ETV Bharat / politics

ৰিতম সিং জেলত থকাৰ প্ৰতিটো মিনিট, প্ৰতিটো ঘন্টাৰ হিচাপ দিব লাগিব: ভূপেন বৰা

লখিমপুৰ জিলা কাৰাগাৰত আবদ্ধ হৈ আছে প্ৰদেশ কংগ্রেছৰ মুখপাত্র ৰিতম সিং । প্ৰদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাৰ সাক্ষাৎ ।

APCC president Bhupen Bora meets jailed Ritam Singh
কাৰাৰুদ্ধ ৰিতম সিঙক সাক্ষাৎ ভূপেন বৰাৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 1, 2025 at 4:28 PM IST

3 Min Read
Choose ETV Bharat

লখিমপুৰ: " হিমন্ত বিশ্ব শৰ্মা দুৰ্নীতিৰ নেতৃত্ব লোৱা মুখ্যমন্ত্রী । ভাৰতৰ সৰ্বকালৰ আটাইতকৈ ভ্ৰষ্টাচাৰী ব্যক্তি তেওঁ । তেওঁৰ ইমান লুণ্ঠন, সেই লুণ্ঠনৰ কাৰণে বা নাৰী নিৰ্যাতনৰ কাৰণে যদি কোনোবাই মাত মাতে তেন্তে সেইজন হিমন্ত বিশ্ব শৰ্মাৰ বাবে অপৰাধী হৈ পৰে । সম্প্রতি বিপদকালত বিপৰীত বুদ্ধি হৈছে তেওঁৰ । তেওঁৰ বিপদ সমাগত ।"-মঙলবাৰে লখিমপুৰত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাক এনেদৰে চোকা সমালোচনা কৰে প্ৰদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাই ।

লখিমপুৰ জিলা কাৰাগাৰত কাৰাৰুদ্ধ হৈ থকা প্ৰদেশ কংগ্রেছৰ মুখপাত্র ৰিতম সিঙক সাক্ষাৎ কৰি সাংবাদিকৰ আগত ভূপেন বৰাই এনেদৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাক চোকা সমালোচনা কৰে । তেওঁ কটাক্ষ কৰি লগতে কয়, "অসমত এতিয়া আৰু কোনো বেলেগ অপৰাধী নাই । আছে কেৱল দিলোৱাৰ হুছেইন, ৰিতম সিং আৰু মহবুবুল হক ।"

কাৰাৰুদ্ধ ৰিতম সিঙক সাক্ষাৎ ভূপেন বৰাৰ (ETV Bharat Assam)

মুখ্যমন্ত্রীক প্ৰত্যাহ্বান জনাই ভূপেন বৰাই কয়, "লুইচ বাৰ্জাৰ কেলেংকাৰীক লৈ মই প্ৰত্যাহ্বান দিলো । তেওঁ কিয় চি বি আইক নকয় ক্লীনশ্বীট দিবলৈ । অসমৰ মানুহে এই কথাত সন্দেহ কৰে । মই ছিণ্ডিকেটৰ কথা কলে পীযুষ হাজৰীকাই লাজ পাব । অডিঅ' চলি আছে । কয়লা ছিণ্ডিকেট চলি আছে । যদি ৰেট হ'ল মাইনিং নাই তেন্তে উমৰাংছ'ত কেনেকৈ মৃতদেহ ওলাল, লিডু মাৰ্ঘেৰিটাত কেনেকৈ মৃতদেহ ওলাল ? আৰু কি প্ৰমাণ লাগে তেওঁলোকক ?"

ৰিতম সিঙৰ প্ৰসংগ উত্থাপন কৰি ভূপেন বৰাই কয়, "লখিমপুৰৰ বিধায়ক মানৱ ডেকাৰ কথা ৰিতম সিঙে প্ৰথম কোৱা নাই । এ ডি আৰৰ ৰিপ'ৰ্টত সেই কথা উল্লেখ কৰা হৈছিল । নাৰী নিৰ্যাতনৰ লগত জড়িত ১৫১ জন ৰাজনৈতিক নেতাৰ নাম এ ডি আৰে প্ৰকাশ কৰিছিল । ২০২৪ চনত আছাম ট্ৰিবিউনত এই সন্দৰ্ভত বাতৰি প্ৰকাশ পাইছিল । সেই কথাটোহে ৰিতম সিঙে ৰাইজক মনত পেলাই দিছিল ।" তেওঁলোকে এ ডি আৰৰ ওপৰত কিয় কেছ নিদিলে বুলি উভতি ধৰে ভূপেন বৰাই ।

ৰিতম সিং কাৰাবন্দী হৈ থকা প্ৰসংগত ভূপেন বৰাই আৰু কয়, "কংগ্রেছ ভয় খোৱা দল নহয় । স্বাধীনতাৰ সময়ত জেলৰ ভিতৰৰ পৰাই কংগ্রেছে মহা সংগ্ৰাম কৰিছিল । ৰিতম সিং জেলত থকাৰ প্ৰতিটো মিনিট, প্ৰতিটো ঘন্টাৰ হিচাপ দিব লাগিব আহি থকা সময়বোৰত । এইবোৰৰ মূল্যাংকণ কৰা হ'ব । কংগ্রেছৰ জাতীয়তাবাদৰ যি চেতনা চৰকাৰে সেয়া কেনেকৈ কাৰাৰুদ্ধ কৰিব ?"

সাংবাদিকৰ ওপৰত আক্ৰোশ পূৰাবলৈ গৈ এপেক্স বেংকক ধ্বংসৰ পথলৈ ঠেলি দিয়া বুলিও তেওঁ চৰকাৰক দোষাৰোপ কৰে । বেংকটোত ৬০ কোটি টকাৰ কেলেংকাৰী হোৱা বুলি ভূপেন বৰাই উল্লেখ কৰি কয়, "এনে কেলেংকাৰী তল পেলাবলৈ যেনেদৰে সাংবাদিক দিলোৱাৰ হুছেইনক কাৰাৰুদ্ধ কৰা হৈছে, তেনেদৰে নাৰী নিৰ্যাতনৰ প্ৰসংগ তল পেলাবলৈ ৰিতম সিঙক কাৰাগাৰত আবদ্ধ কৰা হৈছে ।"

সময়মতে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ ঘোষণা নকৰিলে অহা ৬ এপ্ৰিলত তেওঁ উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব বুলিও চৰকাৰক সকীয়াই দিয়ে । তেওঁৰ সৈতে লখিমপুৰ জিলা কাৰাগাৰত কংগ্রেছৰ জিলা সভাপতি গগন বৰাৰ লগতে জিণ্টু হাজৰিকা, নাৰায়ণ শইকীয়া, অধিবক্তা উত্তম ফুকনকে ধৰি ভালেখিনি কংগ্রেছৰ নেতা-কৰ্মী উপস্থিত হয় ।

লগতে পঢ়ক: মহম্মদ ইউনুছৰ এনে উত্তেজক বক্তব্যক সহজভাৱে লোৱা উচিত নহয়: মুখ্যমন্ত্ৰী ড৹ শৰ্মা - CM HIMANTA REACTION ON YUNUS REMARK

এইবাৰ বিজেপিৰ দখলত থকা আসনত নিৰ্বাচন খেলিব অগপই; ক'লে ফণীভূষণ চৌধুৰীয়ে - MP PHANI BHUSAN CHOUDHURY