গুৱাহাটী : আগন্তুক নিৰ্বাচনত মিত্রতাকে ধৰি বিভিন্ন ক্ষেত্রত বিশিষ্ট বুদ্ধিজীৱী হীৰেন গোহাঁইৰ সৈতে আলোচনা কৰিহে সিদ্ধান্ত গ্ৰহণ কৰিব প্ৰদেশ কংগ্ৰেছে । এই কথা সদৰী কৰিছে খোদ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ।
বৃহস্পতিবাৰে গুৱাহাটীৰ নিজা বাসভৱনত সংবাদ মাধ্যমক সম্বোধন কৰি ভূপেন বৰাই কয়, "মতপাৰ্থক্য থাকিলেও আমি মিত্রতা বিচাৰিছোঁ । এটা মতত আমি প্ৰত্যেকটো বিজেপিবিৰোধী দল আৰু নেতা একমত হ'ব লাগিব । সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে থকা দল আৰু নেতা একত্রিত হ'ব লাগিব । যিবিলাকে দেখুৱাই বিৰোধী বুলি কয় আৰু ভিতৰুৱাকৈ মিলি থাকে তেওঁলোক একত্রিত হ'ব নোৱাৰে । ব'হাগ বিহুত মই হীৰেন গোহাঁইক লগ পাম । তেওঁৰ নেতৃত্বত কথাবোৰ আগবাঢ়িছে । তেওঁৰ লগত আলোচনা কৰি আমি পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰিম ।"
অসমীয়া জাতীয় সত্তা বন্ধাকবিৰ দৰে
ভূপেন বৰাৰ মতে অসমীয়া জাতীয় সত্তা বন্ধাকবিৰ দৰে । অসম বিশ্ববিদ্যালয়ত বিহুৰ বন্ধ নিদিয়াৰ প্ৰসংগত ভূপেন বৰাই কয়, ‘‘সকলো জাতি-জনগোষ্ঠী মিলিহে অসমীয়া জাতি । এখিলা এখিলা পাত মেৰখাই এটা বন্ধাকবি হয় । সেইদৰে সকলো জাতি-জনগোষ্ঠী, উপজাতি, ধৰ্ম-সম্প্ৰদায় মিলি অসমীয়া জাতীয় সত্তাটো ।"
ভাইৰেল অডিঅ' সন্দৰ্ভত প্ৰতিক্ৰিয়া
অডিঅ' ৰেকৰ্ডিং সন্দৰ্ভত ভূপেন বৰাই কয়, "মোৰ বিৰুদ্ধে যিটো অডিঅ' প্ৰকাশ হৈছে সেই সন্দৰ্ভত মই হাতীগাঁও থানাত এজাহাৰ দিছোঁ । থানাই মোৰ ষ্টেটমেণ্ট লোৱাৰ বাবে ১১ এপ্ৰিলত মাতিছে আৰু মই যাম বুলি ভাবিছোঁ, যদিহে ৰাজনৈতিক কিবা নাথাকে । মই মুখ্যমন্ত্রীকো আহ্বান জনাইছোঁ যে মোৰ বিৰুদ্ধে ওলোৱা অডিঅ'টোৰ ক্ষেত্রত কঠোৰতম ব্যৱস্থা ল'ব লাগে আৰু দোষীৰ বিৰুদ্ধে শাস্তিৰ ব্যৱস্থা ল'ব লাগে । মোৰ বিৰুদ্ধে কিবা থাকিলেও ব্যৱস্থা ল'ব লাগে ।"
এপেক্স বেংকৰ অভিযোগ সন্দৰ্ভত মুখ্যমন্ত্রী কিয় মৌন
এপেক্স বেংকৰ প্ৰসংগত ভূপেন বৰাই কয়, "এপেক্স বেংকৰ কেলেংকাৰী সন্দৰ্ভত বাজাজ উপাধিৰ এজনে বিজেপিৰ দুজন নেতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ আনিছে । বিজেপিৰ দুজন বিধায়কে লাখ লাখ টকা দাবী কৰাৰ অভিযোগ আনিছে । কিন্তু এতিয়ালৈকে মুখ্যমন্ত্রী মৌন হৈ আছে । মুখ্যমন্ত্রীয়ে কৈছিল যে দুহাজাৰ টকা খালে বাঘৰ দৰে জঁপিয়াব । তাৰ মানে এপেক্স বেংকৰ ৬০-৮০ লাখ টকা খালে মনে মনে বহি থাকিব নেকি । কোনোবা কেৰাণী-মহৰীয়ে দুহাজাৰ টকা খালে বাঘ ওলায় । কিন্তু এপেক্স বেংকৰ কেলেংকাৰীত বাঘটো এতিয়া শুই আছে । এইবোৰৰ উত্তৰ অসমৰ ৰাইজে পঞ্চায়ত নিৰ্বাচনত দিব ।"
কংগ্ৰেছৰ চৰকাৰ আহিলে বিহু সমিতিয়ে পাব ৩ লাখকৈ টকা
ভূপেন বৰাই কয়, "সকলো বস্তুৰ দাম বাঢ়িছে যদিও বিহু সমিতিৰ ডেৰ লাখ টকা তিনিবছৰ ধৰি একে আছে । আজি আমি ৰাজহুৱাকে ঘোষণা কৰিছোঁ যে ২০২৬ত কংগ্ৰেছৰ চৰকাৰ আহিলে প্ৰত্যেক বিহু কমিটীক ৩ লাখ টকাকৈ দিয়া হ'ব । নিৰ্বাচনী ইস্তাহাৰত এই কথা উল্লেখ কৰা হ'ব ।"
বিহুৰ মাজতে প্ৰতিবাদৰ হুংকাৰ
মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাক কঠোৰ ভাষাৰে সমালোচনা কৰি ভূপেন বৰাই কয়,"জলজীৱন মিছন ঠিকাদাৰসকলৰ বাবে জঞ্জাল মিছন হৈছে । মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ধাৰ লৈ চৰকাৰ চলাই আছে । বিহুত সকলো কৰ্মচাৰীয়ে দৰমহা নাপায় । বিহুৰ মাজতে কংগ্ৰেছ দলে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হ'ব । ব’হাগ বিহুৰ সময়ত যদি কৰ্মচাৰীয়ে দৰমহা নাপায় তেন্তে কংগ্ৰেছে বিহুৰ মাজতে প্ৰতিবাদ কৰিব ।"
প্ৰদ্যুৎ বৰদলৈৰ বিৰুদ্ধে নাই কোনো অভিযোগ
ভূপেন বৰাই কয়, "এপেক্স বেংকৰ বিষয়টো গাপ দিবৰ বাবে এতিয়া কংগ্ৰেছৰ পঞ্চায়ত নিৰ্বাচনৰ টিকটৰ বিষয়টো ওলাইছে । কংগ্ৰেছত যদি নিৰ্দিষ্ট অভিযোগ আহে তেন্তে ব্যৱস্থা লোৱা হ'ব । প্ৰদ্যুৎ বৰদলৈৰ বিৰুদ্ধে আমি তেনেকুৱা কোনো অভিযোগ পোৱা নাই ।"