ETV Bharat / politics

বিধানসভা নিৰ্বাচন সমাগত: টিকটক লৈ অগপত অস্থিৰতা বৃদ্ধি, বিজেপিৰ আগ্ৰাসনত অগপত হাহাকাৰ

আসনে আঁউল লগাব নেকি মিত্ৰতাত ? টিকটক লৈ অস্থিৰতা বৃদ্ধি পাইছে অগপৰ ভিতৰচ'ৰাত ।

As the days of the Assembly elections approach there is unrest in the AGP
টিকটকলৈ অগপত অস্থিৰতা বৃদ্ধি (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : August 21, 2025 at 6:10 PM IST

8 Min Read
Choose ETV Bharat

গুৱাহাটী: বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিজেপিৰ মিত্রদল অগপৰ ভিতৰচ'ৰাত অসন্তুষ্টি ক্ৰমাৎ তীব্ৰতৰ হ'ব ধৰিছে । প্ৰতিটো ৰাজনৈতিক দলৰে সদৰত এতিয়া আগন্তুক নিৰ্বাচনৰ বাবে তৎপৰতা বৃদ্ধি পাইছে যদিও অগপৰ সদৰত তেনে কোনো পৰিৱেশ নাই । বিপৰীতে অগপত বৃদ্ধি পাইছে ক্ষোভ আৰু অসন্তুষ্টি ।

লক্ষণীয় বিষয় যে দুবাৰকৈ শাসনৰ বাঘজৰী লোৱা আঞ্চলিক দলটোৱে আজি বিজেপিৰে মিত্রতাত থাকি অস্তিত্ব ৰক্ষা কৰি আহিবলগীয়া হৈছে । এক কথাত বিজেপিৰ মতেই আঞ্চলিক দলটো চলিবলগীয়া হৈছে । নিজস্বতা বুলি বিশেষ একো নাই । এনে এক পৰ্যায়লৈ যোৱাৰ বাবেই অগপৰ নেতা আৰু নিষ্ঠাবান কৰ্মীৰ মাজত ক্ষোভ আৰু অসন্তুষ্টিয়ে দেখা দিছে ।

As the days of the Assembly elections approach there is unrest in the AGP
অগপৰ ভিতৰত বিজেপিৰ 'বি টীম' (ETV Bharat Assam)

মিত্রদল বিজেপিৰ গ্ৰাসত অগপ:

এসময়ত অসমৰ উজনিৰ পৰা নামনিলৈ, ব্ৰহ্মপুত্ৰৰ পৰা বৰাকলৈ বিজয়ৰ ধ্বজা উৰুৱাবলৈ সক্ষম হোৱা দলটোৱে আজি নিজৰ মতে বিধানসভা নিৰ্বাচনৰ এখন আসনো ঘোষণা কৰিব নোৱাৰা অৱস্থাৰ সন্মুখীন হৈছে । বিধানসভা নিৰ্বাচনৰ কথা বাদেই আন নিৰ্বাচনসমূহতো বিজেপিৰ মতে পৰিচালিত হ'বলগীয়া হৈছে । বিজেপিৰ গ্ৰাসত পৰা অগপৰ নেতৃত্বৰ প্ৰতি বিভিন্ন জিলাত নেতা-কৰ্মীয়ে মুকলিকৈ ক্ষোভ আৰু অসন্তুষ্টি ব্যক্ত কৰিছে ।

অগপৰ সদৰত চৰ্চিত বিজেপিৰ 'বি টীম'ৰ প্ৰসংগ:

ইফালে বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে অগপৰ মুখ্য কাৰ্যালয় তথা অগপৰ ভিতৰচ'ৰাত এটা বিষয় বিশেষভাৱে চৰ্চিত হৈ আছে । সেইটো হৈছে অগপৰ ভিতৰত সাজু হৈছে বিজেপিৰ 'বি' টীম । অগপৰ এগৰাকী যুৱ নেতাই সদৰী কৰা অনুসৰি কংগ্ৰেছৰ নিলম্বিত বিধায়ক শশীকান্ত দাস, বসন্ত দাস, ছিদ্দিক আহমেদ আদিৰ দৰে কেইবাজনো নেতাই বিজেপিৰ 'বি' টীম হিচাপে অগপত স্থান লাভ কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ।

