ৰাজনীতি নকৰা হ’লেই ভাল আছিল: কিয় ক'লে ভূপেন বৰাই ?
বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদন সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ প্ৰতিক্ৰিয়া । মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাক ক্ষুৰধাৰ সমালোচনা ।

Published : February 19, 2025 at 10:58 PM IST
গুৱাহাটী: "ৰাজ্যৰ অৰ্থনীতি থানবান হৈ পৰা এক জটিল পৰিস্থিতিত মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰি তৰুণ গগৈয়ে অসমৰ সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক পৰিৱেশ সুস্থ কৰি তুলিছিল । মুখ্যমন্ত্ৰী হিচাপে তৰুণ গগৈৰ দক্ষতা সন্দৰ্ভত কোনেও প্ৰশ্ন উত্থাপন কৰা নাছিল যদিও শেহতীয়াকৈ অসম লোকসেৱা আয়োগৰ নিযুক্তি সন্দৰ্ভত অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ প্ৰতিবেদনৰ কেইটামান পৃষ্ঠাক কেন্দ্ৰ কৰি কংগ্ৰেছ দল আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক যিদৰে সমালোচনা কৰা হৈছে সেয়া দেখি মই হতচকিত হৈ পৰিছোঁ । মোৰ আজি এনেকুৱা লাগিছে যে ৰাজনীতি নকৰা হ’লেই ভাল আছিল ।"-এই মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ ।
গুৱাহাটীৰ নিজা বাসভৱনত এখন সংবাদমেল সম্বোধন কৰি তেওঁ কয়,"ৰাজনৈতিক উদ্দেশ্যে প্ৰণোদিতভাৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি দলৰ ৰাজ্যিক সভাপতিয়ে স্বৰ্গগামী হোৱা এজন ব্যক্তিক অহেতুক বিতৰ্কলৈ টানি আনিছে । এয়া অসমীয়া পৰম্পৰাৰ বিৰোধী আৰু ভগৱানে ইয়াৰ বিচাৰ কৰিব । অসম লোকসেৱা আয়োগৰ অধ্যক্ষ ৰাকেশ পালক আয়োগৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়াৰ ক্ষেত্ৰত তিনিজন কেবিনেট মন্ত্ৰীয়ে বিশেষ ভূমিকা গ্ৰহণ কৰিছিল । তাৰ ভিতৰত এজন বৰ্তমানৰ মুখ্যমন্ত্ৰী আৰু দুজন বিজেপি দলতেই আছে । বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনত কিন্তু তেওঁলোকৰ নাম উল্লেখ নাই ।"
তেওঁ লগতে কয়,"৯০০ পৃষ্ঠাৰ এখন প্ৰতিবেদন পুংখানুপুংখ বিশ্লেষণ নকৰাকৈ এটা মাত্ৰ ৫০২ নম্বৰ পৃষ্ঠাত থকা সাক্ষীৰ কেতবোৰ ভাষ্যক লৈ অসমত এটা হৈ-চৈৰ সৃষ্টি কৰা হৈছে । এই সাক্ষীজন কেলেংকাৰীৰ অন্যতম খলনায়ক আছিল । তেওঁৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰা হ’ল সেয়া উল্লেখ নাই । তিনি বছৰ পূৰ্বে দাখিল কৰা প্ৰতিবেদনখন ইমানদিন গাপ দি ৰাখি হঠাৎ নিৰ্বাচনলৈ এবছৰ থকা সময়ত গ্ৰহণ কৰি নিউজ চেনেলৰ যোগেদি এটা মাত্ৰ পৃষ্ঠা প্ৰকাশ কৰি প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈক বদনামী কৰাৰ ষড়যন্ত্ৰ কৰা হৈছে ।"
