাবে এটা ডাঙৰ কথা, বিগত ৪০ বছৰে ডিব্ৰুগড় সমষ্টিৰ পৰা কোনো বিধায়কে মন্ত্ৰিত্ব পোৱা নাছিল । কিন্তু মুখ্যমন্ত্ৰীয়ে ৪০ বছৰীয়া বান্ধোন ছিঙি মোক মন্ত্ৰিত্ব দিয়াত তেওঁক ধন্যবাদ জনাইছো । মুখ্যমন্ত্ৰীয়ে যি বিভাগতে কাম কৰিবলৈ দিব মই তাতে কাম কৰি যাম ।’’

লগতে পঢ়ক: সঞ্জয় কিষাণৰ পদত্যাগ; নতুনকৈ মন্ত্ৰী হ’ব প্ৰশান্ত ফুকন, ৰূপেশ গোৱালা, কৃষ্ণেন্দু পাল, কৌশিক ৰায়