ETV Bharat / politics

গৌৰৱ গগৈ নাম শুনিয়েই খঙত টিঙিৰিতুলা হ’ল অজিত ভূঞা

সামূহিক সিদ্ধান্ত পৰা কংগ্ৰেছে ফালৰি কাটি যোৱাক লৈ ক্ষোভ অব্যাহত আছে বিৰোধী ঐক্যমঞ্চৰ ৷ বিহালীত ঐক্যমঞ্চৰ প্ৰাৰ্থীৰ প্ৰচাৰ চলাই পুনৰ দলটোক সমালোচনা অজিত ভূঞাৰ ৷

Assam Bye Election 2024
বিহালীত অসম সন্মিলিত ঐক্যমঞ্চৰ নিৰ্বাচনী প্ৰচাৰ (Etv Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : November 4, 2024 at 5:43 PM IST

2 Min Read
Choose ETV Bharat

বিশ্বনাথ: "গৌৰৱ গগৈ কোন ? যোৰহাটত গৌৰৱ গগৈ নিজৰ বলত জয়ী হোৱা নাছিল । জয়ী হৈছিল কেৱল মাত্ৰ বিৰোধী ঐক্যমঞ্চৰ সহায়ত হে ।" কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈক কঠোৰ ভাষাৰে সমালোচনা কৰি আজি বিহালীত এই মন্তব্য কৰে অসম সন্মিলিত ঐক্যমঞ্চৰ সভাপতি অজিত কুমাৰ ভূঞাই ৷ অহা ১৩ নৱেম্বৰত ৰাজ্যত ৫ টাকৈ সমষ্টিত অনুষ্ঠিত হ'বলগীয়া উপ-নিৰ্বাচনৰ প্ৰচাৰ অভিযান তীব্ৰ কৰি তুলিছে বিৰোধী আৰু শাসকীয় দলসমূহে । ইফালে ১ লাখ ৩২ হাজাৰ ভোটাৰে ভৰি থকা ৭৭ নং বিহালী বিধানসভা সমষ্টিৰ পৰা ৪ জনকৈ প্ৰাৰ্থীয়ে প্ৰতিনিধিত্ব কৰিছে এইবাৰ উপ-নিৰ্বাচনত ।

বিৰোধী কংগ্ৰেছ দলৰ জয়ন্ত বৰা, বিজেপিৰ পৰা দিগন্ত ঘাটোৱাল, অসম সন্মিলিত ঐক্যমঞ্চ( অসম), চি পি আই (এম এল)ৰ প্ৰাৰ্থী লক্ষ্মীকান্ত কুৰ্মী আৰু আপৰ পৰা অনন্ত গগৈয়ে এই নিৰ্বাচনত প্ৰতিনিধিত্ব কৰিছে । উপ-নিৰ্বাচনৰ গৰম বতাহত বিহালী মিনি দিছপুৰলৈ পৰিণত হৈছে । কি পীয়ুষ হাজৰিকা, কি গৌৰৱ গগৈ, ৰাজ্যখনৰ বাঘী বাঘী নেতাই চাউনী পাতিছেহি বিহালী সমষ্টিত ৷ পিছ পৰা নাই অজিত ভূঞা-লুৰিণ গগৈও ।

গৌৰৱ গগৈ নাম শুনিয়েই খঙত টিঙিৰিতুলা হ’ল অজিত ভূঞা (Etv Bharat Assam)

কোনোবা যদি আহিছে পাৰ হৈ যোৱা দিনবোৰৰ আধৰুৱা উন্নয়নৰ পাঠ পঢ়াবলৈ, আন কোনোৱে আকৌ আহিছে বন্ধুত্বৰ মৰ্যদা নিদিয়াৰ পোতক তুলিবলৈ, কোনোৱে আকৌ এই ভিৰত বহি থকা চকীখন কেনেবাকৈ হেৰুৱাৰ ভয়ত খোপনি পুতিছেহি বিহালীত । মুঠতে দিছপুৰৰ সকলো সমস্যাৰ এতিয়া কেন্দ্ৰবিন্দু বিহালী । অসম সন্মিলিত মৰ্চাৰ ঐক্যমঞ্চৰ প্ৰাৰ্থী লক্ষ্মীকান্ত কুৰ্মীৰ হৈ প্ৰচাৰ অভিযানত নামিছেহি সাংসদ অজিত কুমাৰ ভূঞা আৰু অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈও ।

Assam Bye Election 2024
বিহালীত অসম সন্মিলিত ঐক্যমঞ্চৰ নিৰ্বাচনী প্ৰচাৰ (Etv Bharat Assam)

অসম সন্মিলিত উমৈহতীয়া প্ৰাৰ্থী তথা চি পি আই (এম এল)ৰ দলৰ প্ৰাৰ্থী লক্ষীকান্ত কুৰ্মীৰ নিৰ্বাচনী প্ৰচাৰ চলাই কংগ্ৰেছ দলৰ প্ৰতি সৰৱ হৈ পৰে সাংসদ অজিত কুমাৰ ভূঞা ৷ তেওঁ কয়, "কংগ্ৰেছে এটা ডাঙৰ ভুল কৰিলে ৷ বিৰোধী ঐক্য অবিহনে বিজেপিক প্ৰতিহত কৰাটো সম্ভৱ নহয় ৷" তেওঁ লগতে কয়, "আমাৰ প্ৰধান শত্ৰু বি জে পি আৰু বি জে পিৰ বিৰুদ্ধে ঐক্যবদ্ধ হৈছিলো । কিন্তু এই ঐক্যবদ্ধতাৰ মৰ্যদা ৰাখিব নোৱাৰিলে কংগ্ৰেছৰ দল তথা গৌৰৱ গগৈয়ে ৷"

Assam Bye Election 2024
বিহালীত অসম সন্মিলিত ঐক্যমঞ্চৰ নিৰ্বাচনী প্ৰচাৰ (Etv Bharat Assam)

ইফালে শেহতীয়াকৈ কংগ্ৰেছৰ নেতৃত্বই এই ঐক্য ভংগৰ ফলত কংগ্ৰেছৰ ক্ষতি হোৱা বুলি উপলব্ধি কৰাক লৈ আওপকীয়াকৈ সন্তুষ্টি প্ৰকাশ কৰে সা‌ংসদ অজিত ভূঞাই ।

লগতে পঢ়ক: মিত্ৰতা ভংগৰ বাবে বিহালীত জটিলতাৰ সন্মুখীন হৈছে কংগ্ৰেছ: গৌৰৱ গগৈ