গুৱাহাটী : "সদনৰ ভিতৰত কোৱা কথা আৰু ৰাজনৈতিক মঞ্চত কোৱা কথাৰ মাজত পাৰ্থক্য থাকিব লাগে । আমি বহু কথা ৰাজনৈতিক মঞ্চত তথা নিৰ্বাচনী সভাত ক'ব পাৰো; কিন্তু সদনৰ এটা মৰ্যাদা থাকে । সদনত ৰাজনৈতিক চিন্তাধাৰা নহয়, সদনৰ ভিতৰত সংবিধান অনুসৰি কথা হোৱাটো উচিত ।" এই মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈৰ । মঙলবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত সংবাদ মাধ্যমক সম্বোধন কৰি গৌৰৱ গগৈয়ে অসম বিধানসভাৰ অভিজ্ঞতা সন্দৰ্ভত এইদৰে মন্তব্য় কৰে ।
উল্লেখ্য যে সাংসদ গৌৰৱ গগৈয়ে অসম বিধানসভাৰ সোমবাৰে অনুষ্ঠিত এদিনীয়া বিশেষ অধিৱেশন অধ্যক্ষৰ গেলাৰীৰ পৰা প্ৰত্যক্ষ কৰিছিল । সেই সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত গৌৰৱ গগৈয়ে কয়, "সামগ্ৰিকভাৱে মই কৈছো যে সদনৰ ভিতৰত কোৱা কথা আৰু ৰাজনৈতিক মঞ্চত কোৱা কথাৰ মাজত পাৰ্থক্য থাকিব লাগে । আমি বহু কথা ৰাজনৈতিক মঞ্চত তথা নিৰ্বাচনী সভাত ক'ব পাৰো; কিন্তু সদনৰ এটা মৰ্যাদা থাকে । সদনত ৰাজনৈতিক চিন্তাধাৰা নহয়, সদনৰ ভিতৰত সংবিধান অনুসৰি কথা হোৱাটো উচিত । সাংবিধানিক পদবীত থকা ব্যক্তিৰ ওপৰত দায়িত্ব আৰু অধিক; কিন্তু মই কালি দেখা পালো যে কিছুমান ব্যক্তিয়ে নিৰ্বাচনী প্ৰচাৰ সভা আৰু সদনৰ মাজৰ পাৰ্থক্য বুজি পোৱা নাই । ক'ৰবাত বিজেপি দলৰ নিৰ্বাচনী সভা আছে নেকি । যাৰ বাবে তেওঁলোকে কিছুমান কথা কৈ আছে ।"
সদনৰ আৰু সাংবিধানিক পদবীৰ গাম্ভীৰ্যটো কিছুমানে বুজি পোৱা নাই বুলি মন্তব্য কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে লগতে কয়, "দিল্লীতো মই সদনত দেখিছো যে বিজেপি দলৰ কিছুমান ডাঙৰ ডাঙৰ মন্ত্রীয়ে নিৰ্বাচনৰ সময়ত কৈ থকা কথাবোৰ সদনৰ মজিয়াত নকয় । সদনৰ মৰ্যাদা-গাম্ভীৰ্য তেওঁলোকে বুজি পায় । দুখ লাগে যে অসমত কিছুমান ব্যক্তি আছে যিসকলে সেই পাৰ্থক্যটো আজিও বুজি পোৱা নাই ।"

কিয় কেবিনেটত এজন মানুহক লৈ চৰ্চা হ'ল ?
