ETV Bharat / politics

চামগুৰি উপ নিৰ্বাচন : যুঁজত তিনি কোটিপতি প্ৰাৰ্থী; সৰ্বাধিক সম্পত্তিশালী প্ৰাৰ্থী কোন জানেনে ?

কেবাটাও দিশৰ পৰাই অতিকৈ আকৰ্ষণীয় হৈছে চামগুৰি সমষ্টিৰ উপ নিৰ্বাচন । চামগুৰি সমষ্টিৰ উপ নিৰ্বাচনী যুঁজত নামিছে তিনি কোটিপতি ৰাজনৈতিক নেতা ।

Assam bypolls
চামগুৰি সমষ্টিৰ উপ নিৰ্বাচনী যুঁজত কোটিপতি ৰাজনৈতিক নেতা (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : October 27, 2024 at 7:36 AM IST

5 Min Read
Choose ETV Bharat

নগাঁও : মাৰপিট, নিৰ্বচনী হিংসা, শেহতীয়াকৈ বিশেষ মাংসৰ ভোজ-ভাতৰ প্ৰসংগই চামগুৰি সমষ্টিৰ উপ নিৰ্বাচনে বিশেষ চৰ্চা লাভ কৰাৰ সময়ত পোহৰলৈ আহিছে তিনি কোটিপতি নেতাৰ নিৰ্বাচনী যুঁজৰ তথ্য । চামগুৰি সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে মুঠ ১৪ গৰাকীকৈ প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছে যদিও ইয়াৰে মূল প্ৰতিদ্বন্দ্বী হিচাপে চৰ্চালৈ আহিছে কংগ্ৰেছ প্ৰাৰ্থী তাঞ্জিল হুছেইনৰ লগতে বিজেপি প্ৰাৰ্থী ডিপ্লুৰঞ্জন শৰ্মা ।

অৱশ্যে শেহতীয়াকৈ চৰ্চালৈ আহিছে আম আদমী পাৰ্টীৰ প্ৰাৰ্থী নুৰুল আমিন চৌধুৰীও । চামগুৰি সমষ্টিটোৰ উপ নিৰ্বাচনত অৱতীৰ্ণ হোৱা এই তিনিওগৰাকী প্ৰাৰ্থীয়েই কোটিপতি । ইতিমধ্যে প্ৰাৰ্থীসকলে মনোময়নৰ সৈতে দাখিল কৰা শপতনামাত উল্লেখ কৰিছে প্ৰত্যেতকৰ সম্পত্তিৰ পৰিমাণ ।

কংগ্ৰেছ প্ৰাৰ্থী তাঞ্জিল হুছেইন :

মনোনয়ন পত্ৰৰ সৈতে দাখিল কৰা শপতনামাথ উল্লেখ কৰা অনুসৰি সমষ্টিটোৰ কংগ্ৰেছ প্ৰাৰ্থী তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ পুত্ৰ তাঞ্জিল হুছেইনৰ সৰ্বমুঠ অস্থাৱৰ সম্পত্তিৰ মূল্য হৈছে ৯২ লাখ ৫৮ হাজাৰ ৩১৮ টকা । তেওঁৰ হাতেজমা আছে ৮ লাখ ৬২ হাজাৰ ৭০০ টকা ।

কংগ্ৰেছ প্ৰাৰ্থীজনৰ এখন ১০ লাখ টকা মূল্যৰ হুণ্ডাই ভাৰ্ণাৰ গাড়ী থকাৰ লগতে আছে ২৩ লাখ টকা মূল্যৰ এখন টাটা চাফাৰী গাড়ীও । তেওঁৰ ৫ লাখ ৫০ হাজাৰ টকা মূল্যৰ সোণৰ আ-অলংকাৰ থকা বুলি তথ্যত উল্লেখ আছে । অন্যহাতেদি কংগ্ৰেছ প্ৰাৰ্থীজনৰ নামত কোনো ধৰণৰ কৃষিভূমি নাই যদিও আবাসিক ঘৰকে ধৰি স্থাৱৰ সম্পত্তিৰ মূল্য হৈছে ২ কোটি ২০ লাখ টকা ।