As the days of the Assembly elections approach there is unrest in the AGP
ক'ত চকু নিদিয়ে বিজেপিয়ে (ETV Bharat Assam)

ইয়াৰে কেইবাজনো বিতর্কিত নেতাই আগন্তুক বিধানসভা নিৰ্বাচনত টিকটো লাভ কৰিব । অগপৰ হাজাৰ হাজাৰ তৃণমূল নেতা-কর্মী তথা বহু কেন্দ্রীয় নেতাৰ আপত্তি থাকিলেও একমাত্র মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ নির্দেশতে হয়তো এইসকল নেতাৰ টিকট নিশ্চিত হ'ব । কংগ্ৰেছত থাকিয়ে বিজেপিক সমর্থন কৰা শশীকান্ত দাস, বসন্ত দাস, চিদ্দিক আহমেদ আদিব দৰে বিতর্কিত নেতাক বিজেপিত যোগদান কৰাবলৈ বিচৰা নাই মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ।

ইয়াৰ বিপৰীতে বিজেপিয়ে এই বিতৰ্কিত নেতাসকলক অগপত সংস্থাপিত কৰিব বিচৰিছে । লক্ষণীয় বিষয় যে অগপৰ দুখন আসনহে নিজৰ মতে প্রার্থী প্রক্ষেপ কৰিবলৈ অগপক কর্তৃত্ব দিছে মিত্রদল বিজেপিয়ে । সেই দুটা সমষ্টি হৈছে অগপৰ সভাপতি অতুল বৰাই প্রতিনিধিত্ব কৰা বোকাখাত আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তই প্রতিনিধিত্ব কৰা কলিয়াবৰ সমষ্টি । এই দুটা সমষ্টিত চকু নিদিও বুলি বহুবাৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । মুখ্যমন্ত্রীৰ এই ঘোষণাৰ পৰা এটা কথা স্পষ্ট যে আন কোনো সমষ্টিত অগপই বিজেপিৰ অনুমতি অবিহনে প্রার্থী ঘোষণা কৰিব নোৱাৰিব । এনে এক পৰিস্থিতিৰ বাবেই আগন্তুক নিৰ্বাচন সন্দৰ্ভত কিবা প্ৰশ্ন কৰিলে অগপৰ সভাপতি অতুল বৰাৰ এটাই উত্তৰ যে এতিয়াও নিৰ্বাচনলৈ যথেষ্ট সময় আছে আৰু বিজেপিৰ লগত এই বিষয়ত এতিয়াও আনুষ্ঠানিক আলোচনা হোৱা নাই ।

As the days of the Assembly elections approach there is unrest in the AGP
কোন চনত BJP য়ে কেইটা সমষ্টি দিছিল অগপক (ETV Bharat Assam)

ক্ষোভিত অগপৰ নেতা-কৰ্মী:

বিজেপিৰ এনে আগ্ৰাসন আৰু অগপ নেতৃত্বৰ এনে ভূমিকাত বিতুষ্ট হৈ পৰিছে দলটোৰ বহু নেতা-কৰ্মী । বহু নেতাই এতিয়া মুকলিকৈ ক্ষোভ প্ৰকাশ কৰিছে । বিজেপিৰ এনে ৰাজনৈতিক পাশাখেলত অগপৰ সদৰ আমবাৰীত অনাগত দিনত আৰু অধিক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱাটো নিশ্চিত । ইতিমধ্যে অগপৰ কমলপুৰ, পলাশবাৰী, ভবানীপুৰ-সৰভোগ, ধেমাজি, নলবাৰী আদি সমষ্টিত বিদ্রোহ আৰম্ভ হৈছে ।

