ETV Bharat / politics

ৰাণা গোস্বামীয়ে দল ত্যাগ কৰিব বুলি বিশ্বাস নকৰে ভূপেন বৰাই

Bhupen Borah : ৰাণা গোস্বামীয়ে দল ত্যাগ কৰা সম্পৰ্কে অপ-প্ৰচাৰ চলিছে বুলি মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ ৷ সংবাদ মাধ্যমক ব্যস্ত ৰাখিবৰ বাবে বিজেপি দলে ষড়যন্ত্ৰমূলকভাৱে, এই কথা বিলাক প্ৰচাৰ কৰিছে বুলি কয় ভূপেন বৰাই ৷

APCC President
মঙলদৈত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা
author img

By ETV Bharat Assamese Team

Published : February 25, 2024 at 7:58 PM IST

3 Min Read
Choose ETV Bharat
ৰাণা গোস্বামী সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ

দৰং, 25 ফেব্ৰুৱাৰী : "ৰাণা গোস্বামীয়ে দল ত্যাগ কৰিব বুলি মোৰ বিশ্বাস নহয় ৷ তেওঁৰ লগত সুদীৰ্ঘ 30 বছৰ একেলগে ৰাজনীতি কৰিছো ৷ বিভিন্ন সংবাদ মাধ্যমত এই বিষয়ে অপ-প্ৰচাৰ চলি আছে ৷" এই মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ ৷ জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাণা গোস্বামীয়ে দল ত্যাগ কৰিব বুলি চলি থকা চৰ্চা সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নত এইদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনে ৷

বিশেষ কাৰ্যসূচীৰে মঙলদৈৰ ৰাজীৱ ভৱনত আজি উপস্থিত হোৱা প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনে কয় যে, ৰাণা গোস্বামীয়ে দল ত্যাগ কৰিব বুলি তেওঁৰ বিশ্বাস নহয় ৷ এই সম্পৰ্কে অপ-প্ৰচাৰ চলিছে ৷ ৰাণা গোস্বামীৰ সৈতে এই সন্দৰ্ভত ইতিমধ্যে আলোচনা কৰিছে বুলি কয় ভূপেন বৰাই ৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনে কয় যে, ৰাণা গোস্বামীয়ে কংগ্ৰেছক প্ৰায় তিনিটা দশক দিছে ৷ কংগ্ৰেছ দলেও তেওঁক যথেষ্ঠ সন্মান দিছে ৷ টি ভি চেনেলক ব্যস্ত ৰাখিবৰ বাবে বিজেপি দলে ষঢ়যন্ত্ৰমূলকভাৱে, যাতে মূল মৌলিক কথা বিলাক তল পৰি থাকে তাৰ বাবে এই কথা বিলাক প্ৰচাৰ কৰিছে বুলি কয় ভূপেন বৰাই ৷ লগতে তেওঁ কয় যে, সকলো সংবাদ মাধ্যম কংগ্ৰেছক লৈ যাতে ব্যস্ত থাকে, বান, দুৰ্নীতি, ছিণ্ডিকেট, টুইন টাৱাৰ, এক্সপ্ৰেছ ৱে’, 6 নং দফাৰ কথা যাতে তল পৰি থাকে সেইবাবে এইয়া বিজেপিৰ যঢ়যন্ত্ৰ বুলি উল্লেখ কৰে কংগ্ৰেছ নেতাজনে ৷ কাৰণ এই সমূহ কথা উলালে বিজেপিৰ অৱস্থা বেয়া হৈ যাব বুলিও কয় তেওঁ ৷

ইফালে ৰাজ্যৰ বিৰোধী মিত্ৰজোঁট আৰু আপে লোকসভা নিৰ্বাচনত তিনিখন আসনত প্ৰাৰ্থী ঘোষণা কৰা সন্দৰ্ভত ভূপেন বৰাই কয় যে, অসমত যি 15 টা দল মিত্ৰজোঁটত আছিল তাত এটা বিয়োগ হৈ আন এটা যোগ হ’বলৈ গৈ আছে ৷ কিন্তু দল 2 টাৰ নাম প্ৰকাশৰ পৰা বিৰত থাকি, 15 টা দলৰ 15 টাই থাকিব আৰু তেওঁ এই সন্দৰ্ভত পৰৱৰ্তী সময়ত আনুষ্ঠানিকভাৱে ঘোষণা কৰিব বুলি মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৷

আনহাতে আপৰ সৈতে কংগ্ৰেছৰ দুটা পৰ্যায়ত মিত্ৰতা হৈছে বুলি উল্লেখ কৰে বৰাই ৷ দিল্লীত আপে 4 খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব আৰু কংগ্ৰেছে 3 খনত ৷ কিন্তু পাঞ্জাৱত ঠিক কৰা হৈছে যে, বিৰোধীৰ ভূমিকা যাতে বিজেপিয়ে ল’ব নোৱাৰে ৷ পঞ্জাৱত বিৰোধী হ’ল কংগ্ৰেছ আৰু শাসক হ’ল আপ, তাত কংগ্ৰেছৰ স্থান নাই বুলি কয় তেওঁ ৷ লগতে তেওঁ কয় যে, পঞ্জাৱত বিজেপিক শাসকৰো সুযোগ দিয়া নাই আৰু বিৰোধীৰো সুযোগ দিয়া নহ’ব ৷ সেহেয়ে আপ আৰু কংগ্ৰেছে পঞ্জাৱত আটাইকেইখন আসন খেলিব ৷ গতিকে অসমত দিল্লীৰ মডেল ল’ব নে পাঞ্জাৱৰ মডেল ল’ব সেই সম্পৰ্কে আপৰ লগত আলোচনা চলি আছে, শীঘ্ৰেই এই সন্দৰ্ভত ৰাজহুৱা কৰা হ’ব বুলি কয় ভূপেন বৰাই ৷ ইফালে তৃণমূল কংগ্ৰেছ সন্দৰ্ভত আটাইখিনি কথা মল্লিকাৰ্জুন খাৰ্গে আৰু মমতা বেনাৰ্জীৰ ওপৰত নিৰ্ভৰ কৰিব বুলিও মন্তব্য আগবঢ়াই কংগ্ৰেছ নেতাজনে ৷

লগতে পঢ়ক : আশংকা কৰা মতেই ! দল ত্যাগৰ প্ৰস্তুতি ৰাণা গোস্বামীৰ