ETV Bharat / politics

বিদেশীৰ বোজা মানি লোৱা নহ’ব : কংগ্ৰেছৰ হুংকাৰ

ইমিগ্ৰেচন এণ্ড ফৰেইনাৰ্ছ এক্ট, ২০২৫ক CAAৰ দ্বিতীয় সংস্কৰণ আখ্যা কংগ্ৰছৰ ৷ বিজেপিয়ে ভোটবেংকৰ ৰাজনীতি কৰি অবৈধ বিদেশীক নাগৰিকত্ব দিয়াৰ বাবে উঠি পৰি লগাৰ অভিযোগ ।

CAA CUT OFF DATE EXTENDED
দেৱব্ৰত শইকীয়া আৰু ৰিপুণ বৰাৰ সংবাদমেল (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : September 4, 2025 at 9:54 PM IST

6 Min Read
Choose ETV Bharat

গুৱাহাটী : বিদেশীক স্বদেশী কৰাৰ বাবে অসম চুক্তি নস্যাৎ কৰি বিজেপি চৰকাৰে অসমীয়াৰ অস্তিত্ব ধ্বংস কৰিবলৈ ষড়যন্ত্ৰত লিপ্ত হোৱাৰ অভিযোগ তুলি বৃহস্পতিবাৰে গৰজি উঠিল অসম প্ৰদেশ কংগ্ৰেছ । গুৱাহাটীৰ ৰাজীৱ ভৱনত এক সংবাদমেল সম্বোধন কৰি বিজেপিয়ে ভোটবেংকৰ ৰাজনীতিৰ কৰি অবৈধ বিদেশীক নাগৰিকত্ব দিয়াৰ বাবে উঠি পৰি লগাৰ অভিযোগ তুলি সংবাদমেল সম্বোধন কৰে দুই জ্য়েষ্ঠ কংগ্ৰেছী নেতা ৰিপুণ বৰা আৰু দেৱব্ৰত শইকীয়াই ৷

''অনুপ্ৰৱেশ ৰোধৰ ক্ষেত্ৰত বিজেপি চৰকাৰৰ কোনো সদিচ্ছা নাই । ২০১৪ চনৰ ৩১ ডিচেম্বৰলৈকে 'কা’ আইনৰ জৰিয়তে বাংলাদেশসহ ৩ খন দেশৰ অমুছলমান লোকসকলক নাগৰিকত্ব দিয়াৰ ব্যৱস্থা কৰি অসমক বিদেশীৰ চৰণীয়া পথাৰ হ’বলৈ এৰি দিয়া বিজেপিয়ে এইবাৰ ২০২৪ চনৰ ৩১ ডিচেম্বৰ পৰ্যন্ত বিদেশীক স্বদেশী কৰাৰ ম্যাদ বৃদ্ধি কৰি আন এক মাধমাৰ শোধাবলৈ উদ্যত হৈছে ।’’ বিদেশীক এইদৰে আন দহ বছৰ ৰেহাই দিয়া কাৰ্যই অসমলৈ অবৈধ অনুপ্ৰৱেশকাৰী যে এতিয়াও আহি আছে সেয়া প্ৰমাণিত কৰিছে বুলি মন্তব্য কৰি সংবাদমেলত সৰৱ হৈ উঠে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ প্ৰাক্তন সভাপতি ৰিপুণ বৰা ।

তেওঁ কয়, ''প্ৰধানমন্ত্ৰী মোদীয়ে ২০১৪ চনত প্ৰধানমন্ত্ৰী হোৱাৰ পূৰ্বেই অসমত থকা সকলো অবৈধ অনুপ্ৰৱেশকাৰীয়ে টালি-টোপোলা লৈ অসম এৰিব লাগিব বুলি কৈছিল । পিছে সেই প্ৰতিশ্ৰুতি অসাৰ হ’ল । অনুপ্ৰৱেশ ৰোধ কৰাৰ পৰিৱৰ্তে বিজেপি চৰকাৰে ভোটবেংকৰ স্বাৰ্থত এই ইছ্যুটোক সদায় জীয়াই ৰাখিবহে বিচাৰিছে ।’’ বৰাই ইয়াৰ জৰিয়তে বিজেপি চৰকাৰে অসমীয়া ভাষা, সংস্কৃতি আৰু অসমীয়াৰ অস্তিত্ব বিপন্ন কৰিবলৈও কুণ্ঠাবোধ কৰা নাই বুলি কৈ ভাৰতৰ সংবিধান আৰু সৰ্বোচ্চ ন্যায়ালয়ে মান্যতা দিয়া অসম চুক্তিক উলংঘা কৰা কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে । এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰক উক্ত অধ্যাদেশ অসমত প্ৰয়োগ কৰিব নালাগে বুলি স্পষ্টকৈ জনাবলৈও অসম চৰকাৰক সজোৰে দাবী জনায় ।

