ETV Bharat / politics

বিধানসভাত ৰূপজ্যোতিয়ে চলোৱা তাণ্ডৱৰ ভিডিঅ’ ৰাজহুৱা কৰিবলৈ আহ্বান কংগ্ৰেছৰ - BJP MLA RUPJYOTIS ATTACK ATTEMPT

ৰূপজ্যোতিকাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদ কংগ্ৰেছ বিধায়িনী দলৰ ৷ বিধানসভাৰ ভিতৰৰ অসম্পাদিত দৃশ্য ৰাজহুৱা কৰাৰ দাবী ৷

BJP MLA RUPJYOTIS ATTACK ATTEMPT
দেৱব্ৰত শইকীয়া (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : March 24, 2025 at 10:29 PM IST

3 Min Read

গুৱাহাটী: ৰূপজ্যোতি কুৰ্মীকাণ্ডৰ বিধানসভাৰ ভিতৰৰ অসম্পাদিত দৃশ্য ৰাজহুৱাভাৱে প্ৰদৰ্শনৰ দাবী কংগ্ৰেছ বিধায়িনী দলৰ । কংগ্ৰেছ বিধায়িনী দলৰ হৈ বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীক এই দাবী জনালে বিৰোধী দলপতি তথা জ্যেষ্ঠ কংগ্ৰেছী নেতা দেৱব্ৰত শইকীয়াই ।

বিধানসভাৰ অধ্যক্ষলৈ এই প্ৰসংগত এক পত্ৰ প্ৰেৰণ কৰিছে শইকীয়াই । এই পত্ৰত বিধানসভাৰ ভিতৰত থকা চি চি কেমেৰাৰ যোগেদি ২১ মাৰ্চ, শুকুৰবাৰৰ দিনা ৰূপজ্যোতি কুৰ্মীয়ে ঘটোৱা কাণ্ড আৱদ্ধ হোৱা ভিডিঅ’ সম্পাদিত নকৰাকৈ সকলোৰে সম্মুখত প্ৰদৰ্শনৰ ব্যৱস্থা কৰাৰ দাবী জনাইছে দেৱব্ৰত শইকীয়াই ৷

দেওবাৰে বিধানসভাৰ অধ্যক্ষলৈ প্ৰেৰণ কৰা পত্ৰখনত দেৱব্ৰত শইকীয়াই এনেদৰে লিখিছে, “যোৱা ইংৰাজী ২১ মার্চ, ২০২৫ তাৰিখে অসম বিধানসভাত হোৱা অবাঞ্চিত পৰিস্থিতিৰ বিষয়ে আমি সকলোৱে অৱগত । উক্ত দিনাখন আমাৰ বিধানসভাৰ এজন সন্মানীয় সদস্যই অন্য কেইজনমান বিৰোধী পক্ষৰ সদস্যক আক্ৰমণ কৰিবলৈ নিজৰ আসনৰ পৰা খেদি অহা দৃশ্য আমি বিধানসভাৰ ভিতৰত বহি থকা সকলোৱে প্রত্যক্ষ কৰিছো । কিন্তু সেই সময়ত বিধানসভাত থকা বহুকেইটা কেমেৰাৰ ভিতৰৰ কোনো এটা কেমেৰাই বিৰোধী আসনৰ ওচৰত হোৱা বিশৃংখল পৰিস্থিতি ভাল ধৰণেৰে কেমেৰাত লিপিবদ্ধ কৰা দেখা নগ'ল” ৷

সেয়ে এই ভিডিঅ’ সকলোৰে ওচৰত উপলব্ধ হোৱাকৈ ব্যৱস্থা ল’বলৈ অধ্যক্ষ দৈমাৰীক আহ্বান দেৱব্ৰত শইকীয়াৰ, "বিধানসভাৰ কাৰ্যক্ৰমণিকাসমূহ আমাৰ সকলোৰে দায়বদ্ধতা আৰু নিৰাপত্তাৰ স্বাৰ্থত শুদ্ধভাৱে ৰেকর্ডিং কৰাৰ উপৰিও সকলোৰে দৃশ্যমান হোৱাকৈ উপলব্ধ কৰিবলৈ আপোনাৰ ওচৰত এই পত্ৰযোগে দাবী জনালো” ৷

