কংগ্ৰেছ কৰ্মীক থানালৈ মাতি আনি কংগ্ৰেছ নকৰিবলৈ কৈছে আৰক্ষী বিষয়াই: ৰকিবুল হুছেইনৰ ভয়ংকৰ বিস্ফোৰণ
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে পুনৰ সৰৱ একালৰ বন্ধু ৰকিবুল হুছেইন । আৰক্ষীক বিজেপিয়ে ব্যৱহাৰ কৰাৰ অভিযোগ ৷ জিতু গোস্বামীৰ প্ৰত্যুত্তৰ ৷

Published : October 28, 2024 at 8:00 PM IST
নগাঁও: চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনত কংগ্ৰেছ-বিজেপিৰ ব্যাপক প্ৰচাৰ চলি থকাৰ মাজতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ লগতে নগাঁও আৰক্ষীৰ বিৰুদ্ধেও সৰৱ হৈ পৰে কংগ্ৰেছ নেতা ৰকিবুল হুছেইন ৷ নগাঁও ৰাজীৱ ভৱনত সংবাদমেল আয়োজন কৰি চামগুৰি সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী তাঞ্জিল হুছেইনৰ পিতৃ তথা সাংসদ ৰকিবুল হুছেইনে বিস্ফোৰক অভিযোগ উত্থাপন কৰে ।
চামগুৰিৰ উপ-নিৰ্বাচনত বিজেপিয়ে আৰক্ষীক ব্যৱহাৰ কৰা বুলি অভিযোগ উত্থাপন কৰে সাংসদ ৰকিবুল হুছেইনে । চামগুৰি সমষ্টিৰ শিঙিমাৰীত সংঘটিত নিৰ্বাচনকেন্দ্ৰিক সংঘাতৰ কথা উল্লেখ কৰি সাংসদ হুছেইনে অভিযোগ উত্থাপন কৰে যে চামগুৰিত বিজেপিয়ে আৰক্ষীক ব্যৱহাৰ কৰিছে । চামগুৰি সমষ্টিৰ কংগ্ৰেছৰ একাংশ কৰ্মী-সমৰ্থকক আৰক্ষীয়ে কোনো গোচৰ নথকাৰ পাছতো আটক কৰি হাৰাশাস্তি কৰাৰো অভিযোগ উত্থাপন কৰে ৰকিবুল হুছেইনে ।
বিগত দুই-তিনি দিন ধৰি কংগ্ৰেছৰ একাংশ কৰ্মীক আৰক্ষীয়ে অত্যাচাৰ কৰাৰ অভিযোগ কৰি হুছেইনে কয়, ‘‘বিজেপিয়ে এতিয়া ভয়-ভাবুকিৰে ভোট আদায়ৰ চেষ্টা কৰিছে । বিজেপিত যোগদান নকৰিলেই চৰকাৰী চাকৰিয়ালক বদলি কৰা হৈছে ।’’
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ অতীতৰ প্ৰসংগ উল্লেখ কৰি ৰকিবুল হুছেইনে কয়, ‘‘অতীত বৰ ফৰকাল নাছিল মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ । সেয়ে এতিয়া বিজেপিয়ে ভয় খাবলৈ আৰম্ভ কৰিছে ।" উপ-নিৰ্বাচনক লৈ এতিয়া চামগুৰিত এক আতংকময় পৰিৱেশ সৃষ্টি কৰা বুলিও বিজেপিৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে ৰকিবুল হুছেইনে ।
উপ-নিৰ্বাচনত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই প্ৰচাৰ কৰিব নোৱাৰিবও পাৰে বুলি দেওবাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে কৰা মন্তব্যৰো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সাংসদ ৰকিবুল হুছেইনে । মুখ্যমন্ত্ৰীৰ কথা আৰু কামৰ কোনো সাদৃশ্য নাই বুলি উল্লেখ কৰি ৰকিবুল হুছেইনে কয়, ‘‘লোকসভা নিৰ্বাচনত ধুবুৰীতো প্ৰচাৰ নকৰাৰ কথা কৈছিল যদিও পৰৱৰ্তী সময়ত প্ৰাচাৰ চলাবলৈ গৈছিল হিমন্ত বিশ্ব শৰ্মা ৷’’
সোমবাৰে দুপৰীয়া ৰকিবুল হুছেইনে সংবাদমেলত বিজেপিৰ বিৰুদ্ধে সোঁচ্চাৰ হৈ পৰাৰ পাছতেই বিয়লি আন এক সংবাদমেল আয়োজন কৰি ৰকিবুল হুছেইনক উভতি ধৰে বঢ়মপুৰ সমষ্টিৰ বিজেপি বিধায়ক জিতু গোস্বামীয়ে । চুৰি-ডকাইতি আদি অপৰাধত জড়িত ব্যক্তিক আৰক্ষীয়ে আটক কৰিলে ৰকিবুল হুছেইনে বিজেপিৰ বিৰুদ্ধে অপপ্ৰচাৰ কৰে বুলি সাংসদগৰাকীক কটাক্ষ জিতু গোস্বামীৰ । তেওঁ কয়, ‘‘কংগ্ৰেছৰ কৰ্মীসকল তেনেকুৱাই ।’’
ৰকিবুল হুছেইনে চিন্তিত হৈ নিতৌ নতুন নতুন কথা কৈ ৰাইজক বিপথে পৰিচালিত কৰা বুলিও মন্তব্য কৰে বিধায়ক জিতু গোস্বামীয়ে । ধুবুৰীৰ ৰাইজে অধিক আশাৰে ৰেকৰ্ড সংখ্যক ভোট দি জয়যুক্ত কৰাইছে যদিও ধুবুৰীত শোকাৱহ নাও দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতো খবৰ ল’বলৈ আহৰি নোপোৱা ৰকিবুল হুছেইনে এতিয়া পুত্ৰক ৰাজমুকুট পিন্ধোৱাৰ স্বাৰ্থত চামগুৰিৰ অলিয়ে গলিয়ে ঘূৰি ফুৰিছে বুলিও কটাক্ষ কৰে জিতু গোস্বামীয়ে ।
লগতে পঢ়ক: গো-মাংসক লৈ গৰম চামগুৰিৰ ৰাজনীতি
ৰকিবুল পুত্ৰৰ বিৰুদ্ধে চামগুৰিত ১৩ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন দাখিল

