ETV Bharat / politics

তৰুণ গগৈৰ নাতি বিদেশী হোৱাটো অসমীয়াই কল্পনাই কৰিব নোৱাৰে: দিলীপ শইকীয়া - DILIP SAIKIA SLAMS GAURAV GOGOI

নিজে কাঁচৰ ঘৰত থাকি আনৰ ঘৰত শিল দলিয়াব নালাগে বুলি গৌৰৱ গগৈলৈ উপদেশ বাণী দিলীপ শইকীয়াৰ ।

Dilip Saikia slams Gaurav Gogoi
গৌৰৱ গগৈক সমালোচনা দিলীপ শইকীয়াৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 23, 2025 at 10:00 PM IST

3 Min Read

গুৱাহাটী : সোমবাৰে ৰাষ্ট্ৰীয় একতা আৰু অখণ্ডতাৰ হকে সৰ্বোচ্চ বলিদান দিয়া ভাৰত কেশৰী ড০ শ্যামাপ্ৰসাদ মুখাৰ্জীৰ মৃত্যুতিথি । মৃত্যুতিথি উপলক্ষে মহানগৰীৰ বশিষ্ঠস্থিত বিজেপিৰ মুখ্য কাৰ্যালয়ত আয়োজন কৰা হয় ‘বলিদান দিৱস’ । ‘বলিদান দিৱস’ত অংশগ্ৰহণ কৰে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া, ৰাজ্যসভাৰ সাংসদ ৰাকেশ সিনহা, যুৱ মৰ্চাৰ সভাপতি ৰাকেশ দাস প্ৰমুখ্যে কেইবাগৰাকীও নেতাই ।

অনুষ্ঠানত ড০ শ্যামা প্ৰসাদ মুখাৰ্জীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰা হয় । লগতে এই অনুষ্ঠানতে গুৱাহাটী মহানগৰ জিলা যুৱ মৰ্চাৰ উদ্যোগত অনুষ্ঠিত হয় এক 'যোগদান কাৰ্যসূচী' । এই কাৰ্যসূচীত ২৫০ ৰো অধিক বিভিন্ন ক্ষেত্ৰৰ লোকে বিজেপিত যোগদান কৰে । তেওঁলোকৰ ভিতৰত আছে জ্যোতিষী, বাস্তুশাস্ত্ৰবিদ, ৰেইকীবিদ, সংখ্যাতত্ত্ববিদ, শৰীৰচৰ্চাবিদ, চাইক্লিষ্ট, এন এছ ইউ আইৰ সদস্য ।

গৌৰৱ গগৈক সমালোচনা দিলীপ শইকীয়াৰ (ETV Bharat Assam)

অনুষ্ঠানত ভাষণ প্ৰদান কৰি দিলীপ শইকীয়াই শ্যামা প্ৰসাদ মুখাৰ্জীৰ ত্যাগক স্মৰণ কৰে । তেওঁ কয়, "শ্যামা প্ৰসাদ মুখাৰ্জীৰ বাবেই দেশত সম্ভৱ হ’ল এক দেশ, এক বিধান, এক নিচান, এক প্ৰধান । জম্মু-কাশ্মীৰৰ পৰা ৩৭০ ধাৰা বাতিল কৰিবলৈ প্ৰতিবাদ কৰিয়েই জে’ললৈ গৈছিল শ্যামা প্ৰসাদ মুখাৰ্জী । ১৯৫৩ৰ ২৩ জুনত জে’লত মৃত্যু হৈছিল শ্যামা প্ৰসাদ মুখাৰ্জীৰ । আমি জনসংঘৰ সংকল্প পূৰণ কৰাত সফল হ’লোঁ ।"

আনহাতে, গৌৰৱ গগৈৰ যুঁজ এখন হ'ব সম্পৰ্কত মন্তব্য আগবঢ়াই কয় "এটা সময়ত PCO খোলাৰ দৰে গৌৰৱ গগৈয়ে যুঁজ এখন হ'ব বুলি কৈ আছে । গৌৰৱ গগৈ ভাটৌৰ দৰে । যুঁজ এখন হ'ব বুলি ভাটৌৰ দৰে আওৰাইছে গৌৰৱ গগৈয়ে ।"

ইফালে গৌৰৱ গগৈৰ পত্নী-সন্তান বিদেশী সন্দৰ্ভত পুনৰ এবাৰ সৰৱ হয় ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকী । তেওঁ গৌৰৱ গগৈক কটাক্ষ কৰি কয়, "... গৌৰৱ গগৈ ডাঙৰীয়াই নিজৰ ঘৰত যুঁজ কৰিব নে বাহিৰত যুঁজ কৰিব । আৰ এছ এছৰ মানুহক ৰেজিষ্ট্ৰেচন কৰিব লাগে বুলি কৈছে, তেওঁৰ পত্নী, ল'ৰা-ছোৱালী সোমালে ৰেজিষ্ট্ৰেচন কৰাব নে নকৰে । নিজে কাঁচৰ ঘৰত থাকি আনৰ ঘৰলৈ শিলগুটি মাৰিব নাপায় । তেওঁৰ ঘৰৰ তিনিজন পৰিয়াল, দুজন নিষ্পাপ শিশুক ভাৰতীয় কৰক । তৰুণ গগৈৰ নাতি বিদেশী হ'ব অসমীয়াই সেইটো কল্পনা কৰিব নোৱাৰে ।"

ইফালে BTR নিৰ্বাচনক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয়, "আমি ৩৮ টা সমষ্টিত তত্ত্বাৱধায়ক নিয়োগ কৰিছোঁ । তেওঁলোকে জুলাইত বিভিন্ন দল-সংগঠনৰ লগত কথা পাতিব । বিভিন্ন সমস্যাৰ বুজ ল'ব । তাৰ পিছত আগষ্টত সিদ্ধান্ত গ্ৰহণ কৰিম, কিমান সমষ্টিত খেলিম । লগতে আমি হাগ্ৰামা মহিলাৰী আৰু প্ৰমোদ বড়োৱে খেলা সমষ্টি দুটাত প্ৰাৰ্থিত্ব আগবঢ়োৱা নহ'ব বুলি এক সিদ্ধান্ত লোৱা হৈছে ।"

ইফালে City Center-ত গো-মাংস সন্দৰ্ভত কয়, "গো-মাংসৰ বিষয়ত জড়িত সনাতনীক বিচাৰি উলিয়াব লাগে ।"

লগতে মৰ্চা গঠন সন্দৰ্ভত প্ৰতিক্ৰিয়াত কয় যে এই সপ্তাহৰ ভিতৰত মৰ্চা গঠন কৰা হ'ব । ইতিমধ্যে নামসমূহ প্ৰেৰণ কৰা হৈছে । দুই-এক সালসলনি কৰাৰ বাবে কিছু পলম হৈছে । মৰ্চাত এইবাৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ সমাহাৰ ঘটিব । ৰাজ্যিক কমিটীৰ নিচিনাকৈয়ে মৰ্চা গঠন হ'ব ।

লগতে পঢ়ক :মাটিয়েই হ’ব মূল ইছ্যু: কোকৰাঝাৰত গৌৰৱ গগৈৰ হুংকাৰ - GAURAV GOGOI IN BTR
লগতে পঢ়ক :ইউপিপিএলে আসন পাবনে নাই মোৰ সন্দেহ আছে : হাগ্ৰামা মহিলাৰী - BTC ELECTION 2025

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.