নিৰ্বাচনৰ ছমাহৰ আগতেই কংগ্ৰেছে ঘোষণা কৰিব প্ৰাৰ্থীৰ নাম: ভূপেন বৰা
পঞ্চায়ত নিৰ্বাচনৰ দিন মাৰ্চৰ তৃতীয় সপ্তাহৰ ভিতৰত ঘোষণা নকৰিলে উচ্চ ন্যায়লয় দ্বাৰস্থ হ'ব কংগ্ৰেছ ।

Published : February 28, 2025 at 10:20 PM IST
যোৰহাট: ২০২৬ ৰ বিধানসভা আৰু পঞ্চায়ত নিৰ্বাচনলৈ কংগ্ৰেছ সাজু বুলি মন্তব্য় কৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই । শুকুৰবাৰে তিতাবৰত এইদৰে মন্তব্য কৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ।
সভাপতি ভূপেন বৰাই কয়, "দিল্লীত কংগ্ৰেছৰ কেন্দ্ৰীয় নেতৃত্বৰ উপস্থিতিত আমি অনাগত নিৰ্বাচন সন্দৰ্ভত আলোচনাত মিলিত হৈছিলো । ৰাজ্যিক নেতৃত্বয়ো কেন্দ্ৰীয় নেতৃত্বক নিৰ্বাচনৰ ৰণকৌশল সম্পৰ্কে নিজা নিজা মত প্ৰকাশ কৰে ।" নিৰ্বাচনৰ ছমাহৰ আগতে কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হ'ব বুলি মন্তব্য় কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে লগতে কয়, "পূৰ্বতে কংগ্ৰেছে নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিল কৰিবলৈ ১০দিন থকা সময়ত প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছিল; কিন্তু এইবাৰ নিৰ্বাচনলৈ ছমাহ থাকোতেই প্ৰাৰ্থীৰ নাম ঘোষণা কৰিম ।"
প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে পঞ্চায়ত নিৰ্বাচন শীঘ্ৰে অনুষ্ঠিত কৰিবলৈ চৰকাৰক দাবী জনাই কয়, "পঞ্চায়ত নিৰ্বাচনৰ দিন মাৰ্চৰ তৃতীয় সপ্তাহৰ ভিতৰত ঘোষণা নকৰিলে কংগ্ৰেছে চতুৰ্থ সপ্তাহত গুৱাহাটী উচ্চ ন্যায়লয়ৰ দ্বাৰস্থ হ'ব । ইতিমধ্যে কংগ্ৰেছে এজন জ্য়েষ্ঠ অধিবক্তাক সাজু কৰি ৰাখিছে । কাৰণ অসমৰ গ্ৰাম্য অৰ্থনীতিৰ উন্নয়নৰ বাবে এঘাৰশ কোটি টকা অব্যৱহৃত হৈ আছে । এই টকাসমূহ জিলা আয়ুক্ত বা খণ্ড উন্নয়ন বিষয়াই খৰচ কৰিব নোৱাৰে আৰু এই পইচা ঘূৰি যোৱাৰ উপক্ৰম হৈছে ।"
মুখ্যমন্ত্ৰীয়ে সৰ্বানন্দ সোণোৱালকে সমালোচনা কৰিলে :
এডভাণ্টেজ আছাম ২.০ৰ সন্দৰ্ভত তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, "এয়া বাস্তৱ ক্ষেত্ৰত কি হয় সময়তহে গম পোৱা যাব । সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হৈ থকা দিনতো এডভাণ্টেজ আছাম হৈছিল আৰু এক লাখ কোটি টকাৰ MOU হৈছিল । তাৰ কিমান শতাংশ আহিল সেয়া আমি সকলোৱে দেখিছো আৰু গম পাওঁ । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এডভাণ্টেজ আছাম ২.০ত ভাষণ প্ৰদান কৰি কৈছিল আগতে অসমত এনে হোৱা নাছিল আৰু পোনপটীয়াকৈ মুখ্যমন্ত্ৰী শৰ্মাই সৰ্বানন্দ সোণোৱালকে সমালোচনা কৰিলে । কাৰণ সোণোৱালৰ দিনতো এডভাণ্টেজ আছাম হৈছিল ।"
টিভি শ্ব' আৰু সংবাদমেলত মিত্ৰতা নহয় :
আনহাতে, মিত্ৰতা সন্দৰ্ভত সভাপতিগৰাকীয়ে কয়, "নিৰ্বাচনত ঠগ বা লাভৰ কথা নাহে । কাৰণ এগৰাকী প্ৰাৰ্থীৰ জয়-পৰাজয়ৰ ভূমিকাত ৰাইজে সিদ্ধান্ত লয় ।" লগতে তেওঁ কয় যে টিভি শ্ব' আৰু সংবাদমেলত মিত্ৰতা নহয় । বৰ্তমান মিত্ৰতা তথা বিৰোধী ঐক্যবদ্ধ হোৱাৰ আলোচনা যোগাত্মক দিশত গৈ আছে ।" বৰ্তমান পঞ্চায়ত নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ প্ৰাৰ্থী সাজু হৈ আছে বুলি মন্তব্য কৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ।
লগতে পঢ়ক: হাইকমাণ্ডৰ সিদ্ধান্ত: সলনি নহয় প্ৰদেশ কংগ্ৰেছৰ সভাপতি

