ETV Bharat / politics

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তক লৈ সন্তুষ্ট নহয় গৌৰৱ গগৈ

শ্যামকানু মহন্তৰ বিষয়ে কোনো ধৰণৰ তথ্য নাই । চৰকাৰে সমগ্ৰ বিষয়টোক বিপথে পৰিচালিত কৰাৰ অভিযোগ গৌৰৱ গগৈৰ ।

Gaurav Gogoi
গৌৰৱ গগৈ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : October 13, 2025 at 2:17 PM IST

2 Min Read
Choose ETV Bharat

তেজপুৰ : "জুবিন গাৰ্গৰ তদন্ত যিধৰণে আগবাঢ়িব লাগিছিল, সেইধৰণৰ হোৱা নাই ।" এই অভিযোগ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈৰ । তেজপুৰত সংবাদ মাধ্যমৰ সন্মুখত সাংসদ গৌৰৱ গগৈয়ে কয়, "তদন্তৰ ব্যক্তিসকলৰ ভিতৰত শ্যামকানু মহন্তৰ ভাষ্য আজিলৈকে কোনেও জানিব পৰা নাই । আজিৰ তাৰিখত শ্যামকানু মহন্তৰ বাহিৰে আমি সকলোৰে বিষয়ে জানিব পাৰিছো । কাৰণ মহন্তৰ কথা একো ওলোৱা নাই । অসমৰ সকলো শিল্পীয়ে আহি তেওঁলোকৰ মন্তব্য এছ আই টিক দিছে । প্ৰকৃততে শ্যামকানু মহন্তৰ বিষয়ে কোনো ধৰণৰ তথ্য নাই, তেওঁৰ ভূমিকা কি আছিল । আজিৰ পৰা ৬ দিন পিছত আমি জুবিনদাৰ এমহীয়া পাতিবলৈ গৈ আছোঁ । চৰকাৰে হত্যাৰ অভিযোগ আনিছে কিন্তু সেই মৃত্যু কেনেকৈ হ'ল আমি জানিবলৈ সক্ষম হোৱা নাই । এইক্ষেত্ৰত চৰকাৰে নিজেই বিচাৰে নে যে জুবিন গাৰ্গৰ মৃত্যুৰ তথ্যসমূহ ফাদিল হওঁক । তাৰ ওপৰতে আমাৰ সন্দেহ হৈছে ।"

আনহাতে প্ৰদেশ কংগ্ৰেছৰ সভাত জুবিন গাৰ্গৰ গীত 'মায়াবিনী' সকলো দলীয় কাৰ্যসূচীতে বজোৱ হ'ব বুলি ঘোষণা কৰাৰ পিছতে বিভিন্ন মহলত প্ৰতিক্ৰিয়া হোৱা বিষয়টো সন্দৰ্ভত গৌৰৱ গগৈয়ে কয়, "জুবিন গাৰ্গ আমাৰ সকলোৰে অন্তৰত আছে । এতিয়া ৰাতি শুলেও মায়াবিনী, আমাৰ আত্মাত আছে জুবিন দাই কৈ যোৱা কথা সেই ইণ্টাৰভিউ আমাৰ আত্মাত সোমাই আছে । পৰিয়ালৰ লগত কথা পাতিলেও জুবিন দাৰ বিষয়ে পাতো ।"

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তক লৈ সন্তুষ্ট নহয় গৌৰৱ গগৈ (ETV Bharat)

আনহাতে মুখ্যমন্ত্ৰীয়ে মুছলমানৰ জনসংখ্যা বৃদ্ধি সম্পৰ্কত কৰা মন্তব্যত গগৈয়ে কয়, "জুবিন দাৰ মৃত্যুৰ এমাহ হোৱা নাই । জুবিন দাই কৈছিল, "মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো জাতি নাই', তেওঁৰ সেই কথা আমি শ্ৰদ্ধাৰে সুঁৱৰিছো । কিন্তু বৰ্তমান চৰকাৰে গছ কাটিবলৈ আৰম্ভ কৰিছে আৰু ধৰ্মৰ নামত ৰাজনীতি কৰিবলৈ ধৰিছে । এইবাৰ এইধৰণৰ ৰাজনীতি নচলিব । বিগত ১০ বছৰ কেন্দ্ৰত কাৰ চৰকাৰ আছে সকলোৱে জানে । এইধৰণৰ কথাৰ পৰা জানিব পৰা যায় যে জুবিন দাৰ মৃত্যুৰ তদন্ত ভালদৰে হোৱা নাই আৰু এইধৰণৰ কথাৰে ৰাইজৰ মনটো বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰিছে ।"

লগতে পঢ়ক :চি আই ডিত সাক্ষ্য দিবলৈ উপস্থিত ৩ ছিংগাপুৰীয়া অসমীয়া