ETV Bharat / politics

বিজেপিৰ প্ৰতাৰণা-দুৰ্নীতি হ'ব পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছৰ ইছ্যু : দেৱব্ৰত শইকীয়া - PANCHAYAT ELECTIONS 2025

নলবাৰীত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ সংবাদমেল । পঞ্চায়ত নিৰ্বাচনত বিজেপিয়ে কৰা প্ৰতৰণা, দুৰ্নীতিক লৈ ৰাইজৰ কাষ চাপিব কংগ্ৰেছ । চৰকাৰক তীব্ৰ সমালোচনা ।

opposition leader Debabrat Saikia
পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত বিৰোধী দলপতি দেৱব্ৰত শইকীয়া (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 7, 2025 at 6:46 PM IST

5 Min Read

নলবাৰী : "অসমৰ যুৱক-যুৱতীক অসমত নিয়োগ কৰিবলৈ চৰকাৰৰ হাতত কোনো পুঁজি নাই । নাই কোনো পদক্ষেপো । চৰকাৰে কেৱল বহিঃৰাজ্যত মৃত্যু হোৱা লোকৰ মৃতদেহ অনাৰহে দায়িত্ব লয় ।" নলবাৰীত সংবাদমেলত এনেদৰে চৰকাৰক তীক্ষ্ণ সমালোচনা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ । লগতে আৰু কেতবোৰ প্ৰসংগত চৰকাৰক সমালোচনা কংগ্ৰেছ নেতাগৰাকীৰ ।

নগৰ-চহৰ উন্নয়নত ব্যাপক কেলেংকাৰীৰ অভিযোগ

দেৱব্ৰত শইকীয়াৰ অভিযোগ, "অসম চৰকাৰে ভাৰত চৰকাৰৰ পৰা পুঁজি সংগ্ৰহ কৰি অসমৰ চহৰ-নগৰসমূহৰ উন্নয়ন কৰিম বুলি কৈছিল । যি পুঁজি ইতিমধ্যে ভাৰত চৰকাৰৰ পৰা অসম চৰকাৰে সংগ্ৰহ কৰিছে ।"

পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত বিৰোধী দলপতি দেৱব্ৰত শইকীয়া (ETV Bharat Assam)

নলবাৰীৰ প্ৰসংগ উল্লেখ কৰি দেৱব্ৰত শইকীয়াই কয়, "নলবাৰীতো চহৰখন উন্নয়নৰ বাবে ১০৬ কৌটি টকা ধাৰ্য কৰা হৈছিল । যিটোৰ নিবিদা ২০২৩ চনতেই সম্পূৰ্ণ কৰিব লাগিছিল চৰকাৰে । কিন্তু বৰ্তমান ২০২৫ চনতো আধা শতাংশ কামো সম্পূৰ্ণ হোৱা নাই ।"

তেওঁ কয়, "নলবাৰী চহৰৰ উন্নয়নত ৰাস্তা-ঘাট বহলীকৰণ, নলা নিৰ্মাণৰ কাম-কাজত যথেষ্ট বিসংগতি হৈছে । অতি নিম্নমানৰ কাম কৰা হৈছে ।"

আনহাতে, এই সকলোবোৰ অনিয়মৰ বাবে মুখ্যমন্ত্ৰীক জগৰীয়া কৰে বিৰোধী দলপতিগৰাকীয়ে । ইফালে নিজৰ বিভাগত হোৱা হেতুকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কোনে জবাবদিহি কৰিব তাক লৈও প্ৰশ্ন উত্থাপন কৰে দেৱব্ৰত শইকীয়াই ।

তেওঁ লগতে গড়কাপ্তানী বিভাগৰ ওপৰতো আন এক বিষ্ফোৰক অভিযোগ উত্থাপন কৰে । অসমত গড়কপ্তানী বিভাগত ৬০ বছৰৰ ঊৰ্ধ্বৰ কৰ্মচাৰীক সৰ্বাধিক নিযুক্তি দি থোৱা বুলি বিষ্ফোৰক অভিযোগ দেৱব্ৰত শইকীয়াৰ । তেওঁলোকক বিভাগটোৰ সকলো কাম কৰিবলৈ দিয়াৰ লগতে ৭০ বছৰৰ পিছতো অসম চৰকাৰে গড়কাপ্তানী বিভাগত নিযুক্তি দি থৈ অসমত নিবনুৱা সমস্যাৰ বৃদ্ধি কৰি থৈছে বুলিও বিষ্ফোৰক অভিযোগ নেতাগৰাকীৰ ।

শ্বহীদ মুকুন্দ কাকতি হাস্পতালত ঘোষণা অনুযায়ী পৰ্যাপ্ত সুবিধা হৈ উঠা নাই

দেৱব্ৰত শইকীয়াৰ অভিযোগ, "শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়খন বিলুপ্ত কৰি নতুনকৈ শ্বহীদ মুকুন্দ কাকতি হাস্পতাল ঘোষণাৰ পিছতো আজিলৈ পৰ্যাপ্ত সুবিধা নাই । শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয় সুৰক্ষা সমিতিয়ে ধাৰাবাহিক প্ৰতিবাদ কৰাৰ পিছত কেইদিনমান পূৰ্বে পুনৰ হাস্পতালখনত আসনৰ লগতে সকলো সুবিধাৰ আশ্বাস প্ৰদান কৰিছিল মন্ত্ৰী তথা স্থানীয় বিধায়ক জয়ন্ত মল্লবৰুৱাই । তৎসত্ত্বেও কেৱল চিকিৎসকৰ বাহিৰে বাকী আন আন সুবিধাসমীহ আজিও হৈ উঠা নাই ।"

