ETV Bharat / politics

অসম আৰক্ষীয়ে বাজপেয়ী ভৱনৰ পৰা দৰমহা লয় নেকি ? প্ৰশ্ন ভূপেন বৰাৰ

অসম পুলিচৰ নিৰপেক্ষতাক লৈ প্ৰশ্ন তুলি কঠোৰ সমালোচনা প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ ।

APCC President Bhupen Borah
প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : March 16, 2025 at 10:46 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী :"অসম আৰক্ষীয়ে বাজপেয়ী ভৱনৰ পৰা দৰমহা লয় নে অসমৰ ৰাইজৰ পৰা উঠোৱা টকা-পইচাৰে দৰমহা লয় ?" এই প্ৰশ্ন প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ । দেওবাৰে গুৱাহাটীত সাংবাদ মাধ্যমৰ আগত বৰাই এইদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে।

প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কয়, "অসমৰ মুখ্যমন্ত্ৰী আৰু শাসকীয় দলৰ ৰাজনৈতিক নেতাই অসাংবিধানিক বাক্য প্ৰয়োগ কৰি সমাজত বিভাজন আনিবলৈ অপচেষ্টা চলোৱাৰ অভিযোগ দাখিল কৰিলে অসম আৰক্ষী মনে মনে থাকে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে প্ৰদেশ কংগ্ৰেছে কেইবাটাও গোচৰ দাখিল কৰিছিল । ৰাহুল গান্ধীৰ ডি এন এ পৰীক্ষা কৰা, ছোনিয়া গান্ধীৰ ঘৰ জ্বলাই দিব লাগে আদি উচটনিমূলক বক্তব্যৰ বিৰুদ্ধে কংগ্ৰেছ দলে দিছপুৰ থানাত দাখিল কৰা গোচৰৰ তদন্ত কৰিবলৈ অসম আৰক্ষীৰ সাহস নহ’ল । "

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা (ETV Bharat Assam)

প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে আৰু কয়, "প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ ৰিতম সিঙে যাৰ বিৰুদ্ধে সামাজিক মাধ্যমত অভিযোগ কৰিছে সেইজন বিধায়ক মানৱ ডেকাৰ বিৰুদ্ধে এছ’চিয়েশ্যন ফ'ৰ ডেম’ক্ৰেটিক ৰিফৰ্মছ চমুকৈ এ ডি আৰে প্ৰতিবেদন দাখিল কৰি থৈছে আৰু ২০২৪ চনৰ ২৩ আগষ্টত আছাম ট্ৰিবিউন কাকতত এই বিষয়ে সবিশেষ প্ৰকাশ পাইছে । বিধায়ক মানৱ ডেকাৰ বিৰুদ্ধে থকা অভিযোগ ইতিমধ্যে এ ডি আৰৰ প্ৰতিবেদনত প্ৰকাশ পাইছে । মহিলাৰ ওপৰত নিৰ্যাতন চলোৱা বিধায়ক হিচাপে এ ডি আৰে মানৱ ডেকাৰ নাম তালিকাভুক্ত কৰিছে ।"

বিধায়ক মানৱ ডেকাৰ বিৰুদ্ধে আই পি চিৰ ধাৰা ৪৯৮এ, ২০১৭ চনৰ ৩১ ডিচেম্বৰত গুৱাহাটীৰ চিজেএম ক’ৰ্টত (গোচৰ নং এফআৰআই ২৮৭১/১৭) গোচৰ ৰুজু হৈছিল বুলি উল্লেখ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কয়, "আন এটা গোচৰ দিছপুৰ থানাত ২০১৪ চনত ৰুজু হৈছিল । এই সবিশেষ তথ্য এ ডি আৰৰ প্ৰতিবেদনত উল্লেখ আছে । মানৱ ডেকাৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ ৩৪১, ২৭৯, ৩০৭ আদি ধাৰাত গোচৰ ৰুজু হৈ আছে আৰু ২০১৬ চনৰ ২৬ জুনত ১২৫৪ এফআইৰৰ যোগেদি আন এটা গোচৰ পঞ্জীভুক্ত হৈছে । এই সবিশেষ তথ্য ইতিমধ্যে ৰাজহুৱা হৈছে । কংগ্ৰেছে দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে মাত মাতিবলৈ কেতিয়াও ভয় নকৰে আৰু গান্ধীজীৰ আদৰ্শৰে জণগণক জাগ্ৰত কৰিবলৈ সদায় চেষ্টা অব্যাহত ৰাখিব ।"

উল্লেখ্য যে আজি সকলো দলৰ প্ৰতিনিধিক লৈ আৰু সৰ্বধৰ্মৰ সামূহিক প্ৰাৰ্থনাৰে গুৱাহাটীৰ মানৱেন্দ্ৰ শৰ্মা ভৱনত কংগ্ৰেছে এক ইফটাৰ সন্মিলন অনুষ্ঠিত কৰে । কংগ্ৰেছৰ প্ৰায়সকল জ্যেষ্ঠ নেতাৰ লগতে বিৰোধী পক্ষৰ আটাইকেইটা দলৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰা ইফটাৰ সন্মিলনত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই অসমৰ বাবে সুদিন সমাগত বুলি উল্লেখ কৰি কয়, "হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চলা হিটলাৰী অপশাসন অৱসান কৰিবৰ বাবে কংগ্ৰেছ দলে বিজেপি আৰু এ আই ইউ ডি এফ আৰু অগপক বাদ দি সকলো দলৰ সহযোগত ঐক্যবদ্ধভাৱে গণতান্ত্ৰিক যুঁজ দিয়াৰ সংকল্প গ্ৰহণ কৰিছে ।"

ইফটাৰ সন্মিলনত কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা পৃথ্বিৰাজ সাথে, পৱন সিং ঘাটোৱাৰ, কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰ, বিধায়ক ৰেকিবুদ্দিন আহমেদ, নন্দিতা দাস, ৰাইজৰ দলৰ প্ৰতিনিধি ভাস্কো ডি শইকীয়া, ৰাছেল হুছেইন, চি পি আইৰ প্ৰতিনিধি প্ৰাক্তন বিধায়ক মুনীন মহন্ত, অসম জাতীয় পৰিষদৰ অমৃত খনিকৰ, বিশিষ্ট চিন্তাবিদ আব্দুল মান্নান, নৱনীল বৰুৱা প্ৰমুখ্যে লোকসকল উপস্থিত থাকে ।

লগতে পঢ়ক:কংগ্ৰেছ মুখপাত্ৰৰ আটকক লৈ জয়ৰাম ৰমেশ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাকযুদ্ধ তুংগত - APCC SPOKESPERSON DETAINED

এদিনৰ বাবে ন্য়ায়িক জিম্মালৈ প্ৰেৰণ প্ৰদেশ কংগ্রেছৰ মুখপাত্র ৰিতম সিঙক - APCC SPOKESPERSON ARRESTED