সদনত মুখ্যমন্ত্রীয়ে গৌৰৱ গগৈৰ পৰিয়ালৰ প্ৰসংগত কৰা মন্তব্য সন্দৰ্ভত তেওঁ কয়, "এইটো একো নতুন কথা নহয় । সদনত কিয় কেবিনেটত এজন মানুহক লৈ চৰ্চা হ'ল ? কেবিনেটত এজন ব্যক্তিক লৈ কেতিয়াবা কোনো সিদ্ধান্ত লোৱা শুনা পাইছে জানো ? বিজেপি চৰকাৰৰ যদি কিবা মোৰ 'বডী ডাবল'ৰ ভুত সোমাই গৈছে তেন্তে মই ক'ব নোৱাৰো । মোৰ সান্তনা থাকিল যে ভাল হওক, সুস্থ থাকক । কামখিনি ভালদৰে কৰক। আমাৰ বাবে এইবোৰ একো নতুন কথা নহয় ।"
আনহাতে, জাতিগত গণনা প্ৰসংগত গৌৰৱ গগৈয়ে কয়, "ৰাহুল গান্ধীয়ে দীৰ্ঘদিনীয়া আন্দোলনৰ পাছত কেন্দ্ৰীয় চৰকাৰৰ ওপৰত হেঁচা প্ৰয়োগ কৰি কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা জাতিগত গণনাৰ প্ৰক্ৰিয়া আৰম্ভ কৰাবলৈ সক্ষম হৈছে; কিন্তু ৰাহুল গান্ধীয়ে বাৰম্বাৰ কৈছে যে জাতিগত পিয়ল কেৱল মাত্র এটা আমোলাতান্ত্রিক অনুশীলন হ'ব নালাগে । ইয়াত বিভিন্ন ৰাজ্যৰ-সমাজৰ যিবিলাক সমস্যা আছে সেইবিলাক জাতিগত গণনাৰ গাইডলাইন বনাওতে অন্তৰ্ভূক্ত কৰাৰ বাবে ৰাহুল গান্ধীয়ে বাৰম্বাৰ কৈছে ।"

জাতিগত গণনাই অসমৰ মানুহক সহায় কৰিব :
তেওঁ লগতে কয়, "অসমৰ ক্ষেত্রত আমি বাৰম্বাৰ কৈছো যে জাতিগত গণনাই অসমৰ মানুহক যথেষ্ট সহায় কৰিব । জনজাতিকৰণৰ দাবী কৰি থকা জনগোষ্ঠীসমূহৰ গণনা, সামাজিক-অৰ্থনৈতিক অৱস্থাৰ তথ্য ইয়াৰ যোগেদি লাভ কৰিব পাৰিলে তেওঁলোকৰ দাবী আৰু অধিক শক্তোশালী হ'ব । এছ টি হিলছৰ বহুলোকে এছ টি প্লেইনছত সুবিধাবোৰ নাপায় । এছ টি আৰু সংখ্যালঘু বহু শিক্ষাৰ্থীয়ে চৰকাৰী বহু আঁচনিৰ সুবিধা নাপায় । সামাজিক ন্যায়ৰ ক্ষেত্রত জাতিগত গণনাই অসমৰ মানুহক যথেষ্ট সহায় কৰিব । এইক্ষেত্রত কংগ্ৰেছ দলৰ ভূমিকা যথেষ্ট গুৰুত্বপূৰ্ণ আৰু কংগ্ৰেছৰ বিভিন্ন শাখাক ইতিমধ্যে জাতিগত গণনা সম্পৰ্কত জনসাধাৰণৰ লগত মত-বিনিময় কৰিবলৈ অনুৰোধ জনাইছো । অসমৰ বুদ্ধিজীৱিসকলৰ পৰা সু-পৰামৰ্শ ল'বলৈ অনুৰোধ জনাইছো । আমাৰ ফালৰ পৰা এখন প্ৰতিবেদন প্ৰস্তুত কৰিব বিচাৰিছো । গাইডলাইন সম্পৰ্কত আমি চৰকাৰক সু-পৰামৰ্শ আগবঢ়াম ।"
আনহাতে প্ৰদেশ কংগ্ৰেছৰ পৰ্যবেক্ষক নিযুক্তিৰ প্ৰসংগত তেওঁ কয়, "মই ফিডবেক পাইছো । বহুতে কৈছে যে তৃণমূল পৰ্যায়ৰ পৰা মানুহবোৰ চিনাক্ত কৰা হৈছে । এনে বহু লোক আছে যি জিলাত কাম কৰিছে, প্ৰদেশ কংগ্ৰেছত কাম কৰা নাই । সেইখিনি মানুহক আমি নিজৰ উৎসত চিনাক্ত কৰিছো । উচিত মঞ্চ নোপোৱাসকলক আমি স্বীকৃতি দিছো । বহুতে এই নিযুক্তিক ভাল পাইছে ।"
উল্লেখ্য যে আজি গৌৰৱ গগৈয়ে ৰাজীৱ ভৱনত কেইবাখনো বৈঠকত মিলিত হয় । গুৱাহাটী ৰাজীৱ ভৱনত গৌৰৱ গগৈৰ উপস্থিতিত প্ৰদেশ কংগ্ৰেছৰ অ' বি চি বিভাগৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় । সেইদৰে প্ৰদেশ কংগ্ৰেছৰ সাহাৰ্য আৰু পুনৰুদ্ধাৰ বিভাগৰো এখন গুৰুত্বপূৰ্ণ বৈঠক গৌৰৱ গগৈৰ উপস্থিতিত অনুষ্ঠিত হয় । তদুপৰি গৌৰৱ গগৈৰ উপস্থিতিত প্ৰদেশ কংগ্ৰেছৰ অনুসূচীত জাতি বিভাগৰো এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় ।