বিভিন্ন ঠাইত কৰ্মীসকলে প্ৰতিবাদো সাব্যস্ত কৰিছে । ইফালে অগপৰ এজনৰ পাছত আনজনকৈ নেতায়ো মুকলিকৈ বিষোদগাৰ প্ৰকাশ কৰিছে । আগন্তুক নিৰ্বাচনত বৰ্তমানতকৈ অধিক সংখ্যক আসন দাবী কৰিছে অগপৰ এজনৰ পিছত আনজনকৈ নেতাই । প্রাক্তন মন্ত্রী ডাঃ কমলা কলিতা, প্রাক্তন বিধায়ক সত্যব্ৰত কলিতাৰ উপৰি বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই ২০২৬ চনৰ নিৰ্বাচনত বিজেপিয়ে অগপক পূৰ্বতকৈ বেছি আসন এৰি দিব লাগিব বুলি দাবী কৰিছে ।

ইটিভি ভাৰতৰে হোৱা টেলিফোনিক বাৰ্তালাপত বৰ্তমানৰ পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই কয়,"আমি বিজেপিৰে মিত্রতা বিচাৰোঁ । বিজেপিৰে মিত্ৰতা নালাগে বুলি অগপৰ কোনেও কোৱা নাই । মিত্রতাত থাকি আগন্তুক নিৰ্বাচনত সমষ্টিৰ ভাগ-বাটোৱাৰা সন্মানজনক হোৱাটো আমি বিচাৰোঁ । বিভিন্ন সমষ্টিত অগপৰ কৰ্মীসকল ক্ষোভিত হোৱাটো অসত্য নহয় ।"

তেওঁ লগতে কয়,"কৰ্মীসকল হৈছে দলৰ শক্তি । কৰ্মীসকলৰ কথা আমি শুনিব লাগিব । মিত্রদল হিচাপে বিজেপিয়ে আমাৰ নেতা-কৰ্মীসকলৰ ইচ্ছা-অনিচ্ছাক গুৰুত্ব দিব লাগিব । মিত্রতা থাকি আসন ভাগ-বাটোৱাৰা সন্মানজনক হ'ব লাগিব।"

ইফালে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত পশ্চিম গুৱাহাটী সমষ্টিটো নোহোৱা হোৱা সন্দৰ্ভত বিধায়কগৰাকীয়ে কয়,"আগন্তুক বিধানসভা নিৰ্বাচনত ম‍ই চেণ্ট্ৰেল গুৱাহাটী সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিম । ইয়াত আৰু নতুনকৈ ক'বলগীয়া একো নাই ।"

বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ এনে স্থিতিৰ বিপৰীতে প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতাই কমলপুৰ বিচৰাৰ লগতে ডাঃ কমলা কলিতাই পলাশবাৰী বিচাৰি নিজৰ স্থিতি ইতিমধ্যে স্পষ্ট কৰিছে । অৱশ্যে এই সন্দৰ্ভত অগপৰ সভাপতি অতুল বৰাই কোনো প্ৰত্যক্ষভাৱে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই ।

As the days of the Assembly elections approach there is unrest in the AGP
অমিত শ্বাহৰ সৈতে বৈঠকত অতুল বৰা আৰু কেশৱ মহন্ত (ETV Bharat Assam)

মিত্রতাৰ ধৰ্ম উভয়ে পালন কৰাৰ পোষকতা অতুল বৰাৰ:

দলীয় নেতাৰ ক্ষোভ আৰু অসন্তুষ্টি সন্দৰ্ভত শেহতীয়াকৈ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত অতুল বৰাৰ কয়,"দলীয় শৃংখলা সকলোৱে বৰ্তাই ৰাখিব লাগিব । দলটো আমাৰ বাবে সৰ্বোচ্চ, পদবী নহয় । দলৰ অনুশাসন সকলোৱে মানিব লাগিব । তৃণমূলৰ কৰ্মীসকল আমাৰ বাবে সদায়ে সম্পদ । মই কেতিয়াবা আঁতৰি গ'লেও দল সদায় থাকিব । কাৰণ দলটো ৰাইজৰ তেজেৰে গঢ়া দল । ইয়াত মানুহৰ আবেগ জড়িত আছে ।"

