গুৱাহাটী : অসম বিধানসভাৰ মজিয়াত উপাধ্যক্ষক আক্রমণ কৰাৰ অভিযোগত কংগ্ৰেছ বিধায়ক নুৰুল হুদাৰ বিৰুদ্ধে এজাহাৰ দাখিল । সোমবাৰে দিছপুৰ থানাত এজাহাৰ দাখিল কৰে বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিনে ।
এজাহাৰ দাখিলৰ সময়ত উপাধ্যক্ষগৰাকীক সংগ দিয়ে দিগন্ত কলিতা, মানৱ ডেকাকে ধৰি শাসকীয় দলৰ কেইবাগৰাকীও বিধায়কে । আনহাতে, এজাহাৰ দাখিল কৰি সংবাদ মাধ্যমৰ আগত ডাঃ নোমল মমিনে কয়, "আজি বিধানসভাৰ কক্ষত প্ৰৱেশ কৰাৰ সময়তে কংগ্ৰেছ বিধায়ক নুৰুল হুদাই আক্ৰমণাত্মকভাৱে বাধা প্ৰদান কৰিছিল । যাৰ বাবে মই হাতত আঘাতপ্ৰাপ্ত হওঁ । এয়া দুৰ্ভাগ্যজনক কথা । পবিত্ৰ সদনৰ মজিয়াৰ পৰা অধ্যক্ষ-উপাধ্যক্ষক হাইজেক কৰিব বিচাৰিছিল ।"
তেওঁ লগতে কয়, "পবিত্ৰ বিধানসভাৰ প্ৰতি বিশ্বাস নাই কংগ্ৰেছৰ । এয়া ৰাজনীতিৰ বাবে অশুভ লক্ষণ । সেয়েহে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ প্ৰতি অনুৰোধ জনাওঁ, অসমৰ কংগ্ৰেছ নেতা-বিধায়কক নিয়ন্ত্ৰণ কৰক ।"
ইফালে তদন্ত প্ৰক্ৰিয়া আৰু চিচিটিভি ফুটেজ সন্দৰ্ভত বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিনে কয়, "বিধানসভাৰ অধ্যক্ষক বিভাগীয় তদন্তৰ বাবে অনুৰোধ জনাইছো । বিধানসভাই নিৰাপত্তাজনিত কাৰণত চিচিটিভি ভিডিঅ' ৰাজহুৱা নকৰে । আৰক্ষীয়ে সংগ্ৰহ কৰিব ।"
উল্লেখ্য যে, অসম বিধানসভাৰ চলিত বাজেট অধিৱেশনৰ সময়ত সোমবাৰে সদনৰ দুৱাৰমুখত কংগ্ৰেছ বিধায়ক নুৰুল হুদাই উপাধ্যক্ষ ডাঃ নোমল মমিনক আক্ৰমণ কৰি আহত কৰাৰ অভিযোগ উত্থাপন হয় । এই অভিযোগত বিধানসভাত সভাস্থগিতৰ প্ৰস্তাৱ আনি সদন উত্তাল কৰে শাসকীয় বিজেপিয়ে । আনহাতে, বিধায়ক নুৰুল হুদা তথা কংগ্ৰেছৰ তৰফৰ পৰা এই অভিযোগ খণ্ডন কৰা হৈছে ।
কংগ্ৰেছ বিধায়ক নুৰুল হুদাৰ বিৰুদ্ধে বিধানসভাৰ উপাধ্যক্ষক আক্ৰমণৰ অভিযোগ তুলি হুদাক সদনৰ পৰা বহিষ্কাৰৰ দাবীৰে সদন উত্তাল কৰে শাসকীয় বিজেপি আৰু মিত্ৰজোঁটৰ বিধায়কে । আনহাতে, সোমবাৰে বিধানসভালৈ হাতত বেণ্ডেজ মাৰি অহা দেখা যায় উপাধ্যক্ষ ডাঃ নোমল মমিনক ।
তাৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে বিধানসভাৰ মজিয়াত অভিযুক্ত কংগ্ৰেছ বিধায়ক নুৰুল হুদাৰ বিৰুদ্ধে উপাধ্যক্ষক আক্ৰমণৰ অভিযোগ তোলে ৷ লগতে কয় নুৰুল হুদাৰ বিৰুদ্ধে পৰৱৰ্তী সময়ত গোচৰ ৰুজু কৰাৰ কথা । সদনৰ প্ৰশ্নোত্তৰ কাৰ্যাৱলীৰ মাজতেই বিধানসভাৰ মজিয়াত মুখ্যমন্ত্ৰীয়ে প্ৰসংগক্ৰমে কংগ্ৰেছ বিধায়ক নুৰুল হুদাই উপাধ্যক্ষ ডাঃ নোমল মমিনক আক্ৰমণ কৰি আহত কৰাৰ অভিযোগ তোলে ।