মন কৰিবলগীয়া, অসম বিধানসভাৰ অধিৱেশনত বিধানসভাৰ ভিতৰৰ তৰ্ক-বিতৰ্ক আদি সবিশেষ বিধানসভা কৰ্তৃপক্ষই ৰাজহুৱা ব্যৱস্থাত এৰি দিয়া ভিডিঅ’ত সম্প্ৰতি দেখা পোৱা নাযায় । ফলত বিতৰ্ক হ’লে কোনে কোনে তাত অংশগ্ৰহণ কৰিছে দেখা পোৱা নাযায় । সেয়ে বিধানসভা চলি থকা সময়ত বিতৰ্কৰ দৃশ্যসমূহ কেমেৰাত আবদ্ধ কৰি সকলোৰে বাবে উপলব্ধ কৰিবলৈ আহ্বান জনালে দেৱব্ৰত শইকীয়াই ।

অধ্যক্ষ দৈমাৰীৰ প্ৰতি দেৱব্ৰত শইকীয়াৰ আহ্বান, “বিধানসভাত যেতিয়া বিৰোধী পক্ষৰ ফালৰ পৰা যিকোনো বক্তব্য ৰখা হয়, অথবা সদনত যেতিয়া বিভিন্ন বিতর্ক হৈ থাকে, সেই বিতৰ্কৰ দৃশ্যসমূহো কেমেৰাত আবদ্ধ নহয় । গতিকে, নিৰপেক্ষভাৱে বিধানসভাৰ সকলো কাৰ্যক্রমণিকা অসম্পাদিত ৰূপত সকলোৰে দৃশ্যমান হোৱাকৈ জ্ঞাত কৰিবলৈ আপোনাক কংগ্রেছ বিধায়িনী দলৰ হৈ দাবী জনালো” ৷

আনহাতে, বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে দেওবাৰে সংবাদ মাধ্যমৰ আগত বিৰোধীয়ে তেওঁৰ কথাৰ মাজত মাত মাতিলে ইয়াতকৈও অধিক ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে বুলি মন্তব্য কৰিছিল ৷ এই প্ৰসংগতো বিৰোধীৰ সুৰক্ষা নিশ্চিত কৰিবলৈ অধ্যক্ষৰ ওচৰত আহ্বান জনায় বিৰোধী দলপতিগৰাকীয়ে ।

বিধানসভাৰ অধ্যক্ষলৈ লিখা দেৱব্ৰত শইকীয়াই পত্ৰত এনেদৰে উল্লেখ কৰে, ‘‘শনিবাৰে ৰাতিপুৱা বিধায়ক আৱাসৰ বাসগৃহৰ পৰা বিধায়ক শ্ৰীৰূপজ্যোতি কুর্মী ডাঙৰীয়াই বিৰোধী বিধায়কসকল যোৱা কালিতকৈ আৰু দহ গুণ অধিক তীব্র প্রতিবাদ-ব্যৱস্থাৰ সম্মুখীন হ'বলগীয়া হ'ব পাৰে বুলি ভাবুকি প্ৰদৰ্শন কৰা বিভিন্ন প’ৰ্টেল, চেনেলযোগে প্ৰচাৰিত বাতৰি আমাৰ দৃষ্টিগোচৰ হৈছে । সেয়েহে ওপৰত দিয়া দুয়োটা পৰামৰ্শ গভীৰভাৱে পর্যালোচনা কৰি গ্রহণ কৰিবলৈ আৰু বিধানসভাৰ সকলো সন্মানীয় সদস্যৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ আপোনাক এই পত্রযোগে অনুৰোধ জনালো” ৷

অসম বিধানসভাৰ অধ্যক্ষই কংগ্ৰেছ বিধায়িনী দলৰ এই পত্ৰক কিমান গুৰুত্ব সহকাৰে লয়, সেয়া হ’ব মন কৰিবলগীয়া ৷ ৰূপজ্যোতি কুৰ্মী কাণ্ডৰ সবিশেষ ভিডিঅ’ ৰাজহুৱা কৰিবনে নকৰে বিধানসভা কৰ্তৃপক্ষই, সেয়া নিৰ্ভৰ কৰিব বিধানসভাৰ অধ্যক্ষৰ ভূমিকাৰ ওপৰতো ।

লগতে পঢ়ক: ৰূপজ্যোতিকাণ্ডৰ বিৰোধিতাৰে জেওৰা-জপনা লৈ সদনলৈ আহিল বিৰোধী - OPPOSITION PROTEST AGAINST BJP MLA

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.