ETV Bharat / politics

শিৱসাগৰত গৌৰৱ গগৈৰ ৰণডংকা; ২০২৬ত কি হ’ব বিধায়ক অখিল গগৈৰ ?

অখিল গগৈৰ সমষ্টি শিৱসাগৰতে কোঠ পাতি উজনিৰ ৰণ ঘোষণা গৌৰৱ গগৈৰ ৷ ভূপেন বৰা-অখিল গগৈৰ সম্পৰ্কক লৈ দেৱব্ৰত শইকীয়াৰ সন্দেহৰ প্ৰশ্ন ৷

Gaurav Gogoi vs Akhil Gogoi
আহোমৰ পৰম্পৰাগত সাজত গৌৰৱ গগৈ (Social Media@GauravGogoi)
author img

By ETV Bharat Assamese Team

Published : June 2, 2025 at 6:18 PM IST

5 Min Read
Choose ETV Bharat

গুৱাহাটী : গৌৰৱ গগৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি হ’ল । অখিল গগৈৰ কি হ’ব ? কিয়নো অখিল গগৈৰ সমষ্টিতে কোঠ পাতি ৰণ ঘোষণা কৰিছে গৌৰৱে ৷

আনহাতে, অখিল গগৈক লৈ শিৱসাগৰত প্ৰশ্ন উত্থাপন উত্থাপন কৰিছে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা দেৱব্ৰত শইকীয়াই । শিৱসাগৰৰ পৰাই উজনি অসমৰ ৰাজনীতি পৰিচালনা কৰাৰ পৰিকল্পনা গৌৰৱ গগৈৰ ।

সভাপতি হিচাপে নিযুক্তি লাভ কৰি অসমলৈ আহিয়েই শনিবাৰে প্ৰথমটো নিশা গৌৰৱ গগৈয়ে কটালে শিৱসাগৰত ৷ যোৰহাটৰ সাংসদজনে শনি আৰু দেওবাৰৰ এই দুদিন উজনি অসম ভ্ৰমণত সামৰি লয় তিতাবৰ, টীয়ক, যোৰহাট, নাজিৰা আৰু শিৱসাগৰ আদি সমষ্টি ।

বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ সংবাদ মাধ্যমক সম্বোধন (ETV Bharat Assam)

শিৱসাগৰৰ পৰা নগাঁৱলৈ বিশাল কনভয়েৰে ওভতনি যাত্ৰা গৌৰৱ গগৈৰ

প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে নিযুক্তি লাভ কৰিয়েই উজনি অসমৰ পূৰ্বৰ কংগ্ৰেছৰ দুৰ্গ উদ্ধাৰত গুৰুত্ব প্ৰদান কৰিছে গৌৰৱ গগৈয়ে । সেয়ে সভাপতি হোৱাৰ পিছত গুৱাহাটীলৈ নাহি দিল্লীৰ পৰা পোনে পোনে শনিবাৰে গৌৰৱ গগৈ বিমানযোগে উপস্থিত হয়গৈ যোৰহাট চহৰত । ৩১মে’, শনিবাৰে যোৰহাট বিমানবন্দৰত উপস্থিত হৈ যোৰহাটত কিছু সময় ৰৈ পৰৱৰ্তী সময়ত পথেৰে তিতাবৰলৈ যাত্ৰা কৰে ।

পূৰ্ব নিৰ্ধাৰিত কাৰ্যসূচী অনুসৰি গৌৰৱ গগৈয়ে পিতৃ তৰুণ গগৈয়ে পূৰ্বে প্ৰতিনিধিত্ব কৰা তিতাবৰত জ্যেষ্ঠ নাগৰিকৰ সৈতে বৈঠকত মিলিত হয় । পিছত নাজিৰা হৈ শিৱসাগৰলৈ যায় প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকী । শনিবাৰৰ নিশাটো শিৱসাগৰ নগৰত কটোৱাৰ পিছত দেওবাৰে শিৱসাগৰত সদলবলে গৌৰৱ গগৈ উপস্থিত হয়গৈ শিৱদৌলত ৷

Gaurav Gogoi vs Akhil Gogoi
শিৱদৌলত গৌৰৱ গগৈ (Social Media@GauravGogoi)

তাৰ পিছত শিৱসাগৰৰ পৰা ৰাওনা হয় নগাঁও অভিমুখে ৷ বাটত লাচিত বৰফুকনৰ সমাধি ক্ষেত্ৰত মুগাৰ সাজ-পাৰ পিন্ধি অনুগামীৰ সৈতে সোমায় গৌৰৱ গগৈ।

কেনেকৈ আহিল অখিল প্ৰসংগ ?