Assam bypolls
চামগুৰি সমষ্টিৰ উপ নিৰ্বাচনী যুঁজত কোটিপতি ৰাজনৈতিক নেতা (ETV Bharat)

তদুপৰি হাৰিয়ানাৰ গুৰুগ্ৰামত মাতৃৰ সৈতে অংশিদাৰিত্বত কংগ্ৰেছ প্ৰাৰ্থী তাঞ্জিল হুছেইনৰ এটা ঘৰ আছে বুলিও তথ্যত উল্লেখ আছে । তেওঁৰ মুঠ স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তিৰ মূল্য হৈছে ৩ কোটি ১২ লাখ ৫৮ হাজাৰ ৩১৮ টকা । আনহাতে বিভিন্ন বেংকত থকা ঋণ আদিকে ধৰি দায়বদ্ধতাৰ পৰিমাণ হৈছে ১ কোটি ৪১ লাখ ৯০ হাজাৰ ৪৯২ টকা ।

লগতে পঢ়ক : বিজেপিয়ে এটা প্ৰতিশ্ৰুতি দিলে তাঞ্জিলৰ মনোনয়ন প্ৰত্যাহাৰ কৰা হ’ব ! কিয় ক’লে ৰকিবুল হুছেইনে ?

বিজেপি প্ৰাৰ্থী ডিপ্লুৰঞ্জন শৰ্মা

বিজেপি প্ৰাৰ্থী ডিপ্লুৰঞ্জন শৰ্মাও কোটিপতিৰ তালিকাত । বিজেপি প্ৰাৰ্থীগৰাকীৰ অস্থাৱৰ সম্পত্তিৰ মূল্য হৈছে ১ কোটি ৩৭ লাখ ২৪ হাজাৰ ২৪৬ টকা । পত্নীৰ নামত থকা অস্থাৱৰ সম্পত্তিৰ পৰিমাণ হৈছে ৩৫ লাখ ৭৩ হাজাৰ ৪৪৫ টকা । তেওঁৰ নিজৰ নামত ৪ লাখ ৫০ হাজাৰ টকাৰ আ-অলংকাৰ থকাৰ বিপৰীতে পত্নীৰ নামত ১৪ লাখ ৬২ হাজাৰ ৫০০ টকাৰ অলংকাৰ আছে ।

অন্যহাতেদি স্থাৱৰ সম্পত্তিৰ পৰিমাণ হৈছে ৫৪ লাখ টকা । তেওঁৰ নিজৰ নামৰ বিপৰীতে থকা স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তিৰ মূল্য হৈছে ১ কোটি ৯১ লাখ ২৪ হাজাৰ ২৪৬ টকা । বিজেপি প্ৰাৰ্থীজনৰ ৪০ হাজাৰ টকা মূল্যৰ এখন টাটা নেন', ১৪ লাখ টকা মূল্যৰ এখন টয়টা ইনভা আৰু ৫ হাজাৰ টকা মূল্যৰ এখন বাজাজ স্কুটাৰ আছে ।

Assam bypolls
চামগুৰি সমষ্টিৰ উপ নিৰ্বাচনী যুঁজত কোটিপতি ৰাজনৈতিক নেতা (ETV Bharat)

বিভিন্ন বিত্তীয় প্ৰতিষ্ঠানত বিজেপি প্ৰাৰ্থীজনৰ নামৰ বিপৰীতে থকা ঋণ অথবা দায়বদ্ধতাৰ পৰিমাণ হৈছে ৭২ লাখ ৫৪ হাজাৰ ৫০৮ টকা । পত্নীৰ বিভিন্ন বিত্তীয় প্ৰতিষ্ঠানত থকা দায়বদ্ধতাৰ পৰিমাণ হৈছে ৩ লাখ ৬২ হাজাৰ ৫৫৪ টকা ।

লগতে পঢ়ক : মনোনয়ন দাখিল কৰি ৰকিবুল হুছেইনক কি আহ্বান জনালে দিপ্লুৰঞ্জন শৰ্মাই ?

