ETV Bharat / politics

ভূপেন বৰাই ডাঙৰ সিদ্ধান্ত লৈছিল: কি সিদ্ধান্তৰ কথা ক'লে গৌৰৱ গগৈয়ে

বিৰোধী ঐক্যৰ মিত্ৰতা হ'লেও এ আই ইউ ডি এফৰ সৈতে নকৰাৰ ইংগিত গৌৰৱ গগৈৰ । এই মিত্ৰতাৰ বিৰোধিতাক ভূপেন বৰাৰ সফলতা আখ্যা গৌৰৱ গগৈৰ ।

Gaurav Gogoi on AIUDF alliance
ভূপেন বৰাই ডাঙৰ সিদ্ধান্ত লৈছিল: কি সিদ্ধান্তৰ কথা ক'লে গৌৰৱ গগৈয়ে (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 2, 2025 at 9:03 PM IST

4 Min Read
Choose ETV Bharat

নগাঁও : ৰাজ্যত বিজেপিক উৎখাত কৰিবলৈ বিৰোধী ঐক্যৰ প্ৰয়োজনীয়তাৰ প্ৰসংগত বিভিন্ন মহলত আলোচনা চলি থকাৰ সমান্তৰালকৈ বিৰোধী ঐক্যত স্থান দখল কৰিবলৈ এ আই ইউ ডি এফেও বিভিন্ন সময়ত চেষ্টা অব্যাহত ৰাখিছে । এ আই ইউ ডি এফক বাদ বিৰোধী ঐক্য সফল নহ’ব বুলি এ আই ইউ ডি এফৰ প্ৰধান বদৰুদ্দিন আজমলে প্ৰায়েই মন্তব্য কৰি আহিছে যদিও শেহতীয়াকৈ অসম প্ৰদেশ কংগ্ৰেছৰ নৱনিযুক্ত সভাপতি গৌৰৱ গগৈৰ নেতৃত্বত এ আই ইউ ডি এফক মিত্ৰতাত গ্ৰহণ নকৰাৰে স্পষ্ট ইংগিত দিলে গৌৰৱ গগৈয়ে ।

২০২১ চনৰ বিধানসভা নিৰ্বাচনত এ আই ইউ ডি এফৰ সৈতে মিত্ৰতা কৰি কংগ্ৰেছে বিপৰ্যয়ৰ সন্মুখীন হোৱা বুলি আৰম্ভ হোৱা চর্চাৰ পাছতেই অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব লৈয়েই এ আই ইউ ডি এফৰ সৈতে মিত্ৰতা ভংগ কৰিছিল কংগ্ৰেছে । আনকি এ আই ইউ ডি এফৰ সৈতে কংগ্ৰেছৰ মিত্ৰতাৰ তীব্ৰ বিৰোধিতা কৰিছিল ভূপেন বৰাই ।

প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ (ETV Bharat Assam)

আনহাতে, ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বেও সংখ্যালঘু অধ্যুষিত এলেকাত সাংগঠনিক শক্তি বৃদ্ধি কৰাৰ পৰিকল্পনা ৰচনা কৰা এ আই ইউ ডি এফ দলে এইবেলিও কংগ্ৰেছৰ সৈতে মিত্ৰতাৰ পোষকতা কৰি বিভিন্ন সময়ত দলটোৰ নেতৃত্বই মন্তব্য কৰি আহিছে যদিও এ আই ইউ ডি এফৰ এনে পৰিকল্পনাত গৌৰৱ গগৈৰ নেতৃত্বত চেঁচাপানী ঢলাৰ সম্ভাৱনাই একপ্ৰকাৰ নিশ্চিত হৈ পৰিছে গৌৰৱ গগৈৰ এক মন্তব্যত ।

Gaurav Gogoi on AIUDF alliance
বদৰুদ্দিন আজমল ফাইল ফটো (Badruddin Ajmal's FB page)

অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰিয়ে উজনি অসমৰ পাছত সোমবাৰে নগাঁৱত উপস্থিত হোৱা প্ৰদেশ কংগ্ৰেছৰ নৱনিযুক্ত সভাপতি গৌৰৱ গগৈয়ে এ আই ইউ ডি এফৰ সৈতে মিত্ৰতা নকৰাৰ ইংগিত প্ৰদান কৰিছে সংবাদ মাধ্যমৰ সন্মুখত ।

২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ পাছত ভূপেন বৰাই অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব লৈয়েই এ আই ইউ ডি এফৰ সৈতে মিত্ৰতাৰ বিৰোধিতা কৰাটো ভূপেন বৰাৰ ডাঙৰ সিদ্ধান্ত আছিল বুলি মন্তব্য কৰি ভূপেন বৰাৰ এনে সিদ্ধান্তক সফলতা হিচাপে লোৱা বুলি স্পষ্টকৈ উল্লেখ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে ।

Gaurav Gogoi on AIUDF alliance
গৌৰৱ গগৈ ফাইল ফটো (Gaurav Gogoi's FB page)

ভূপেন বৰাৰ কি কি সফলতা দেখিলে গৌৰৱ গগৈয়ে ?

এ আই ইউ ডি এফৰ সৈতে মিত্ৰতাৰ বিৰোধিতা কৰাটো ভূপেন বৰাৰ ডাঙৰ সিদ্ধান্ত আৰু ইয়াক সফলতা হিচাপে লোৱা গৌৰৱ গগৈয়ে যেন গৌৰৱ গগৈৰ নেতৃত্বত এ আই ইউ ডি এফৰ সৈতে মিত্ৰতা সম্ভৱ নোহোৱাটোকে স্পষ্টকৈ বুজাই দিলে । প্ৰদেশ কংগ্ৰেছৰ সদ্য প্ৰাক্তন সভাপতি ভূপেন বৰাৰ নেতৃত্বক লৈ সোমবাৰে নগাঁৱত মন্তব্য কৰে নৱ নিযুক্ত সভাপতি গৌৰৱ গগৈয়ে ।

Gaurav Gogoi on AIUDF alliance
ৰাহুল গান্ধীৰ সৈতে প্ৰাক্তন প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা (Bhupen Borah's FB page)

সংবাদ মাধ্যমৰ সন্মুখত ভূপেন বৰাৰ দুটা সফলতাৰ কথা উল্লেখ কৰি গৌৰৱ গগৈয়ে কয়, “ভূপেন বৰাৰ মই সফলতা দেখিছো । দলটোৰ অসমৰ দায়িত্ব লৈয়েই ভূপেন বৰাৰ ডাঙৰ সিদ্ধান্তটো আছিল এ আই ইউ ডি এফৰ সৈতে মিত্ৰতাৰ বিৰোধিতা । ইয়াৰ উপৰি ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাতো ভূপেন বৰাৰ নেতৃত্বত অসমত সফলতা লাভ কৰিছিল ।”

গৌৰৱ গগৈৰ এনে স্পষ্ট ইংগিতৰ পাছত বিৰোধী ঐক্য কিম্বা কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰিবলৈ এ আই ইউ ডি এফে দিল্লীৰ শৰণাপন্ন হ’ব নে 'একলা চলোঁ' নীতিৰে আগন্তুক ২০২৬ৰ বৈতৰণী পাৰ কৰিবলৈ চেষ্টা চলাব সেয়া অৱশ্যে পৰৱৰ্তী সময়ত ৰাজ্যৰ ৰাজনীতিত লক্ষণীয় হ’ব ।

লগতে পঢ়ক :শিৱসাগৰত গৌৰৱ গগৈৰ ৰণডংকা; ২০২৬ত কি হ’ব বিধায়ক অখিল গগৈৰ ? - GAURAV GOGOI VS AKHIL GOGOI
লগতে পঢ়ক :কংগ্ৰেছৰ উত্থান একাংশ বিজেপি আৰু আৰ এছ এছ নেতাই ভাল পাইছে: গৌৰৱ গগৈ - GAURAV GOGOI MEET PARTY WORKER