মুখ্যমন্ত্ৰীৰ চকীত বহাৰ যোগ্য নহয় হিমন্ত বিশ্ব শৰ্মা: অনুভৱ কৰিছে গৌৰৱ গগৈয়ে
তিনিচুকীয়াত কংগ্ৰেছত যোগদান ৩০০ লোকৰ । গৌৰৱ গগৈৰ মতে ৰাইজে বিজেপিৰ বিকল্প বিচাৰিছে ৷

Published : August 9, 2025 at 7:19 PM IST
তিনিচুকীয়া: ড৹ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীৰ চকীৰ বহাৰ যোগ্য নহয় । কেৱল সেয়াই নহয়, মুখ্যমন্ত্ৰীৰ অহংকাৰী বক্তব্য এতিয়া সকলোৱে বেয়া পাইছে । সেইবাবে ৰাইজে বিচাৰিছে বিজেপিৰ বিকল্প । মুখ্য়মন্ত্ৰীৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ এইদৰে মন্তব্য় কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে ।
শনিবাৰে তিনিচুকীয়াৰ চাহ মজদুৰ সংঘৰ কাৰ্যালয়ত ৰাখীবন্ধনত অংশগ্ৰহণ কৰাৰ লগতে গেলাপুখুৰীস্থিত মৰাণ ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ প্ৰাংগণত থকা মৰাণ ৰজা বদৌছা প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰে ৷ তাৰ পাছতে শদিয়াৰ টুপচিঙা গাঁৱলৈ দলীয় কাৰ্যসূচীৰ বাবে যাত্ৰা কৰে । তিনিচুকীয়া জিলা কংগ্ৰেছৰ সভাপতি দূৰ্গা ভূমিজৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানটোত জিলাখনৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ ৩০০ গৰাকী লোকে কংগ্ৰেছ দলত যোগদান কৰে ।
মুখ্যমন্ত্ৰীৰ অহংকাৰী বক্তব্য সকলোৱে বেয়া পাইছে :
এই যোগদান কৰা সকলৰ ভিতৰত আছে অৱসৰপ্ৰাপ্ত শিক্ষক তথা অসম মৰাণ সভাৰ প্ৰাক্তন সভাপতি দুলাল মৰাণ, বিজেপি কৰ্মী, আম আদমি পাৰ্টীৰ লগতে বিভিন্ন দ’ল-সংগঠনৰ নেতা-কৰ্মী আদি ৷ ইয়াৰ পিছতেই মুখ্য়মন্ত্ৰীৰ বিৰুদ্ধে সৰৱ হৈ গৌৰৱ গগৈয়ে সাংবাদিকৰ আগত কয়, "মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিটো ক্ষেত্ৰত বিফল হৈছে । এইকেইটা দিনত তেওঁলোকৰ ৰাজনীতি সকলোৱে বুজি পাইছে । তেওঁৰ অহংকাৰী বক্তব্য সকলোৱে বেয়া পাইছে ৷ অসমৰ মুখ্যমন্ত্ৰীৰ চকীৰ মৰ্যাদা আছে আৰু প্ৰতিগৰাকী অসমৰ ব্যক্তিয়ে বুজি পাইছে যে তেওঁ অসমৰ মুখ্যমন্ত্ৰীৰ চকীত বহাৰ যোগ্য নহয় ।"

প্ৰতিখন জিলাতেই বিজেপিৰ কাজিয়া কিয় ?
ইফালে, বিভিন্ন দল-সংগঠনৰ সদস্যকে ধৰি প্ৰায় ৩০০ গৰাকী লোকে আজি কংগ্ৰেছ দলত যোগদান কৰে ৷ এই সন্দৰ্ভত সভাপতি গৌৰৱ গগৈয়ে কয়, “বিজেপিৰ প্ৰতিখন জিলাত নিজৰ মাজত ইমানেই কাজিয়া, তিনিচুকীয়াত পৌৰসভাক লৈ ইমানেই কাজিয়া যে উন্নয়নমূলক যিসমূহ কাম হ’ব লাগিছিল এটাও হোৱা নাই । প্ৰত্যেক ক্ষেত্ৰত বিজেপিৰ মানুহ, বিধায়কৰ দাবীদাৰ, বিধায়কৰ বিৰোধী মানুহবোৰ পৌৰপতি, উপ-পৌৰপতিক লৈ কাজিয়া লাগি থাকে । যাৰ ফলত কোনো উন্নয়নমূলক কাম হোৱা নাই আৰু তাৰ ফল সাধাৰণ জনতাই ভুগিছে ।”