আম আদমী পাৰ্টীৰ প্ৰাৰ্থী নুৰুল আমিন চৌধুৰী :

আম আদমী পাৰ্টীৰ প্ৰাৰ্থী নুৰুল আমিন চৌধুৰীও আছে কোটিপতিৰ তালিকাত । আম আদমী পাৰ্টীৰ প্ৰাৰ্থী নুৰুল আমিন চৌধুৰীৰ নামত থকা অস্থাৱৰ সম্পত্তিৰ পৰিমাণ হৈছে ৩৩ লাখ ৭৫ হাজাৰ ৬৪৬ টকা ৷ তেওঁৰ প্ৰথমা পত্নী চেমিম আৰা আমিনৰ নামৰ বিপৰীতে থকা অস্থাৱৰ সম্পত্তিৰ পৰিমাণ হৈছে ১১ লাখ ২০৫ টকা, দ্বিতীয় পত্নী চেলিমা চৌধুৰীৰ অস্থাৱৰ সম্পত্তিৰ পৰিমাণ হৈছে ৫ লাখ ৫১ হাজাৰ ৪০২ টকা আৰু তৃতীয় পত্নী মমতাজ বেগমৰ নামত আছে ৩ লাখ ৮৪ হাজাৰ ১০০ টকা ।

Assam bypolls
চামগুৰি সমষ্টিৰ উপ নিৰ্বাচনী যুঁজত কোটিপতি ৰাজনৈতিক নেতা (ETV Bharat)
লগতে পঢ়ক : গো-মাংসক লৈ গৰম চামগুৰিৰ ৰাজনীতি

আম আদমী পাৰ্টীৰ প্ৰাৰ্থীজনৰ সন্তানৰ নামত আছে ক্ৰমে ১ লাখ ৫ হাজাৰ ৪৯৭ টকা আৰু ২ লাখ ৫২ হাজাৰ ৮৫৮ টকা । চৌধুৰীৰ মুঠ স্থাৱৰ সম্পত্তিৰ পৰিমাণ হৈছে ৩ কোটি ২৯ লাখ ৯০ হাজাৰ টকা । প্ৰথম পত্নীৰ নামত থকা মুঠ স্থাৱৰ সম্পত্তিৰ মূল্য হৈছে ৩১ লাখ ৭০ হাজাৰ টকা । দ্বিতীয় পত্নীৰ নামত থকা মুঠ স্থাৱৰ সম্পত্তিৰ মূল্য হৈছে ৪০ লাখ ১০ হাজাৰ টকা । নুৰুল আমিন চৌধুৰীৰ জে চি বি, দুখন ট্ৰেক্টৰ,টাটা ২০৭ ডি আই আৰু ইনভা আদি আছে ।

আম আদমী পাৰ্টীৰ প্ৰাৰ্থীজনৰ নামৰ বিপৰীতে থকা মুঠ স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তিৰ পৰিমাণ হৈছে ৩ কোটি ৬৩ লাখ ৬৫ হাজাৰ ৬৪৬ টকা । চামগুৰি সমষ্টিৰ উপ নিৰ্বাচনৰ তিনি কোটিপতি প্ৰাৰ্থীৰ ভিতৰত সৰ্বাধিক সম্পত্তিশালী প্ৰাৰ্থী হৈছে আম আদমী পাৰ্টীৰ প্ৰাৰ্থী নুৰুল আমিন চৌধুৰী ।

লগতে পঢ়ক : অসম বিধানসভাৰ উপ-নিৰ্বাচন : ৫টা সমষ্টিৰ বাবে মুঠ ৩৮ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন দাখিল

লগতে পঢ়ক : ৰকিবুল পুত্ৰৰ বিৰুদ্ধে চামগুৰিত ১৩ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন দাখিল