অমিত শ্বাহে অসমৰ ৰাইজৰ বাবে ভাল চিন্তা কৰিব বুলি আশা কৰিছো: গৌৰৱ গগৈ
উত্তৰ-পূৰ্বাঞ্চলৰ বানপানী সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত অমিত শ্বাহক স্পষ্টীকৰণ দিবলৈ দাবী কংগ্ৰেছৰ ।

Published : August 29, 2025 at 5:21 PM IST
মৰাণ: অমিত শ্বাহে অসমলৈ আহি কংগ্ৰেছক গালি পাৰিব ৷ কিন্তু অসমৰ ৰাইজৰ বাবে ভাল চিন্তা কৰিব বুলি আশা কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈয়ে । কেৱল সেয়াই নহয়, বানপানী সমস্যা সমাধানৰ ক্ষেত্ৰত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে দিয়া পৰামৰ্শ কাৰ্যকৰী কৰা হৈছে নে নাই সেই সন্দৰ্ভতো জানিব বিচাৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ।
শাসক দলৰ সমান্তৰালভাৱে বিৰোধী কংগ্ৰেছ দলেও '২৬ ৰ বিধানসভা নিৰ্বাচনলৈ কঁকালত টঙালি বান্ধিছে । কংগ্ৰেছ দলে সাংগঠনিক কামকাজৰ লগতে জিলাই জিলাই বি এল এ প্রশিক্ষণ কার্যসূচী অনুষ্ঠিত কৰিছে । শনিবাৰে চৰাইদেউ জিলা কংগ্রেছ কমিটীৰ অধীনৰ সোণাৰি আৰু মাহমৰা বিধানসভা সমষ্টিৰ কংগ্ৰেছ দলৰ বি এল এ সকলৰ প্রশিক্ষণ কার্যসূচী অনুষ্ঠিত কৰা হয় । এই কাৰ্যসূচীত চৰাইদেউত উপস্থিত হোৱা প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ভ্ৰমণৰ লগতে আন কেইবাটাও কাৰ্যসূচীক লৈ অনুষ্ঠিত কৰে সংবাদমেল ।
গৌৰৱ গগৈয়ে কয়, "গৃহমন্ত্ৰীৰ অসম আগমনৰ সময়ত কালি কৃত্ৰিম বানপানীত ৰাইজে কষ্ট পাবলগীয়া হৈছে । গৃহমন্ত্ৰী অমিত শ্বাহে এটা সময়ত পৰামৰ্শ দিছিল উত্তৰ-পূৰ্বাঞ্চলৰ বানপানী সমস্যা দুৰ কৰিবলৈ ডাঙৰ ডাঙৰ পুখুৰী খান্দিবলৈ; কিন্তু গৃহমন্ত্ৰীৰ এই পৰামৰ্শ কৰ'বাত কাৰ্যকৰী হ'ল নেকি জানিব বিচাৰিছো ।"
অমিত শ্বাহক স্পষ্টীকৰণ দিবলৈ দাবী :
অন্যান্য ৰাজ্যৰ দৰে অসমলৈ দুৰ্যোগৰ সময়ত পৰ্যাপ্ত অনুদান মুকলি কৰি দিয়া দেখা নাই বুলি মন্তব্য় কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে পুনৰ কয়, "ৰাজ্য চৰকাৰে সহায় বিচাৰিলেও সম্পূৰ্ণ সহযোগ নকৰে । এইক্ষেত্ৰত অমিত শ্বাহে নিজৰ স্পষ্টীকৰণ দিব লাগে । বানপানী গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যাৰূপে স্বীকৃতি দিব লাগে । অসমৰ প্ৰকৃতিৰ ওপৰত গুৰুত্ব দি উন্নয়ন হোৱা নাই । ঠিকাদাৰ কেন্দ্ৰিক উন্নয়ন হৈছে, য'ত ডাঙৰ ঠিকাদাৰ তাতে কাম হৈছে । অসমৰ প্ৰাকৃতিক সমস্যা, দৰিদ্ৰ ৰাইজৰ সমস্যাক গুৰুত্ব দিয়া হোৱা নাই । অমিত শ্বাহে অসমলৈ আহি কংগ্ৰেছক গালি পাৰিব কিন্তু অসমৰ ৰাইজৰ বাবে ভাল চিন্তা কৰিব বুলি আশা কৰিছো । "
নিজৰ নামত বাগান খোলাৰ বাবেই উচ্ছেদ :
উচ্ছেদক লৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে কয়, "২০১৮ চনত এন আৰ চিৰ খচৰাৰ পৰা ৪০ লাখ মানুহ বঞ্চিত হ'ল তেতিয়া বিজেপিয়ে খুউব ভাল পাইছিল । তেওঁলোকে কৈছিল ৪০ লাখ লোকক অসমৰ পৰা বাহিৰ কৰি দিম; কিন্তু কংগ্ৰেছ দলে সেই মানুহখিনিৰ কথা চিন্তা কৰিছিল । কাৰণ গৃহমন্ত্ৰীক জনাব বিচাৰো অসমৰ বহু গোৰ্খা মানুহ এন আৰ চিৰ পৰা বঞ্চিত হৈছে । তেওঁলোকক ন্যায় দিব লাগে । আজি 'কা' সম্পৰ্কত যি আইন আনিছে তাৰ বাবে অসমৰ বাঙালি সমাজক এক সন্দেহজনক অৱস্থালৈ ঠেলি দিছে ; কিন্তু বিজেপি চৰকাৰৰ বিফলতাৰ বাবে অসমৰ বাঙালীসকলে নিজকে বাংলাদেশী ক'ব লাগিব । বিজেপি চৰকাৰে অসমৰ ভাষিক সংখ্যালঘু লোকক এনে এটা স্থিতিলৈ অনাত গৰিহণা দিছো ।"
বিজেপিয়ে সদায় নিজৰ স্থিতি সলনি কৰে :
তেওঁ পুনৰ কয়, "এইখন চৰকাৰে জাতি-মাটিৰ কথা কৈ উচ্ছেদ চলাই আছে । বিজেপি চৰকাৰে খিলঞ্জীয়া আৰু ভাষিক সংখ্যালঘু লোকক উচ্ছেদ কৰিছে । বাদ পৰি ৰোৱা নাই চাহ শ্ৰমিক । উচ্ছেদ কৰাৰ কাৰণ দুটাই-আদানী, আম্বানীক মাটি দিয়া আৰু নিজৰ নামত বাগান খোলা । বাগান খুলি অসমৰ নেতাসকলে ক'লা ধন বগা কৰিবলৈ বিচাৰে । ক'লা ধনক লৈ প্ৰধানমন্ত্ৰী মোদীয়ে আপত্তি কৰিছিল; কিন্তু এতিয়া ক'লা ধনক লৈ আপত্তি নাই বুলি কৈ দিছে । এয়াই বিজেপিৰ স্থিতি । বিজেপিয়ে সদায় নিজৰ স্থিতি সলনি কৰে ।"

