ETV Bharat / politics

বেলেগৰ ঘৈণীয়েকৰ পিছত লাগি আছে মুখ্যমন্ত্ৰী, আগতে মোৰ পত্নীৰ পিছতো লাগিছিল: ভূপেন বৰা - ELIZABETH COLEBOURN CONTROVERSY

সভাপতি পদৰ পৰা পোনে পোনে জনতা ভৱনলৈ যাব ভূপেন বৰা ! '২৬ৰ বিধানসভা নিৰ্বাচনলৈকে প্ৰদেশ কংগ্ৰেছৰ সভাপতি হৈ থকাৰ ইংগিত ৷

ELIZABETH COLEBOURN CONTROVERSY
প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা (Bhupen Borah FB)
author img

By ETV Bharat Assamese Team

Published : February 15, 2025 at 10:45 PM IST

3 Min Read

গুৱাহাটী: বিজেপিৰ সমালোচনা আৰু আক্ৰমণে যেন মনোবল কমাব পৰা নাই কংগ্ৰেছৰ ! অব্যাহত ৰাখিছে গণ সংযোগ কাৰ্যসূচী "চোতালে চোতালে" । এফালে দলটোৰ যুৱনেতা গৌৰৱ গগৈক বিজেপি তথা মুখ্যমন্ত্ৰীৰ আক্ৰমণ । তাৰ মাজতে উজনি অসমত চোতালে চোতালে কাৰ্যসূচীত অংশগ্ৰহণ কৰি আহি গুৱাহাটীত গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ । আত্মবিশ্বাসী ভূপেন বৰাই কৈ পেলালে, “মই সেইদিনাই সভাপতিৰ আসনৰ পৰা যাম যিদিনা জনতা ভৱনলৈ যাম ৷”

চোতালে চোতালে গৈ কি পালে ভূপেন বৰাই :

কংগ্ৰেছৰ চোতালে চোতালে কাৰ্যসূচী সন্দৰ্ভত মন্তব্য কৰি শনিবাৰে ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীৰ মন্তব্য, “আমি তৃণমূল পৰ্যায়ত ৰাইজৰ চোতাললৈ গৈ মত বিনিময় কৰিম ৷” লগতে বৰ্ণনা কৰিলে দুলীয়াজনত শেহতীয়াকৈ চোতালে চোতালে গৈ কি পালে ।

ভূপেন বৰাৰ মন্তব্য, “ৰাইজে প্ৰশ্ন সুধিছে বিদ্যালয়ৰ দুৰৱস্থা, জল জীৱনৰ দুৰৱস্থাৰ কথা ৷ এতিয়া ঘৰে ঘৰে নল আছে । জল নাই । এতিয়া জলবিহীন নল চলি আছে অসমত ।”

“টিংখাঙত গৈ দেখিলো বাগানৰ ৰাইজে কৈছে সময়মতে মজুৰি দিব নোৱাৰে ৷ আনহাতে বৃহৎ পৰিমাণত খাজনা বৃদ্ধিৰ কথাও সুধিছে ৰাইজে ৷” এই মন্তব্যৰে ৰাজ্য চৰকাৰক সংগতিবিহীন কথা-বতৰাত লাগি থকাতকৈ এইবোৰ সমস্যাত চৰকাৰক গুৰুত্ব দিবলৈ আহ্বান ভূপেন বৰাৰ ।

গৌৰৱ গগৈ সন্দৰ্ভত মন্তব্য :

গৌৰৱ গগৈ আৰু তেওঁৰ পত্নী এলিজাবেথক লৈ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিয়ে কৰা সমালোচনা প্ৰসংগতো মন্তব্য কৰি মুখ্যমন্ত্ৰীক উভতি ধৰিলে ভূপেন বৰাই ।

“হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ চতুৰ চৰিত্ৰৰ দ্বাৰা গুৰুত্বপূৰ্ণ বিষয় তল পেলাই যাবলৈ সদায় চেষ্টা কৰি আহিছে । ৰাজ্যৰ বহু সমস্যা লুকুৱাবলৈ বেলেগৰ ঘৈণীয়েকৰ পিছত লাগি আছে মুখ্যমন্ত্ৰী । আগতে মোৰ পত্নীৰ পিছতো লাগিছিল, কংগ্ৰেছক যিয়েই সন্মুখৰ পৰা নেতৃত্বত দিয়ে তাৰ পাছতেই লাগে ৷” মন্তব্য ভূপেন বৰাৰ । এই প্ৰসংগত হিমন্ত বিশ্ব শৰ্মাক মুকলি এখন আলোচনা অনুষ্ঠিত কৰিবলৈ আহ্বান জনাই বৰাই ।

ইয়াৰ উপৰিও প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীৰ প্ৰশ্ন, “লখিমপুৰ কেবিনেটে লোৱা সিদ্ধান্ত, 6 নং দফাৰ প্ৰতিবেদন কাৰ্যকৰী কৰাটো কি হ'ল ? 57 বিধি কেন্দ্ৰলৈ পঠাই কি কৰিলে কওঁক হিমন্ত বিশ্ব শৰ্মাই ? প্ৰাক্তন আছু কৰ্মী হৈ মুখ্যমন্ত্ৰীয়ে কিয় 6 নং দফা কাৰ্যকৰী কৰিব নোৱাৰে ? বিপ্লৱ কুমাৰ শৰ্মা আয়োগে পৰামৰ্শ দিয়া ইনাৰ লাইন পাৰ্মিটৰ ওপৰত মুখ্যমন্ত্ৰীৰ স্থিতি কি ?”

হিমন্ত বিশ্ব শৰ্মা প্ৰাক্তন আলফা হৈ কিয় আলফা সমস্যা সমাধান কৰিব নোৱাৰে বুলিও লগতে কটাক্ষ কৰে ভূপেন বৰাই ৷

সভাপতিৰ পৰা পোনে পোনে জনতা ভৱনলৈ যাম:

মাজে মাজে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি পৰিৱৰ্তন হ’ব বুলি হৈ থকা চৰ্চা প্ৰসংগতো মন্তব্য কৰি ভূপেন বৰাই ক’লে, “মই কোনোদিন সভাপতি পদ বিচাৰি কেন্দ্ৰৰ ওচৰলৈ যোৱা নাই ৷ মই সেইদিনাই সভাপতিৰ আসনৰ পৰা যাম, যিদিনা জনতা ভৱনলৈ যাম ৷” অৰ্থাৎ ২০২৬ৰ বিধানসভা নিৰ্বাচনলৈকে যে ভূপেন বৰাই প্ৰদেশ কংগ্ৰেছৰ সভাপতি হৈ থাকিব তাৰ স্পষ্ট ইংগিত দিলে বৰাই নিজে ৷

লগতে পঢ়ক: সাংসদ গৌৰৱ গগৈৰ পত্নীৰ বিৰুদ্ধে গ্ৰহণ কৰা হ'ব আইনী ব্যৱস্থা: মুখ্যমন্ত্রী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.