ETV Bharat / politics

দলীয় নেতা-কৰ্মীলৈ সতৰ্কবাণী ভূপেন বৰাৰ: মোৰ সৈতে এবাৰ যোগাযোগ কৰক

পঞ্চায়ত নিৰ্বাচনত বাহিৰলৈ নোলাবি বুলি কংগ্রেছৰ নেতা-কৰ্মীক ধমকি দিছে কোনখন থানাৰ অ' চিয়ে ?

Panchayat Elections 2025
লখিমপুৰত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 12, 2025 at 5:35 PM IST

5 Min Read
Choose ETV Bharat

লখিমপুৰ: পঞ্চায়ত নিৰ্বাচনৰ ঢৌৱে জোকাৰিছে সমগ্ৰ ৰাজ্য । শাসক-বিৰোধীৰ পৰা নিৰ্দলীয় প্ৰাৰ্থীলৈকে লগাইছে খদমদম । কোনে কেনেদৰে ক্ষমতা হস্তগত কৰিব তাৰ অংকত ব্যস্ত সকলো । এনে পৰিবেশৰ মাজতে শনিবাৰে লখিমপুৰত উপস্থিত হৈ প্ৰদেশ কংগ্রেছৰ সভাপতি ভূপেন কুমাৰ বৰাই একাংশ দলীয় নেতা-কৰ্মীৰ প্ৰতি দিলে কঠোৰ সতৰ্ক বাৰ্তা ।

"ৰাজ্যত বিভিন্ন জিলাত একাংশ আৰক্ষী বিষয়া বিজেপিৰ হৈ নিৰ্বাচনী প্ৰচাৰত নামিছে ।" লখিমপুৰত ভূপেন বৰাৰ এই বিস্ফোৰণ । পঞ্চায়ত নিৰ্বাচনী জ্বৰত সমগ্ৰ ৰাজ্য আক্রান্ত হোৱাৰ সময়তে শনিবাৰে লখিমপুৰত প্ৰদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাই আৰক্ষীৰ বিৰুদ্ধে তোলে এই গুৰুতৰ অভিযোগ ।

দলীয় নেতা-কৰ্মীলৈ সতৰ্কবাণী ভূপেন বৰাৰ (ETV Bharat Assam)

ভূপেন বৰাৰ মতে, একাংশ আৰক্ষী বিষয়াই বিজেপিৰ হৈ নিৰ্বাচনৰ ক্ষেত্রত নামিছে । লখিমপুৰ জিলা কংগ্রেছ ভৱনত উপস্থিত হৈ শনিবাৰে এনে গুৰুতৰ অভিযোগ তোলে সংবাদ মাধ্যমৰ আগত ।

তেওঁ কয়, "ৰাজ্যৰ কেইবাখনো জিলাত একাংশ আৰক্ষী বিষয়াই বিজেপিৰ হৈ নিৰ্বাচনী ক্ষেত্রত নামিছে । ঢেকীয়াজুলিৰ অ' চিয়ে কংগ্রেছ কৰ্মীসকলক ধমকি দিছে । পঞ্চায়ত নিৰ্বাচনত বাহিৰলৈ নোলাবি বুলি কংগ্রেছৰ নেতা-কৰ্মীক ধমকি দিছে । চতিয়াত জিলা কংগ্রেছৰ সভাপতিৰ ওপৰত আক্ৰমণ হৈছে । নগাঁৱৰ প্ৰায়বিলাক জেগাতে আৰক্ষী বিষয়াই কংগ্রেছৰ নেতা-কৰ্মীক ভাবুকি দিছে । এই সন্দৰ্ভত নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে আৰক্ষী সঞ্চালকক অভিযোগ দিছে । চতিয়া থানাত আমি কেছ দিছোঁ । মই আৰক্ষী সঞ্চালক প্ৰধানক ৰাজহুৱাকৈ আহ্বান জনাইছোঁ- আৰক্ষীক বিজেপিৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশগ্রহণ কৰিবলৈ নিদিব ।"

Panchayat Elections 2025
লখিমপুৰত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ (ETV Bharat Assam)

দলীয় কৰ্মীলৈ ভূপেন বৰাৰ আহ্বান

পঞ্চায়ত নিৰ্বাচনত দলীয় টিকট বিচাৰি বিমুখ হোৱা আৰু অসন্তুষ্ট কৰ্মীসকলৰ প্ৰতি আহ্বান জনাই ভূপেন বৰাই কয়, "পঞ্চায়ত নিৰ্বাচনত দলীয় টিকট বিচাৰি বিমুখ হোৱা কিছুসংখ্যক প্ৰাৰ্থীয়ে খং আৰু আবেগৰ বশৱর্তী হৈ নিৰ্দলীয় হিচাপে আত্মপ্রকাশ কৰিছে । এই সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত লোৱাৰ আগতে তেওঁলোকে মোৰ সৈতে এবাৰ যোগাযোগ কৰক । আমি এই সময়ত ঐক্যবদ্ধ হৈ যুঁজিব লাগিব । কাৰণ ৰাইজে বিজেপিক হৰুৱাব বিচাৰিছে । আমি বিজেপিৰ লাভ হোৱা কোনো কামেই কৰিব নালাগে । পুলিচ যদি নিৰ্বাচনী ক্ষেত্রত নানামে তেন্তে আমি গৰিষ্ঠসংখ্যক আসন দখল কৰিম ।"