লগতে, ৰিপুণ বৰাই অসমৰ অবৈধ অনুপ্ৰৱেশকাৰী সমস্যাৰ ভয়াৱহতা, অসম চুক্তি, বিদেশী ন্যায়াধীকৰণ, এন আৰ চি আদিৰ বিষয়ে বিতংভাৱে কেন্দ্ৰক বুজাই দিব নোৱৰাটো অসম চৰকাৰৰ চূড়ান্ত বিফলতা বুলিও কয় । “'কা’ আইন প্ৰযোজ্য কৰাৰ সময়ত চৰকাৰে অসমত ইয়াৰ সময়সীমা বৃদ্ধি কৰিব বুলি কোনেও কস্মিনকালে ভবা নাছিল যদিও এতিয়া সেয়া ১০ বছৰলৈ বৃদ্ধি কৰিলে যেতিয়া অনাগত দিনত যে আৰু বৃদ্ধি নকৰিব তাৰ কি নিশ্চয়তা আছে ৷” —বুলি প্ৰশ্ন কৰে ৰিপুণ বৰাই । ইমানৰ পিছতো ক্ষমতাৰ মোহত অন্ধ হৈ অসমৰ জাতীয় অস্তিত্বৰ প্ৰতি ভাবুকিস্বৰূপ 'কা’ আইনৰ বিৰুদ্ধে মুখ ফুটাই মাত মাতিব নোৱৰা অগপ দলে এতিয়াও নিশ্চুপ হৈ থকা কাৰ্যতো তেওঁ আশ্চৰ্য প্ৰকাশ কৰে । তেওঁ কয় যে অসমৰ ৰাইজে অগপ দলৰ জাতীয়তাবাদৰ আঁৰৰ মুখাখন ভালকৈয়ে চিনি পাইছে । বৰাই কংগ্ৰেছ দলৰ স্থিতি স্পষ্ট কৰি দি কয় যে কংগ্ৰেছ দলে এতিয়াও আপোচবিহীনভাৱে পূৰ্বৰ স্থিতিত অটল আছে । কেন্দ্ৰীয় চৰকাৰৰ এই আদেশক সংবিধানবিৰোধী আৰু অসমবিৰোধী আখ্যা দি আইনখন অসমত সম্পূৰ্ণৰূপে বাতিল কৰিবলৈও বৰাই দাবী জনায় ।

ইফালে, সংবাদমেলত ১ ছেপ্টেম্বৰৰ দিনটোত জাৰি কৰা Immigration and foreigners (Exemption) order 2025 অধিসূচনাক নাগৰিকত্ব সংশোধনী আইনৰ দ্বিতীয় সংস্কৰণ আখ্যা দিয়ে দেৱব্ৰত শইকীয়াই । বিজেপি দল আৰু চৰকাৰে এক দেশ, এক ৰাষ্ট্ৰ আৰু ভোটবেংকৰ ৰাজনীতিৰে অসমীয়া জাতিসত্ত্বাক ধ্বংস কৰাৰ গভীৰ ষড়যন্ত্ৰত নামি পৰিছে বুলিও কয় বিৰোধী দলপতিগৰাকীয়ে । তেওঁ কয়, ''২০২৪ চনৰ ১৬ মে’ৰ পিছত বাংলাদেশীয়ে টালি-টোপোলা বান্ধি যাব লাগিব বুলি কৈছিল ৷ বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদনৰ পৰামৰ্শ দাড়ি-কমা অবিহনে অসম চুক্তিৰ ৫ নং, ৬ নং দফা কাৰ্যকৰী কৰা হ’ব বুলি কৈছিল ৷ অসম চুক্তিৰ ৫ নং দফাত অসমৰ ক্ষেত্ৰত কোনসকল বিদেশী সেয়া উল্লেখ আছে ৷ দেশৰ বাকী ঠাইত ১৯৫১ চন নাগৰিকত্বৰ ভিত্তিবৰ্ষ ৷ কিন্তু অসমে ১৯৮৫ চনৰ চুক্তি অনুসৰি ১৯৭১ চনলৈ বিদেশী লৈছে ৷ কিন্তু আজি চুক্তিক নস্যাৎ কৰা হৈছে ৷ ৰাজীৱ গান্ধীয়ে চুক্তি স্বাক্ষৰ কৰি কৈছিল যে এনে এখন চুক্তি আহিব য’ত আমি নিজৰ নিজৰ আনন্দ প্ৰকাশ কৰিব পাৰিম ৷”