এপিচিচিৰ সভাপতিগৰাকীয়ে কয়,"উমৰাংছ'ৰ কয়লা খনিত শ্ৰমিকৰ মৃত্যু হোৱা বিষয়টো তল পেলাবলৈ আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী আৰু তেওঁৰ পৰিয়ালৰ পৰ্বতসম দুৰ্নীতিৰ লগত জড়িত বুলি অভিযোগ উত্থাপন হোৱাৰ সময়তে আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কয়লা ছিণ্ডিকেটৰ লগত জড়িত বুলি গম পোৱাৰ পিছত ইছ্যু ডাইভাৰ্ট কৰিবলৈ বুলি এইদৰে বিপ্লৱ কুমাৰ শৰ্মাৰ প্ৰতিবেদন ব্যৱহাৰ কৰা হৈছে । বিধায়ক অখিল গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সম্পত্তিৰ এখন তালিকা ইতিমধ্যে ৰাজহুৱা কৰি থৈছে । সেই তালিকাখন সত্য নে সেয়া অসমৰ ৰাইজে জানে । কিন্তু প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে পত্নী ডলী গগৈৰ নামত চাহ বাগিছা, ৰিজ’ৰ্ট, প্ৰাইভেট স্কুল, টিভি চেনেল, বাতৰি কাকত ক্ৰয় কৰিব নোৱৰা বাবে প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ অপৰাধ হ’ল নেকি ?"
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ক্ষুৰধাৰ সমালোচনা কৰি বৰাই কয়,"যিজন ব্যক্তিৰ আঙুলিত ধৰি হিমন্ত বিশ্ব শৰ্মাই ৰাজনীতিৰ স্বৰ্গসুখ লাভ কৰিলে সেইজন ব্যক্তিক মৃত্যুৰ ৬ বছৰৰ পিছত বদনামী কৰাৰ বাবে ষড়যন্ত্ৰ কৰিলে । অসমৰ সংস্কৃতিত এনে ঘটনা আগতে ঘটা নাই আৰু ইয়াৰ বাবে ভগৱানেও হিমন্ত বিশ্ব শৰ্মাক ক্ষমা নকৰে । যিজন তৰুণ গগৈয়ে ব্যক্তিগত স্কুল নিৰ্মাণ নকৰি ৰাজহুৱা ষ্টেডিয়াম নিৰ্মাণ কৰিলে, হাতত বন্দুক লোৱা মানুহক দেশৰ ৰাষ্ট্ৰীয় পতকাক চেল্যুট কৰিবলৈ শিকালে, ভাঙি যাবলৈ ধৰা অসমৰ অৰ্থনীতিক স্থিৰতা প্ৰদান কৰিলে, ৰাষ্ট্ৰীয় ক্ৰীড়া অনুষ্ঠিত কৰিব পৰা আন্তঃগাঁথনি সৃষ্টি কৰিলে, সেইজন ব্যক্তিক নিজস্ব ৰাজনৈতিক স্বাৰ্থত মৃত্যুৰ পিছতো খেদি ফুৰাতো বেদনাদায়ক ।"
আনহাতে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই প্ৰয়াত তৰুণ গগৈক দুৰ্নীতিৰ চৰ্দাৰ আছিল বুলি কৰা মন্তব্যক সমালোচনা কৰি তেওঁ কয়,"সেই সময়ৰ মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈয়ে যদি দুৰ্নীতিৰ চৰ্দাৰ আছিল তেন্তে সেই সময়ৰ বিজেপিৰ সভাপতি সৰ্বানন্দ সোণোৱালে কিয় গগৈৰ বিৰুদ্ধে তদন্তৰ দাবী নকৰি সেই সময়ৰ কংগ্ৰেছৰ প্ৰতাপী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক দুৰ্নীতিৰ চৰ্দাৰ বুলি কিতাপ প্ৰকাশ কৰিছিল । দিলীপ শইকীয়াই এতিয়া সৰ্বানন্দ সোণোৱালৰ বিপক্ষে কৈছে নে হিমন্তৰ শ্ৰুতলিপি মতে কৈছে সেয়া অসমৰ ৰাইজে বিচাৰ কৰিব ।"

