হীৰেণ গোঁহাই ঋষি, হিমন্ত বিশ্ব শৰ্মা 'মোহৰা'ৰ নাছিৰুদ্দিন শ্বাহ ! মানুহ চিনি পালে ভূপেন বৰাই
হিমন্ত বিশ্ব শৰ্মাক 'মোহৰা'ৰ নাছিৰুদ্দিন শ্বাহ আখ্যা ভূপেন বৰাৰ । হীৰেণ গোঁহাইক ঋষিতুল্য ব্যক্তি বুলি ক'লে বৰাই ।

Published : March 1, 2025 at 5:14 PM IST
গুৱাহাটী: নতুন দিল্লীত কংগ্ৰেছ হাইকমাণ্ডৰে হোৱা বৈঠকত প্ৰদেশ কংগ্ৰেছৰ সভাপতি সালসলনিৰ প্ৰসংগত কোনো আলোচনা হোৱা নাই । এই কথা সদৰী কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই । দিল্লীৰ পৰা উভতি অহাৰ পাছত শনিবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত সংবাদ মাধ্যমৰ আগত এইদৰে কয় ভূপেন বৰাই ।
সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ কয়, "প্ৰদেশ কংগ্ৰেছৰ সভাপতি সালসলনিৰ কোনো কথা দিল্লীত হোৱা বৈঠকত আলোচনা হোৱা নাই । আমি সকলোৱে মিলি বিশেষকৈ বিজেপি বিৰোধী ৰাজনৈতিক দল সকলোকে একত্রিত কৰি পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাটো আমি বিচাৰিছো । আমি পঞ্চায়তৰ বাবে প্ৰস্তুতি চলাই আছো । এই সপ্তাহতে আমি প্ৰত্যেকখন পঞ্চায়তত আমাৰ জিলা আৰু ব্লকক মিলি পঞ্চায়তী নিৰ্বাচনৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰিব বিচাৰিছো ।"
ৰেট হ'ল মাইনিঙৰ খোৱা-কামোৰা:
বিৰোধী ঐক্যৰ মাজৰ দেখা দিয়া খোৱা-কামোৰা সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ কয়, "খোৱা-কামোৰা আপোনালোকে কংগ্ৰেছত বিৰোধীত দেখে, ৰেট হ'ল মাইনিঙত যে খোৱা-কামোৰা চলি আছে, আপোনালোকে নেদেখে । উমৰাংছ', লিডু, মাৰ্ঘেৰিটা তাত যে মানুহ গাঁতৰ পৰা উলিয়াব পৰা নাই । মৃতদেহ ওলাই আছে । কয়লা খাবলৈ যোৱা মানুহবোৰৰ বাবেহে মৰিছে । কয়লাক লৈ খোৱা-কামোৰা চলি থকা বাবেহে শ্ৰমিকৰ এই অৱস্থা হৈছে । এইটো অলপ চকু দিব সকলোৱে ।"
হীৰেন গোঁহায়ে মাতিলে যাম:
বিশিষ্ট বুদ্ধিজীৱি হীৰেন গোঁহাইৰ প্ৰসংগত তেওঁ কয়, "হীৰেন গোহাই অসমৰ মানুহৰ সন্মূখত এক ঋষিতুল্য ব্যক্তিত্বৰ পৰিচয় । আমি বহুত মানুহে ওচৰৰ পৰা ঋষি দেখা পোৱা নাই । হীৰেন গোঁহাই অসমৰ জাতীয় জীৱনত এগৰাকী ঋষিতুল্য ব্যক্তিত্বৰ অধিকাৰী ব্যক্তি । তেখেতক সকলো স্তৰৰ ব্যক্তিয়ে শ্ৰদ্ধা কৰে । গতিকে হীৰেন গোঁহাইয়ে যি স্থানলৈ মাতিব ভাল কামত মাতিব আৰু যি কথা ক'ব ভাল কথা ক'ব । তেখেতে যি স্থানলৈ মাতিব আমি যাম আৰু যি ক'ব আমি শুনিম ।"
সুনীল শেট্টী আৰু নাছিৰুদ্দিন শ্বাহৰ ভাওত কোন:
সৰুসজাইত বিহু অনুষ্ঠিত কৰাৰ নামত বিশাল কেলেংকাৰী হোৱা বুলি উত্থাপিত অভিযোগ সন্দৰ্ভত তেওঁ কয়, "কিকি নামটো ব্যৱহাৰ হৈছে । কিকিৰ নামত বস্তু বেলেগত গৈছে । নেপথ্যত কোন আছে, কোনে চহী কৰিছে ? কিকিক কামটো দিয়াৰ ৱৰ্ক অৰ্ডাৰত চহী কোনে কৰিছে ? কিকি এটা মোহৰা । মোহৰাৰ নেপথ্যৰ মানুহজন কোন ? 'মোহৰা' ছবিখনত মোহৰা আছিল সুনীল শেট্টী আৰু নেপথ্যত আছিল নাছিৰুদ্দিন শ্বাহ । অসমৰ লুণ্ঠনৰ মোহৰা হৈছে কিকি আৰু নাছিৰুদ্দিন শ্বাহ কোন, হিমন্ত বিশ্ব শৰ্মা । আমি লুণ্ঠনৰ দীঘলীয়া তালিকাখন ব'হাগ বিহুৰ আশে-পাশে ৰাজহুৱা কৰিম ।"
ভিজন ডকুমেণ্টৰ হ'ব মন্থন:
টুইন টাৱাৰৰ প্ৰসংগত তেওঁ কয়, "ভিজন ডকুমেণ্টত টুইন টাৱাৰৰ আগত লিখা আছিল এক্সপ্ৰেছ হাইৱে, ব্ৰহ্মপুত্রৰ খনন । আমি ভিজন ডকুমেণ্টৰো মন্থন কৰিম । বৰাকৰ মিনি সচিবালয়, চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি, ছয় জনগোষ্ঠীৰ জনজাতিকৰণ, গুৱাহাটীৰ কৃত্রিম বানপানীৰ সমস্যা, খোৱাপানীৰ সমস্যা, বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন আদি ভিজন ডকুমেণ্টৰ কথা । সকলো ভালদৰে চাব লাগিব ।"