২০২৫-২৬ বাজেটখন নিৰ্বাচনী বাজেট

দেৱব্ৰত শইকীয়াই কয়, "অসম বিধানসভাৰ অধিবেশনত কংগ্ৰেছে সহযোগ কৰিম বুলি কৈছিল । নতুনকৈ অৰুণোদয় আঁচনিত অন্তৰ্ভুক্তিৰ বাবে বিৰোধীয়েও অসমৰ প্ৰতিটো সমষ্টিত নাম বাছনিত সহায়-সহযোগ কৰাৰ আশ্বাস প্ৰদান কৰিছিল । কিন্তু চৰকাৰে তাত গুৰুত্ব নিদিলে । অসমৰ প্ৰতিটো সমষ্টিত দৰিদ্ৰ লোকক প্ৰৱঞ্চনা কৰি, শাৰীৰিকভাৱে বাধাগ্ৰস্ত লোকক প্ৰৱঞ্চনা কৰি কেৱল বিজেপিক ভোটদান কৰাসকলকহে আঁচনিত অন্তৰ্ভুক্ত কৰিছে ।"

যাৰ বাবে এই বাজেটখনক বিৰোধীয়ে নিৰ্বাচনমুখী বাজেট আৰু টোপমুখী বাজেট বুলি অভিহিত কৰা বুলি সংবাদমেলত সদৰী কৰে দেৱব্ৰত শইকীয়াই । বিজেপিয়ে কেৱল নিজৰ শাসনকাল বৃদ্ধিৰ বাবেহে আঁচনিসমূহ বিতৰণৰো অভিযোগ নেতাগৰাকীৰ ।

পঞ্চায়ত নিৰ্বাচনৰ বাবে সাজু কংগ্ৰেছ

আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতি আৰু দলৰ সাংগঠনিক স্থিতিৰ পৰ্যালোচনা কৰাৰ বাবে দেওবাৰে নলবাৰীত উপস্থিত হয় অসম বিধানসভাৰ বিৰোধী দলপতি তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়া । এই উপলক্ষে নলবাৰী ৰাজীৱ ভৱনত আয়োজন কৰা সংবাদমেলত আগন্তুক পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত কংগ্ৰেছ দলৰ স্থিতি ব্যাখ্যা কৰে ।

অসম প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীয়ে কয়, "আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে কংগ্ৰেছ দল সম্পূৰ্ণৰূপে সাজু আৰু দলে ইতিমধ্যে পূৰ্ণ প্ৰস্তুতিৰে দলীয় কাম-কাজ আৰম্ভ কৰিছে । পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছে ভাল ফল প্ৰদৰ্শন কৰিব । এই ক্ষেত্ৰত বৰ্তমান ৰাজ্যখনৰ শাসনৰ দায়িত্বত থকা বিজেপি মিত্ৰজোঁট চৰকাৰখনৰ জনবিৰোধী নীতি, পৰ্বতসম দুৰ্নীতি, নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত প্ৰদৰ্শন কৰা ব্যৰ্থতা আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ স্ববিৰোধী প্ৰতিশ্ৰুতি আৰু কাম-কাজেই কংগ্ৰেছৰ নিৰ্বাচনী ইছ্যু হ'ব ।"

চৰকাৰক সমালোচনা কৰি বিৰোধী দলপতিগৰাকীয়ে কয়, "বৰ্তমান চৰকাৰখন বিজ্ঞাপনৰ জৰিয়তে চলি থকা এখন চৰকাৰ । এই চৰকাৰৰ শাসনত অসমৰ কোনো ধৰণৰ উন্নয়ন হোৱা নাই । বৰ্তমান জলজীৱনৰ পাইপত পানী নোলায়, অসমীয়া ঠিকাদাৰে কাম কৰি সময়মতে প্ৰাপ্য বিল নাপায়, নিৱনুৱাই কৰ্মসংস্থাপন নাপায়, মূল্যবৃদ্ধিয়ে জনজীৱন কোঙা কৰে, জনজাতীয় লোকসকল সুৰক্ষিত নহয় । আগন্তুক পঞ্চায়ত নিৰ্বাচনত অসমৰ ৰাইজে এইবিলাক বিষয় বিবেচনা কৰি উচিত সিদ্ধান্ত গ্ৰহণ কৰিব বুলি মই আশাবাদী ।"

আনহাতে, এই সকলোবোৰ বিভাগত উত্থাপিত ব্যাপক অনিয়ম, অভিযোগ, কেলেংকাৰীসমূহ ৰাইজৰ কাষলৈ নি আগন্তুক পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছ দলে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বুলিও সদৰী কৰে বিৰোধী দলপতিগৰাকীয়ে ।

সংবাদমেলত অসম প্ৰদেশ কংগ্ৰেছৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা, নলবাৰী জিলা কংগ্ৰেছৰ সভাপতি ৰাতুল পাটোৱাৰী প্ৰমুখ্যে বিভিন্নজনে তেওঁক সংগ দিয়ে ।

লগতে পঢ়ক :ভূপেন বৰা-মীৰা বৰঠাকুৰৰ ভাইৰেল কল ৰেকৰ্ডিং; হাতীগাঁও থানাত এজাহাৰ দাখিল প্ৰদেশ কংগ্ৰেছৰ - APCC VIRAL CALL RECORDING
লগতে পঢ়ক :হিমন্ত বিশ্ব শৰ্মাৰ অতপালি ৰোধ কৰিবলৈ বিৰোধী ঐক্যমঞ্চই একেলগে নিৰ্বাচন খেলিব লাগিব : অখিল গগৈ - PANCHAYAT ELECTIONS 2025

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.