লগতে তেওঁ কয়,"মই নিজেও নাভাবো যে অগপ দলটোৱে কেৱল ক্ষমতাৰ বাবে ৰাজনীতি কৰিছে । দলটোক আমি সেৱাৰ মাধ্যম হিচাপে ল'ব লাগে । দলটো কাৰো পৈতৃক সম্পত্তি নহয় । তৃণমূলৰ মনোবেদনাক আমি সদায় সন্মান কৰোঁ । এটা কথা ঠিক যে দলীয় শৃংখলা আৰু নীতি-নিয়মৰ পৰা কোনো আঁতৰত থাকিব নালাগে । কাৰোবাৰ উচটনিটো যোৱাটো উচিত নহয় । দলটোক শৃংখলাবদ্ধ কৰি ৰখাৰ বাবে যিমান কঠোৰ হ'ব লাগে আমি সিমান কঠোৰ হ'ম ।"

মিত্রতাৰ প্ৰসংগত অতুল বৰাই কৈছিল,"কেতিয়াবা সম্ভাৱনা থাকিলেও কিছুমান সমষ্টি এৰিব লগীয়া হয় বা দিবলগীয়াও হয় । আমি বিচাৰোঁ যে মিত্রতাৰ ধৰ্ম সকলোৱে পালন কৰা উচিত । গতিকে মিত্রতাৰ ধৰ্ম বিজেপিয়েও পালন কৰিব লাগে আৰু আমিও পালন কৰিব লাগে । কিন্তু ঠাই বিশেষে ঘটনা-পৰিঘটনা নোহোৱা নহয় ।"

লক্ষণীয় বিষয় যে নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে অগপ দলত ক্ষোভ আৰু অসন্তুষ্টি ক্ৰমাৎ তীব্ৰতৰ হৈ পৰিছে । এইবাৰ আসনকলৈ অগপত গৃহকন্দল লগাৰ সম্ভাৱনা আছে । সেই কথা অগপৰ নেতৃত্বয়ো উপলব্ধি কৰিছে আৰু যাৰ বাবে শেহতীয়াকৈ আসনৰ প্ৰসংগত দিল্লীত বাহৰ পাতি বিজেপিৰ শীৰ্ষ নেতৃত্বৰে আলোচনাত মিলিত হৈছিল অতুল বৰাকে ধৰি দলীয় শীৰ্ষ নেতৃত্ব ।

আসনৰ অংকত অগপ:

উল্লেখ্য যে ২০১৬ চনত বিজেপিয়ে অগপক এৰি দিছিল মুঠ ২৪ টা সমষ্টি । তদুপৰি আন ৬ টা বিধানসভা সমষ্টিত বিজেপিয়ে অগপৰ সৈতে বন্ধুত্বমূলক প্রতিদ্বন্দ্বিতা কৰা দেখা গৈছিল । আনহাতে ২০২১ চনৰ নিৰ্বাচনত বিজেপিয়ে অগপক এৰি দিছিল প্রায় ২৯ টা সমষ্টি । আগন্তুক ২০২৬ চনৰ নিৰ্বাচনত বিজেপিয়ে অগপক কিমান আসন এৰি দিব তাৰ কোনো নিশ্চয়তা এতিয়াও হোৱা নাই যদিও অগপই প্ৰায় ৪০ খন আসন বিচৰাৰ বাবে তৎপৰ হৈ পৰিছে ।

লগতে পঢ়ক: মুখ্যমন্ত্ৰীক আক্ৰমণকাৰী পূৰ্বেও হৈছিল গ্ৰেপ্তাৰ, ৰাজনৈতিক ষড়যন্ত্ৰৰ অভিযোগ বিজেপিৰ - DELHI CM ATTACK

চিমেণ্ট কোম্পানীক ৩০০০ বিঘা ভূমি; আদালতৰ হস্তক্ষেপক আদৰণি গৌৰৱ গগৈৰ - 3000 BIGHA TRIBAL LAND CONTROVERSY