ETV Bharat / politics

অন্য দলে শাসন কৰিবলৈ সুযোগ বিচাৰি আছে, আমি সেৱা কৰিবলৈ চেষ্টা কৰি আছো : দিলীপ শইকীয়া

’25ৰ পঞ্চায়ত নিৰ্বাচনত বিজেপিয়ে ৩৯৭জিলা পৰিষদৰ ভিতৰত ৩২৩খনত প্ৰতিদ্বন্দ্বিতা কৰিব ৷ দৰং জিলা পৰিষদত বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱাৰ পথত দুগৰাকীকৈ বিজেপি প্ৰাৰ্থী ।

PANCHAYAT ELECTION 2025
’25ৰ পঞ্চায়ত নিৰ্বাচন (@DilipSaikia4Bjp)
author img

By ETV Bharat Assamese Team

Published : April 12, 2025 at 7:44 AM IST

3 Min Read
Choose ETV Bharat

দৰং : ‘‘গ্ৰাম্য অঞ্চলৰ বিকাশ, গ্ৰাম্য অঞ্চলত গণতন্ত্ৰ শক্তিশালী কৰা সৰ্বস্তৰৰ সবৰ্তো বিকাশৰ যি মূল লক্ষ্য সেই লক্ষ্য যাতে আগুৱাই নিব পাৰো তাৰ বাবে বিজেপিক ভোটদান কৰক ।’’ এই আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ ।

শুকুৰবাৰে দৰং জিলাৰ মঙলদৈত পঞ্চায়ত নিৰ্বাচনৰ জিলা পৰিষদৰ প্ৰাৰ্থীৰ মনোনয়ন দাখিল পৰ্বত অংশগ্ৰহণ কৰি সভাপতি তথা দৰং ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ শইকীয়াই কয়, ‘‘কংগ্ৰেছৰ দিনত ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ পৰিৱৰ্তে দুৰ্নীতিৰ বিকেন্দ্ৰীকৰণ হৈছিল । দুৰ্নীতি ভ্ৰষ্টাচাৰে গ্ৰাম্য অঞ্চলত চানি ধৰিছিল । প্ৰধানমন্ত্ৰীৰ আৱাস যোজনা, এনৰেগা আদিত দুৰ্নীতি হৈছিল । গাঁৱৰ দৰিদ্ৰ দুখীয়া শ্ৰেণীৰ লোকে পাপ্যৰ পৰা বঞ্চিত হৈছিল ।’’

’25ৰ পঞ্চায়ত নিৰ্বাচন (ETV Bharat Assam)

‘‘আমি এতিয়া ক্ষমতাৰ প্ৰকৃত বিকেন্দ্ৰীকৰণ কৰি ৰাইজৰ সম বিকাশ কৰি সেৱা কৰিবলৈ আগবাঢ়িছো । বিজেপিয়ে শাসনৰ কাৰণে নহয় সেৱাৰ কাৰণহে কাম কৰে । ইয়াৰ বিপৰীতে কংগ্ৰেছ, ৰাইজৰ দল, এজাপ আদিয়ে ক্ষমতাৰ শাসনৰ কাৰণেহে ৰাজনীতি কৰে ।’’

সভাপতি শইকীয়াই কয়, ‘‘আমাক ক্ষমতা নহয় সেৱাৰ সুবিধাহে লাগে । ৰাইজে নিশ্চয় আমাক সেৱা কৰাৰ সুবিধা প্ৰদান কৰিব । বিগত প্ৰতিটো নিৰ্বাচনত ৰাইজে বিজেপিক ভোটদান কৰি জয়যুক্ত কৰিছে আৰু পঞ্চায়ত নিৰ্বাচনতো ৰাইজে বিজেপিক ভোটদান কৰিবলৈ সাজু হৈছে । মই আশা কৰিম গ্ৰাম্য অঞ্চলৰ ৰাইজে বিজেপিক তথা এনডিএ মিত্ৰদলৰ প্ৰাৰ্থীক বিপুল ভোটতত জয়যুক্ত কৰিব ।’’

