গুৱাহাটী : “মুখ্যমন্ত্ৰীয়ে ৰাজহুৱাভাৱে ঘোষণা কৰা ‘খতম’ শব্দৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ প্ৰস্তুতি অসম প্ৰদেশ কংগ্ৰেছৰ । 'খতম’ শব্দৰ যোগেদি এয়া মুখ্যমন্ত্ৰীৰ দ্বাৰা হত্যাৰ ভাবুকি দিয়া হৈছে ৷ ইযাক দ্বাৰা মুখ্যমন্ত্ৰীয়ে অসমত সাম্প্ৰদায়িক সংঘৰ্ষ লগাব বিচাৰিছে ।” কংগ্ৰেছ নেতা হাফিজ ৰচিদ আহমেদ চৌধুৰীয়ে গুৱাহাটীত সংবাদমেলযোগে এই অভিযোগ উত্থাপন কৰে ।
- মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে হত্যাৰ ভাবুকি দিয়াৰ অভিযোগ:
ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াভাৱে সোমবাৰে সংবাদ মাধ্যমৰ সন্মুখত দুজন ব্যক্তিৰ নাম লৈ তেঁওলোকক ‘খতম’ কৰাৰ বাবেই বিজেপিৰ জন্ম বুলি মন্তব্য কৰিছিল । মুখ্যমন্ত্ৰীৰ এই মন্তব্যই ৰাজ্যজুৰি তীব্ৰ বিতৰ্কৰ সৃষ্টি কৰিছে । বিৰোধীৰ ক্ষুৰধাৰ সমালোচনাৰ সন্মুখীন হৈছে মুখ্যমন্ত্ৰী । মুখ্যমন্ত্ৰীৰ এই মন্তব্যক লৈ অসম প্ৰদেশ কংগ্ৰেছে মঙলবাৰে আয়োজন কৰে এক সংবাদমেল ।
সংবাদমেলত দলটোৰ জ্যেষ্ঠ নেতা তথা অধিবক্তা হাফিজ ৰচিদ আহমেদ চৌধুৰীৰ মন্তব্য, “শেহতীয়াভাৱে মুখ্যমন্ত্ৰীয়ে ৰাজহুৱাকৈ দুজন ব্যক্তিৰ নাম লৈ তেওঁলোকক খতম কৰি দিয়াৰ যি ভাবুকি প্ৰদান কৰিছে । এয়া আইন বিৰুদ্ধ কথা ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা সাংবিধানিক পদত অধিষ্ঠিত এজন মুখ্যমন্ত্ৰী আৰু তেওঁ সকলোৰে প্ৰতি সমভাৱ দেখুৱাম বুলি শপতগ্ৰহণ কৰিছিল । এনে এজন ব্যক্তিয়ে কেনেদৰে আইনৰ উৰ্ধত গৈ দিলোৱাৰ হুছেইন, মহবুবুলহঁতৰ দৰে লোকক খতম কৰি দিম বুলি ক’ব পাৰে ?”
চৌধুৰীয়ে লগতে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে হত্যাৰ ভাবুকি দিয়াৰ অভিযোগ উত্থাপন কৰি কয়, “কোনো লোকৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিলে আইনৰ দৃষ্টিত তেওঁ অপৰাধী নহয় । আইন আদালতে বিষয়টো পৰ্যালোচনা কৰিব আৰু দোষী হ’লে শাস্তি প্ৰদান কৰিব ৷ ড৹ শৰ্মাই নিজে বিচাৰকৰ ভূমিকাত অৱতীৰ্ণ হৈ কাৰোবক খতম কৰি দিম বুলি কোৱা মানেই হত্যাৰ ভাবুকি দিয়া হৈছে ।”
- অসমৰ ৰাইজৰ ওচৰত ক্ষমা বিচৰাৰ দাবী :
সংবাদমেলত অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে মুখ্যমন্ত্ৰীৰ এনে বক্তব্যক তীব্ৰভাৱে নিন্দা কৰি এই মন্তব্যক উচটনিমূলক বক্তব্য আখ্যা দি অসমৰ ৰাইজৰ ওচৰত ক্ষমা বিচাৰিবলৈ দাবী জনায় ৷
হাফিজ ৰশ্বিদ আহমেদ চৌধুৰীয়ে কয়, “মুখ্যমন্ত্ৰী নিজেই এজন আইনৰ ছাত্ৰ আৰু আইনৰ উৰ্ধত কোনো যাব নোৱাৰে । মুখ্যমন্ত্ৰীয়ে এনে প্ৰৰোচনামূলক ভাবুকিৰ বিৰুদ্ধে ৰাজহুৱা স্বাৰ্থ জড়িত আৱেদনৰ জৰিয়তে গোচৰ তৰা হ’ব । এটা সম্প্ৰদায়ৰ দুজন ব্যক্তিৰ নাম বাৰে বাৰে উচ্চাৰণ কৰি মুখ্যমন্ত্ৰীয়ে অসমত সাম্প্ৰদায়িক সংঘৰ্ষ লগাব বিচাৰিছে ।”
- বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াক স্থিতি স্পষ্ট কৰাৰ আহ্বান:
প্ৰদেশ কংগ্ৰেছে লগতে বিজেপি দলৰ প্ৰতি প্ৰশ্ন কৰে যে মুখ্যমন্ত্ৰীয়ে যি মন্তব্য প্ৰকাশ কৰিছে সেয়া ভাৰতীয় জনতা পাৰ্টীৰ দলীয় স্থিতি নেকি ? বিজেপিৰ নিজৰ স্থিতি স্পষ্ট কৰিবলৈ আহ্বান জনাই কংগ্ৰেছ নেতা চৌধুৰীয়ে কয়, “দিলোৱাৰহতৰ দৰে লোকক খতম কৰিবলৈ বিজেপিৰ জন্ম হৈছে বুলি যি মন্তব্য প্ৰকাশ কৰিছে সেয়া ভাৰতীয় জনতা পাৰ্টীৰ দলীয় স্থিতি নেকি ? এই কথা স্পষ্ট কৰিবলৈ বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াক আহ্বান জনালো ।”