কংগ্ৰেছেৰে মিত্ৰতাক লৈ ভূপেন বৰা সভাপতি হৈ থাকোঁতে ৩১ মে’ৰ ভিতৰত মিত্ৰতাৰ বিষয়টোৰ আলোচনা শেষ কৰিবলৈ আহ্বান জনাইছিল অখিল গগৈয়ে । লগতে শেহতীয়াভাৱে গৌৰৱ গগৈক ক্ষুৰধাৰ সমালোচনা কৰি আহিছিল অখিল গগৈয়ে । গৌৰৱ গগৈৰ সভাপতি পদ লাভৰ পিছত গৌৰৱৰ প্ৰতি কণ্ঠ নৰম হৈছে অখিল গগৈৰ । ইফালে পাকিস্তান সংযোগ বিতৰ্কত গৌৰৱ গগৈৰ কাষত থিয় দিছে অখিল গগৈয়ে ।

আনহাতে, তাৰ বিপৰীতে গৌৰৱ গগৈয়ে যেন মুঠেই গুৰুত্ব দিব খোজা নাই ৰাইজৰ দলৰ সভাপতি অখিল গগৈক ৷ সভাপতি হৈ শিৱসাগৰত গৌৰৱ গগৈয়ে গ্ৰহণ কৰে দুদিনীয়া দলীয়-ব্যক্তিগত কাৰ্যসূচী । কিন্তু সোমবাৰ আৰু দেওবাৰে কতোৱেই এবাৰো সৌজন্যমূলকভাৱে দেখা পোৱা নগ’ল গৌৰৱ গগৈৰ সৈতে ৰাইজৰ দলৰ নেতা, শিৱসাগৰৰ বিধায়ক অখিল গগৈক ।

Gaurav Gogoi vs Akhil Gogoi
শিৱদৌলত গোৰৱ গগৈ (Social Media@GauravGogoi)

ৰাইজৰ দল আৰু কংগ্ৰেছ দুয়োটা দলৰ ভিতৰুৱা তথ্য মতে, গৌৰৱ গগৈ সভাপতি হোৱাৰ পিছত গৌৰৱ আৰু অখিলৰ মাজত এবাৰো পোনপটীয়া যোগাযোগ হোৱা নাই । তাৰ বিপৰীতে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা, বিধানসভাত বিৰোধীৰ দলপতি তথা নাজিৰাৰ বিধায়ক দেৱব্ৰত শইকীয়াই গৌৰৱ গগৈয়ে শিৱসাগৰত ২০২৬ৰ ৰণডংকা বজোৱাৰ সময়তে অখিল গগৈক দেওবাৰে কৰে ক্ষুৰধাৰ আক্ৰমণ ৷

গৌৰৱ গগৈৰ সৈতে শিৱদৌলৰ কাৰ্যসূচীত ভাগ লৈ দেৱব্ৰত শইকীয়াই টাৰ্গেট কৰি লয় অখিল গগৈক । "বিৰোধী শক্তিশালী হ'লে ভাল ৷ কিন্তু বিৰোধী শক্তিশালী হোৱাত বিভিন্ন কাৰকে বাধা দিয়ে । কংগ্রেছক বদনাম কৰি কংগ্ৰেছৰ পৰা ভাল মনোভাব আশা কৰিব নোৱাৰি ৷" মিত্ৰতাৰ প্ৰসংগত অখিল গগৈক কটাক্ষ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ ৷

আনহাতে, মিত্ৰতাৰ ক্ষেত্ৰত বাধাস্বৰূপে উদাহৰণ দি দেৱব্ৰত শইকীয়াই স্পষ্ট ৰূপত আক্ৰমণ কৰে অখিল গগৈক ৷ কেৱল অখিলকেই সমালোচনা নহয়, লগতে সামৰি লয় প্ৰাক্তন সভাপতি ভূপেন বৰাকো ।

দেবব্ৰত শইকীয়াৰ মন্তব্য, “সঁচা-মিছা পিছৰ কথা, পঞ্চায়ত নিৰ্বাচনৰ সময়ত অখিল গগৈয়ে কৈ দিলে ভূপেন বৰাই গাড়ী কিনিছে । এইটো যদি সঁচা, এইটো বৰ ডাঙৰ কথা ৷ পিছত কৈ দিলে এইটো আমাৰ ভাই-ককাইৰ কথা । সাধাৰণ মানুহেতো এইবোৰ কথা নাজানে । দুয়োজনকে ৰাজনৈতিক নেতা হিচাপে জানে । দুয়োজন দুটা দলৰ সভাপতি । যদি পঞ্চায়ত নিৰ্বাচনৰ মাজত এনেকুৱা মন্তব্য এজনে আনজনৰ বিৰুদ্ধে দিয়ে, তেন্তে কিমানদূৰ ৰাইজে আমাক আস্থাত ল’ব ?”

Gaurav Gogoi vs Akhil Gogoi
লাচিত বৰফুকনৰ সমাধি ক্ষেত্ৰত গৌৰৱ গগৈ (Social Media@GauravGogoi)

এনে পৰিৱেশত স্বাভাৱিকতেই প্ৰশ্ন উত্থাপন হৈছে, আগন্তুক বিধানসভা নিৰ্বাচনত শিৱসাগৰত কি হ’ব অখিল গগৈৰ ? শিৱসাগৰত কংগ্ৰেছে শক্তিশালীভাৱে বিৰোধিতা কৰিব নেকি অখিল গগৈৰ ? ৰাইজৰ দলৰ সৈতে মিত্ৰতাৰ ক্ষেত্ৰত কঠোৰ হ’ব নেকি কংগ্ৰেছ দল ?

লগতে পঢ়ক :কংগ্ৰেছৰ উত্থান একাংশ বিজেপি আৰু আৰ এছ এছ নেতাই ভাল পাইছে: গৌৰৱ গগৈ - GAURAV GOGOI MEET PARTY WORKER
লগতে পঢ়ক :কংগ্ৰেছৰ সভাত মানুহৰ হিচাপ কৰাতকৈ ক'ত বান হৈছে তাৰ খবৰ কৰক: গৌৰৱ গগৈ - GAURAV GOGOI SLAMS BJP