কঠোৰতম সিদ্ধান্ত ল'ম : একাংশ দলীয় নেতা-কৰ্মীক সকীয়নি

লখিমপুৰৰ পৰা দলৰ একাংশ নেতা-কৰ্মীক সকীয়নি প্ৰদান কৰে ভূপেন বৰাই । প্ৰথমে তেওঁ দলীয় কৰ্মীৰ প্ৰতি আহ্বান জনাই কয়, "একাংশ দলীয় কৰ্মীয়ে টিকট নোপোৱাৰ বাবে যি ক্ষোভৰ সৃষ্টি হৈছে তাৰ বাবে আমি অস্বস্তিত আছোঁ । কিন্তু আওপকীয়াকৈ এয়া এক যোগাত্মক দিশ । কিয়নো কংগ্রেছৰ টিকট লৈ বহুতৰে নিৰ্বাচনী ক্ষেত্রত নমাৰ হেঁপাহ প্ৰকট হৈছে ।"

তেওঁ দলীয় কৰ্মীসকলক উদ্দেশ্যি কয়, "ময়ো চাৰিবাৰ দলীয় টিকট পোৱা নাছিলোঁ । তেতিয়া যদি মই অধৈর্য হ'লোঁহেঁতেন, তেন্তে আজি এই সন্মান নাপালোঁহেঁতেন । প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হোৱা প্ৰতিগৰাকী দলীয় কৰ্মীয়ে মোৰ ওপৰত বিশ্বাস ৰাখক । কাৰণ এই সময়ত ৰাজ্যবাসীৰ কথা চিন্তা কৰি ৰাজনীতি কৰিব লাগিব । বিৰোধী দল হিচাপে আমাৰ দায়িত্ব আছে । এই দায়িত্ব পালন কৰাত ব্যৰ্থ হ'লে ৰাইজে আমাক বেয়া পাব ।"

আনহাতে, একাংশ দলীয় নেতা-কৰ্মীক সকীয়নি দি তেওঁ কয়, "কেইজনমান ব্লক আৰু জিলা সভাপতিৰ বিৰুদ্ধে অভিযোগ আহিছে । তেওঁলোকৰ বিৰুদ্ধে তথ্যভিত্তিক অভিযোগ আহিছে । আমি আগতেও এনেধৰণৰ অভিযোগৰ বিচাৰ কৰিছোঁ । চাৰিটা জিলা পৰিষদৰ সমষ্টিত কংগ্রেছে প্ৰাৰ্থী দিব পৰা নাই । যাৰ বাবে এই কাণ্ড হ'ল তেওঁলোকৰ বিৰুদ্ধে কঠোৰতম সিদ্ধান্ত ল'ম । কিয় যোগ্য প্রার্থী বঞ্চিত হ'ল তাৰ লগত জড়িত যিমান ডাঙৰ নেতা-কৰ্মী হ'লেও কোনো সাৰি নাযাব । কাৰণ বিধানসভাৰ নিৰ্বাচন আহি আছে । দলৰ নেতা-কৰ্মীক কথা ক'লেই নহ'ব । কৰি দেখুৱাব লাগিব । নহ'লে দলীয় কৰ্মী হতাশ হ'ব । বিধানসভাৰ নিৰ্বাচনত সৰ্বশক্তিৰে যুঁজ দিয়াৰ স্বাৰ্থত কোনোবা জিলা সভাপতিয়েই হওক বা ব্লকৰ সভাপতিয়েই হওক বা আন কোনো ডাঙৰ নেতাই হওক, তেওঁলোকৰ বিৰুদ্ধে যি অভিযোগ উঠিছে সেয়া এশ শতাংশ গেৰাণ্টিসহকাৰে কৈছোঁ- বিচাৰ কৰিম ।"

এইদৰে হুংকাৰ দি ভূপেন বৰাই লগতে কয় যে যিহেতু এতিয়া পঞ্চায়ত নিৰ্বাচনৰ বতৰ, সেয়ে এতিয়াই খৰখেদা কৰিব বিচৰা নাই । এই ক্ষেত্ৰত তেওঁ খেদ প্ৰকাশ কৰি কয়, "কংগ্রেছৰ কথা তিলটোকে তালটো কৰি প্ৰচাৰ কৰা হৈছে । টিকট বঞ্চিতৰ ক্ষোভ অকল কংগ্রেছতে নাই, বিজেপি দলতো আছে । কিন্তু কংগ্রেছৰ বিষয়ে ৰৌজাল-বৌজাল কৰা হৈছে ।"

তেওঁ শাসকীয় দলটোক উভতি ধৰি কয় যে এপেক্স বেংকত দুজন বিজেপিৰ বিধায়কে লাখ লাখ টকা লুণ্ঠন কৰা বুলি খবৰ ওলাইছে । এই ক্ষেত্ৰত কিন্তু মুখ্যমন্ত্রীজন মৌন বুলিও তেওঁ ক্ষোভ প্রকাশ কৰে ।

লগতে পঢ়ক :মুখ্যমন্ত্ৰী ভ্ৰমত থকা উচিত নহয়; সকলো মুছলমান অসন্তুষ্ট : কিয় ক'লে বিধায়ক ৰফিকুল ইছলামে - AIUDF ON WAQF ACT
লগতে পঢ়ক :প্ৰাৰ্থিত্বকেন্দ্ৰিক বিদ্ৰোহৰ উদগীৰণ, কংগ্ৰেছ ত্যাগ ক্ষুব্ধ নেতা-কৰ্মীৰ - CONGRESS CANDIDATE CONFLICT