ETV Bharat / politics

মুখ্যমন্ত্ৰীয়ে অসমীয়া নাৰী সমাজৰ ওচৰত ক্ষমা বিচাৰক: ভূপেন বৰা - APCC PRESIDENT BHUPEN BORA

মুখ্যমন্ত্ৰীৰ মন্তব্যৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা । ২৪ ঘণ্টাৰ ভিতৰত ক্ষমা খোজাৰ দাবী ।

APCC president Bhupen Bora reacts to CM's remarks
মুখ্যমন্ত্ৰীয়ে অসমীয়া নাৰী সমাজৰ ওচৰত ক্ষমা বিচাৰক: ভূপেন বৰা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 29, 2025 at 8:54 PM IST

3 Min Read

লখিমপুৰ: মঙলবাৰে লখিমপুৰত পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ আহে প্ৰদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰা আৰু সাংসদ ৰকিবুল হুছেইন । পৃথক পৃথকভাৱে সাংবাদিকক সম্বোধন কৰি দুয়োগৰাকী নেতাই বিজেপি চৰকাৰৰ লগতে মুখ্যমন্ত্রীক ক্ষুৰধাৰ সমালোচনা কৰে । কংগ্ৰেছৰ শাসনকালত অসমীয়া যুবতীয়ে চাকৰিৰ বাবে সতীত্ব হেৰুৱাব লগা হৈছিল বুলি মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যৰ তীব্ৰ গৰিহণা দিয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ।

এই মন্তব্যৰ প্ৰত্যুত্তৰ দি ভূপেন বৰাই কয়, "সমগ্ৰ অসমৰ নাৰীসত্বাৰ প্ৰতি অপমান । আমাৰ ১৫ বছৰীয়া কংগ্ৰেছৰ শাসনকালত হাজাৰ হাজাৰ অসমৰ মহিলাই বিভিন্ন চাকৰিত নিযুক্তি পাইছিলে, এ পি এছ চিত বহু মহিলাই ১৫ বছৰত নিযুক্তি পাইছিল, নাৰ্ছৰ চাকৰিত নিযুক্তি পাইছিল, আশাকৰ্মী অংগনৱাড়ী কৰ্মীৰূপে নিযুক্তি পাইছিল, শিক্ষয়িত্ৰীৰ চাকৰিত নিযুক্তি পাইছিল । কালি মুখ্যমন্ত্ৰীয়ে কৈছে, যিটো দোহাৰিবৰ বাবেও চিন্তাৰ বিষয় যে অসমীয়া যুৱতীয়ে চাকৰি ল'বৰ বাবে কংগ্ৰেছৰ দিনত সতীত্ব হেৰুৱাবলগীয়া হৈছিল ।"

মুখ্যমন্ত্ৰীয়ে অসমীয়া নাৰী সমাজৰ ওচৰত ক্ষমা বিচাৰক: ভূপেন বৰা (ETV Bharat Assam)

বৰাই লগতে কয়, "আমাৰ ২০০১ চনৰ পৰা ২০১৬ চনৰ ভিতৰত যিসকল যুৱতীয়ে চাকৰি লৈছিল, তাৰ বহুত এতিয়া বিবাহিত হ'ল, স্বামী আছে, বহুতৰ সতি-সন্ততি আছে । আজি আমাৰ দিনত চাকৰি পোৱা বিশ্ববিদ্যালয়, মহাবিদ্যালয় শিক্ষয়িত্ৰী, ডাক্টৰ, ইঞ্জিনিয়াৰকে আদি কৰি এই সকলোকে, সকলোখিনি কংগ্ৰেছৰ দিনত চাকৰি পোৱা মহিলাক সমাজৰ সন্মুখত নিজৰ পৰিয়ালৰ সন্মুখত, নিজৰ স্বামী আৰু ল'ৰা-ছোৱালীৰ সন্মুখত হিমন্ত বিশ্ব শৰ্মাৰ এই নিম্ন ৰুচিসম্পন্ন তেওঁৰ মন্তব্যৰ কাৰণে যিধৰণে হেয় প্ৰতিপন্ন কৰিছে, যিদৰে লাঞ্চিত কৰিছে এইটো মই কেবল তীব্ৰ ভাষাৰে গৰিহণা দিয়াই নহয়, ২৪ ঘণ্টাৰ ভিতৰত মুখ্যমন্ত্ৰীয়ে অসমীয়া নাৰী সমাজৰ ওচৰত ক্ষমা নিবিচাৰিলে মহিলা কংগ্ৰেছ দাৰস্থ হ'ব ন্যায়ালয়ৰ ।"

মুখ্যমন্ত্ৰীয়ে এই কথা কৈ সামাজিক বাতাবৰণ বিনষ্ট কৰিছে বুলি কৈ বৰাই অখিল গগৈৰ লগতে চৰকাৰখনক প্ৰত্যাহ্বান জনাই কয়, "মোৰ বিৰুদ্ধে যদি কিবা আছে ৰাজহৱা কৰক সকলোৱে ।" তুলিৰাম ৰংহাঙৰ ৰাজপ্ৰসাদ সম্পৰ্কে ভূপেন বৰাৰ মন্তব্য, "তুলিৰাম মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ, ৰাইজৰ টকা ক'ত খৰচ হৈছে সাহস আছে যদি তদন্ত কৰক । তুলিৰামক মুখ্যমন্ত্ৰীৰ ATM বুলি সকলোৱে জানে ।" বাজপেয়ী ভৱনৰ পৰা কাৰ্বি আংলংলৈকে সকলোতে দুৰ্নীতি হৈছে । কংগ্ৰেছৰ চৰকাৰ আহিলে ১০০ দিনৰ ভিতৰত SIT লগাই সকলো কেলেংকাৰী ৰাজহুৱা কৰা হ'ব বুলিও বৰাই মন্তব্য কৰে ।

লগতে পঢ়ক: হিমন্ত বিশ্ব শৰ্মা গৃহ বিভাগ চলোৱাৰ বাবে উপযুক্ত ব্যক্তি নহয়: ৰকিবুল হুছেইন - PANCHAYAT ELECTION2025

মহিলাক অসন্মান নকৰিবলৈ মুখ্যমন্ত্রীক কঠোৰ সকীয়নি মহিলা কংগ্ৰেছৰ - ASSAM PRADESH MAHILA CONGRESS

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.