লগতে, দেৱব্ৰত শইকীয়াই কয়, “কোনো এটা পক্ষই বিজয়ী বুলি ভাবিব নালাগে ৷ তেনে এখন আইন কৰি দিয়াৰ পিছত এই নতুন আইনৰ যোগেদি অসমীয়া মানুহক লৈ হেতালি খেলিছে ৷’’ বিজেপি দল আৰু চৰকাৰে হিন্দু বাংলাদেশীক ভোটৰ ক্ষেত্ৰত ‘মোহৰা’ বনাইছে বুলিও অভিযোগ কৰে দেৱব্ৰত শইকীয়াই ৷ শইকীয়াই কয়, ''কেতিয়াবা কেতিয়াবা বিজেপিয়ে হিন্দু বাঙালীসকলক কয় তেওঁলোকৰ গোচৰ প্ৰত্যাহাৰ কৰা হ’ব ৷ কেতিয়াবা কয় গোচৰ প্ৰত্যাহাৰ কৰা নহয় ৷ পাকিস্তান, বাংলাদেশ জন্ম নোহোৱাৰ সময়তে ব্ৰিটিছ ভাৰতত জন্মগ্ৰহণ কৰা লোকক অগপ চৰকাৰৰ দিনত যি 'ডি’ ভোটাৰৰ সংজ্ঞা, সেই সংজ্ঞাত এইখন মিত্ৰজোঁটৰ চৰকাৰৰ দিনতো 'ডি’ ভোটাৰ হৈয়ে আছে, অপমানিত হৈয়ে আছে ৷’’

১৯১২ চনৰ কৰিমগঞ্জৰ বজালীঘাটত জন্মগ্ৰহণ কৰা ৰেৱতী দাস, বিপিন ৰাম দাস, মুক্তিযুঁজাৰু প্ৰফুল্ল কুমাৰ সাহা, বি এছ এফত সন্তানে কাম কৰা বন্দনা দাসক ডিটেনচন কেম্পত থোৱা হৈছে বুলিও বিস্ফোৰক তথ্য দাঙি ধৰে বিৰোধী দলপতিগৰাকীয়ে ৷ এনেকৈ বিজেপিয়ে অসমত থকা সকলো ভাৰতীয় নাগৰিকক হাৰাশাস্তি কৰি আহিছে বুলি মন্তব্য কৰে শইকীয়াই ৷ নাগৰিকত্ব সংশোধনী আইনৰ পৰা অসমক বাহিৰ কৰি দিয়া, ২০১৮ চনৰ ৬ মে’ত প্ৰধানমন্ত্ৰীক পত্ৰ লিখি আইনৰ আওতাৰ পৰা অসমক বাদ দিবলৈ আৰ্জি দিয়াৰ কথাও উল্লেখ কৰে বিৰোধী দলপতিগৰাকীয়ে ।

আনহাতে, কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰী সুকান্ত দাসে “পাছপ’ৰ্ট, ভিছা অবিহনে প্ৰৱেশ কৰিলেও নাগৰিকত্ব দিব পৰা যাব“— এনেকুৱা বিদেশীক উৎসাহী কৰিব পৰা বক্তব্য দিয়াৰ পিছতে অসম বিজেপি কিয় মনে মনে আছে বুলিও প্ৰশ্ন কৰে শইকীয়াই । তেওঁ কয়, ''দিল্লীত বিজেপি নেতাই তেনেকুৱা অসমবিৰোধী কথা ক’ব । আনপিনে গুৱাহাটীলৈ আহি বিজেপি নেতাই কয় আমি জাতি, মাটি, ভেটি ৰক্ষা কৰিম, অসমৰ স্বাৰ্থ সুৰক্ষিত কৰিম ৷”

লগতে পঢ়ক :২০২৪ৰ ৩১ ডিচেম্বৰলৈ অহা বাংলাদেশী হিন্দুৱে পাব নাগৰিকত্ব, ৰাজপত্ৰিত অধিসূচনা জাৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ

২০২৫ৰ পূৰ্বে অহা হিন্দু বাংলাদেশীয়ে পাব ভাৰতীয় নাগৰিকত্ব; সৰৱ অসমৰ দল-সংগঠন

অসমত এতিয়ালৈ মাত্ৰ ৩ গৰাকী বিদেশীয়ে ভাৰতীয় নাগৰিকত্ব লাভ কৰিছে : মুখ্যমন্ত্ৰী