ETV Bharat / politics

গো-মাংসক লৈ গৰম চামগুৰিৰ ৰাজনীতি

বিজেপিৰ বিৰুদ্ধে গো-মাংসৰে ভোজ-ভাত খোৱাৰ অভিযোগ ৰকিবুল হুছেইনৰ ৷ ৰকিবুলৰ বিৰুদ্ধে নিৰ্বাচন আয়োগক অভিযোগ বিজেপিৰ ।

ASSAM BYE ELECTIONS 2024
গো-মাংসক লৈ গৰম চামগুৰি ৰাজনীতি (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : October 26, 2024 at 10:12 PM IST

2 Min Read
Choose ETV Bharat

নগাঁও: উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি নগাঁৱৰ চামগুৰি বিধানসভা সমষ্টিত সৃষ্টি হোৱা হিংসাত্মক ঘটনাই সমষ্টিটোৰ ৰাজনৈতিক পৰিবেশ উত্তাল কৰি তোলাৰ সময়ত গো-মাংসৰে ভোজ-ভাত খোৱাৰ প্ৰসংগই চৰ্চা লাভ কৰিছে চামগুৰিৰ ৰাজনীতিত ।

শুকুৰবাৰে সংবাদ মাধ্যমক সম্বোধন কৰি বিজেপিৰ বিৰুদ্ধে চামগুৰি সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী তাঞ্জিল হুছেইনৰ পিতৃ তথা সাংসদ ৰকিবুল হুছেইনে এক বিস্ফোৰক অভিযোগ উত্থাপন কৰাৰ পাছতেই ৰকিবুল হুছেইনৰ বিৰুদ্ধে নিৰ্বাচন আয়োগৰ কাষ চাপে চামগুৰি সমষ্টিৰ নিৰ্বাচনৰ দলীয় দায়িত্বত থকা বিজেপি বিধায়ক জিতু গোস্বামী ৷

গো-মাংসক লৈ গৰম চামগুৰি ৰাজনীতি (ETV Bharat Assam)

সংবাদ মাধ্যমৰ সন্মুখত বিজেপিৰ একাংশ নেতাই গাঁৱত গো-মাংসৰে ভোজ-ভাত কৰি ভোটাৰক খুৱাই থকাৰ অভিযোগ কৰে ৰকিবুল হুছেইনে । ৰকিবুল হুছেইনৰ এই বিস্ফোৰক মন্তব্যক লৈ অভিযোগ দিবলৈ বিজেপিক আহ্বান জনাই ৰকিবুল হুছেইন মন্তব্য, "২৩ অক্টোবৰ বিয়লি চাৰি বজাত চামগুৰি সমষ্টিৰ অন্তৰ্গত শালপাৰা পঞ্চায়তৰ তেৰ মাইলত এগৰাকী বিজেপি নেতাৰ বাসগৃহত গো-মাংসৰ ভোজ-ভাতৰ আয়োজন কৰে ।" ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘক এই বিষয়ে তদন্ত কৰিবলৈ আহ্বান জনাই ৰকিবুল হুছেইনে । তেওঁৰ অভিযোগ মিছা প্ৰমাণিত হ’লে সাংসদ পদেই নহয়, ৰাজহুৱা জীৱন ত্যাগ কৰাৰ কথাও ঘোষণা কৰে ৰকিবুল হুছেইনে ।

ইপিনে, বিজেপিৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উত্থাপন কৰা সাংসদ ৰকিবুল হুছেইনৰ বিৰুদ্ধে নিৰ্বাচন আয়োগৰ কাষ চাপিছে ভাৰতীয় জনতা পাৰ্টী । ৰকিবুল হুছেইনৰ বিৰুদ্ধে সাম্প্ৰদায়িক মন্তব্য প্ৰদানৰ অভিযোগ উত্থাপন কৰে বিজেপিৰ বিধায়ক জিতু গোস্বামীয়ে । গো মাংসৰে ভোজ-ভাত খুৱাই বিজেপিয়ে নিৰ্বাচনী প্ৰচাৰ চলোৱা বুলি নিৰ্বাচনী আদৰ্শ বিধি বলবৎ হৈ থকাৰ সময়ত ৰকিবুল হুছেইনে কৰা মন্তব্য গ্ৰহণযোগ্য নহয় বুলি মন্তব্য কৰে গোস্বামীয়ে । ৰকিবুল হুছেইনে এনে মন্তব্যৰে এটা ধৰ্মীয় আৱেগ-অনুভূতিত আঘাত কৰা বুলি অভিযোগ উত্থাপন কৰি নগাঁও জিলা নিৰ্বাচনী বিষয়াক লিখিত অভিযোগ প্ৰদান কৰাৰ কথাও উল্লেখ কৰে বিধায়ক গোস্বামীয়ে ।

দিল্লীত নিৰ্বাচন আয়োগকো এই সন্দৰ্ভত অভিযোগ প্ৰদান কৰিব বুলিও উল্লেখ কৰে বিধায়ক জিতু গোস্বামীয়ে । আনকি ৰকিবুল হুছেইনৰ বিৰুদ্ধে সাম্প্ৰদায়িক মন্তব্যৰে বিভাজনৰ চেষ্টা চলোৱাৰো অভিযোগ উত্থাপন কৰে বিজেপি বিধায়কগৰাকীয়ে । চামগুৰিৰ উপ-নিৰ্বাচনত এইবাৰ গো-মাংসক লৈ বাকযুদ্ধ তুংগত উঠিছে বিধায়ক জিতু গোস্বামী আৰু সাংসদ ৰকিবুল হুছেইনৰ মাজত ।

লগতে পঢ়ক: তেজ ভালপোৱা মানুহে তেজৰ গোন্ধ বিচাৰি কৰে এনে অমানৱীয় ঘটনা: ৰকিবুল হুছেইন - Rokibul Hussain on Sonapur eviction