ৰাইজে বিজেপিৰ বিকল্প বিচাৰে :
তেওঁ পুনৰ কয়, “আজি তিনিচুকীয়াত জিলা কংগ্ৰেছে এক সুন্দৰ অনুষ্ঠানৰ আয়োজন কৰিলে য’ত বহুখিনি নতুন মানুহে আহি কংগ্ৰেছ দলত যোগদান কৰিলে । আজি দিনটোতে আমি বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰি আছো । আমি ভাৰত চোড়ো আন্দোলনৰ বাৰ্ষিকী পালন কৰিছো, আজি ৰাখীবন্ধন, বিশ্ব আদিবাসী দিৱস আৰু ভাৰতীয় যুৱ কংগ্ৰেছৰ স্থাপনা দিৱস ৷ এই বিভিন্ন কাৰ্যসূচীত আমি অংশগ্ৰহণ কৰোতে ৰাইজৰ কংগ্ৰেছ দলৰ প্ৰতি যি আস্থা দেখা পাইছো ইয়াৰ পৰা এটাই প্ৰমাণ হয় যে কংগ্ৰেছ দল দিনে দিনে আৰু শক্তিশালী হৈছে আৰু ৰাইজে স্পষ্টভাৱে বিজেপিৰ বিকল্প বিচাৰে ।"
অসম চুক্তিয়েই মানি নলয় বিজেপিয়ে :
আনহাতে, অসম চৰকাৰে ২০১৪ চনৰ ৩১ ডিচেম্বৰৰ পূৰ্বে অহা অমুছলমান লোকসকলৰ বিৰুদ্ধে থকা বিদেশী গোচৰ প্ৰত্যাহাৰ কৰিবলৈ জিলা আয়ুক্ত আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষকসকলক আদেশ জাৰি কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি গৌৰৱ গগৈয়ে কয়, “আজিৰ তাৰিখত প্ৰতিগৰাকী লোকক তেওঁলোকে মিছা প্ৰলোভন দি আহিছে । বিজেপিয়ে এটা সময়ত কৈছিল যে অসম চুক্তি তেওঁলোকে মানিব; কিন্তু এতিয়া তেওঁলোকে অসম চুক্তিয়েই মানি নলয় । 'কা'ৰ সময়ত তেওঁলোকে অসমৰ বাঙালী সমাজে নিজকে বাংলাদেশী হোৱাৰ চাৰ্টিফিকেট দিব লাগে বুলি কৈছিল, এয়া বাঙালী সমাজৰ প্ৰতি তেওঁলোকৰ চিন্তাধাৰা । আজিৰ দিনত বিজেপি দল ইমান অহংকাৰী যে প্ৰত্যেকটো ভাষা-ভাষী, ধৰ্মাৱলম্বী লোকেই এইখন চৰকাৰৰ পৰা কষ্ট পাইছে ৷”
তিনিচুকীয়াত উপস্থিত হোৱা গৌৰৱ গগৈয়ে প্ৰথমে ঐতিহাসিক তিনিকোণীয়া পুখুৰীৰ পাৰত থকা মটক ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ তথা বন্তি প্ৰজ্বলন কৰি আশীৰ্বাদ গ্ৰহণ কৰে । তাৰ পাছতে ক্ৰমে এ টি ৰ’ডৰ তিনিকোণীয়াস্থিত মা কালী মন্দিৰ আৰু গুৰুদ্বাৰত উপস্থিত হৈ আগন্তুক দিনসমূহৰ বাবে আশীৰ্বাদ গ্ৰহণ কৰি নাট্যমন্দিৰৰ সভাগৃহত এখন দলীয় বৈঠকত অংশগ্ৰহণ কৰে ।

