এইবাৰ অপহৰণৰ ষ্টাইলত গ্ৰেপ্তাৰ ৰিতম সিঙক
লখিমপুৰৰ পৰা মৰিগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা গোচৰত শুকুৰবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা জামিন লাভ কৰিছিল ৰিতম সিঙে ।

Published : April 12, 2025 at 7:49 PM IST
|Updated : April 13, 2025 at 1:02 AM IST
মৰিগাঁৱৰ সাংবাদিক কিশোৰ ডেকাৰাজাৰ প্ৰতিবেদন : পুনৰ গ্ৰেপ্তাৰ কংগ্ৰেছ নেতা ৰিতম সিঙক । মৰিগাঁও আৰক্ষীয়ে কৰা গ্ৰেপ্তাৰত জামিন লাভৰ পিছত পুনৰ গ্ৰেপ্তাৰ জাগীৰোড আৰক্ষীৰ ।
মৰিগাঁও আৰক্ষীৰ গোচৰত শনিবাৰে জামিন লাভৰ পাছত পুনৰ জাগীৰোড আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি অপহৰণকাৰীৰ দৰে জে'লৰ সন্মুখৰ পৰাই উঠাই নিয়ে ৰিতম সিঙক । উল্লেখ্য যে লখিমপুৰৰ পৰা মৰিগাঁও আৰক্ষীয়ে ৩ এপ্ৰিলত গ্ৰেপ্তাৰ কৰা কৰা কংগ্ৰেছৰ মুখপাত্ৰ ৰিতম সিঙে শুকুৰবাৰে জামিন লাভ কৰিছিল । কিন্তু জামিনৰ আদেশ পাওঁতে নিশা হৈ যোৱাৰ বাবে জে'লৰ পৰা মুকলি আকাশৰ তললৈ আহিব পৰা নাছিল ৰিতম সিং ।
কিন্তু শনিবাৰে ৰিতম সিঙৰ পিতৃ-মাতৃয়ে তেওঁক লৈ জে'লৰ পৰা ওলাব ধৰোঁতেই পূৰ্বৰ পৰা জে'লৰ গে'টত সষ্টম হৈ থকা জাগীৰোড আৰক্ষীয়ে পুনৰ গে'টৰ মুখতে গ্ৰেপ্তাৰ কৰে ৰিতম সিঙক । ইফালে এই ঘটনাত ৰিতমৰ পিতৃ-মাতৃৰ আৰক্ষীৰ সৈতে জে'লৰ সন্মুখতে টনা-আঁজোৰা লাগে ।

অৱশেষত চিনেমাৰ কায়দাৰে অসামৰিক পোছাকত ৰৈ থকা আৰক্ষী বাহিনীয়ে অপহৰণ কৰাৰ দৰে ৰিতম সিঙক লৈ যায় । আনহাতে, আৰক্ষীৰ গাড়ীত উঠোৱাৰ সময়ত ৰিতম সিঙে চিঞৰি চিঞৰি কিবা কয় যদিও সেই কথা কোনেও নুশুনিলে । অৱশেষত বিবুধিত পৰি আৰক্ষীৰ গাড়ীৰ সন্মুখতে মাটিত চিট হৈ পৰি ৰিতমৰ পিতৃয়ে বাধা দিয়াৰ চেষ্টা কৰে । কিন্তু তেওঁক গাড়ীৰ সন্মুখৰ পৰা দাঙি আঁতৰাই পিতৃ-মাতৃৰ বুকুৰ মাজৰ পৰা আৰক্ষীয়ে পুনৰ অপহৰণকাৰীৰ দৰে লৈ যায় ৰিতম সিঙক ।
ইফালে ৰিতম সিঙক পুনৰ গ্ৰেপ্তাৰ সন্দৰ্ভত তেওঁৰ পিতৃয়ে কয়, "এটা কেছত উলিওৱাৰ পিছত সিহঁতে নজনোৱাকৈ লৈ গৈছে । এইটোৱে নেকি আইন । পাব্লিকে কি কৰিব । তিনিটা কেছত কালি বেইল হৈছে । কালি উলিয়াব দিয়া নাই । ৰাতি কৈছে আজি লৈ আনক কাগজখন, পুৱা ৮ টা বজাত লৈ যাব । কাগজ আমি আনিলোঁ । তাৰ পিছত এতিয়া এই অৱস্থা ।"

আনহাতে, অসহায় মাতৃয়ে সংবাদ মাধ্যমৰ আগত কয়, "এইটো ইলিগেলী কৰি আছে । আমাৰ ল'ৰাক এটাৰ পিছত এটা কেছ বনাই এৰেষ্ট কৰি আছে । আমি অৰ্ডাৰ আনো, ৰিলিজ কৰাওঁ, হাইকোৰ্টে ৰিলিজ কৰে আকৌ তেওঁলোকে বেলেগ ছেকচনত ভৰাই দিয়ে । এইটো ইলিগেল, পলিটিকেল ৰিভেঞ্জ । তেওঁলোকে ভয় খাইছে আকৌ যদি সি কিবা লিখে সেই কাৰণে । এনেকুৱা চিটুৱেচনত আপুনি নিজে ভাবক । আপুনি ইমান ডাঙৰ চৰকাৰ চলাই আছে, এটা ল'ৰাই লিখাত কিয় ভয় কৰিছে ।"

উল্লেখ্য যে ৰিতম সিঙক পুনৰ এনেদৰে গ্ৰেপ্তাৰ কৰা সন্দৰ্ভত বৰ্তমানলৈ মুখ খোলা নাই আৰক্ষীয়ে । কি কাৰণত বাবে বাৰে ৰিতমক আৰক্ষীয়ে নতুন নতুন গোছৰ জাপি দি গ্ৰেপ্তাৰ কৰিছে সেয়াও ৰহস্যৰ আৱৰ্তত।