শইকীয়াই আৰু কয়, জিলা বিজেপিৰ সভাপতি মুকুণ্ড ডেকাৰ সভাপতিত্বত জিলা বিজেপিৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা এক সভাত সভাপতি শইকীয়াই কয়, ‘‘ক’ৰবাত ৰাইজে বিজেপিক ক’ৰবাত অগপ, ক’ৰবাত গণশক্তি, ক’ৰবাত ৰাভা হাচাং যৌথ সংগ্ৰামী মঞ্চ প্ৰতীকত ভোটদান কৰিব । বিজেপিয়ে ৩৯৭ জিলা পৰিষদৰ ভিতৰত ৩২৩ খনত প্ৰতিদ্বন্দ্বিতা কৰিব । অগপই ৬৭ খনত প্ৰতিদ্বন্দ্বিতা কৰিব । এনডিএ বিপুল ভোটতত এইবাৰো জয়লাভ কৰিব ।’’

উল্লেখ্য যে, শুকুৰবাৰে আয়োজিত উক্ত সভাত অগপৰ জ্যেষ্ঠ নেতা ডঃ জয়নাথ শৰ্মা, প্ৰাক্তন মন্ত্ৰী ৰেখাৰাণী দাস বড়ো, দৰং জিলাৰ পঞ্চায়ত প্ৰভাৰী অনুপ বৰ্মন , জিলা, বিজেপিৰ প্ৰাক্তন সভাপতি অমৰেন্দ্ৰ শৰ্মা , অশোক ভাৰ্গব , প্ৰতাপ বৰদলৈৰ লগতে বহু নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰে ।

আনহাতে, দৰং জিলা পৰিষদত দুগৰাকী বিজেপি প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱাৰ পথত । তেওঁলোক হৈছে ৰঙামাটি জিলা পৰিষদৰ বিজেপি প্ৰাৰ্থী বিতোপন ডেকা আৰু হাজৰিকা পাৰা কুৰুৱা জিলা পৰিষদৰ প্ৰাৰ্থী পৰিস্মিতা নাথ । উক্ত দুয়োটা সমষ্টিতে কংগ্ৰেছে প্ৰাৰ্থী দিয়াৰ কথা আছিল যদিও শেষ মুহূৰ্তত প্ৰাৰ্থিত্ব আগ নবঢ়োৱাত উক্ত দুয়োটা সমষ্টিতে এজনকৈহে প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছে ।

আজি(শনিবাৰ) মনোনয়ন পত্ৰ পৰীক্ষাৰ দিন আৰু উক্ত মনোয়ন পত্ৰ পৰীক্ষা নিৰীক্ষাত বিতোপন ডেকা আৰু পৰিস্মিতা নাথৰ মনোনয়ন বৈধ হ’লেই দুয়োজনে বিনা প্ৰতিদ্বন্দ্বিতাত নিৰ্বাচিত হোৱাতো প্ৰায় নিশ্চিত ।

PANCHAYAT ELECTION 2025
’25ৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থী (ETV Bharat Assam)

ইফালে কালি মঙলদৈ বিধানসভা সমষ্টিৰ অন্তৰ্গত চপাই জিলা পৰিষদৰ বাবে বিজেপিৰ মনোনীত অনিতা ৰাজবংশীয়ে চাৰি সহস্ৰাধিক সমৰ্থক লৈ মনোনয়ন পত্ৰ দাখিল কৰে । সেইদৰে মঙলদৈ চহৰৰ নিকটৱৰ্তী উপহুপাৰা গাঁৱৰ শেৱালি গোস্বামী কলিতাই হাউলী জিলা পৰিষদৰ বাবে মনোনয়ন দাখিল কৰে । তেওঁ তিনি সহস্ৰাধিক সমৰ্থক লগত লৈ দৰং জিলাৰ উপায়ুক্ত কাৰ্যালয়ত মনোনয়ন দাখিল কৰে । আনহাতে মোৱামাৰী জিলা পৰিষদৰ বাবে অগপ দলৰ মণি দাস আৰু কংগ্ৰেছ দলৰ পৰা মুক্তি মণ্ডলেও দাখিল কৰে মনোনয়ন পত্ৰ ।

লগতে পঢ়ক : বিজেপিয়ে পঞ্চায়ত নিৰ্বাচন মুক্ত আৰু নিকা হোৱাটো বিচৰা নাই: কংগ্ৰেছ

লগতে পঢ়ক : হুইল চেয়াৰতে বহি মনোনয়ন দাখিল কৰিলে প্ৰাৰ্থীয়ে