ETV Bharat / politics

অসমৰ থানাই থানাই প্ৰতিবাদ হ'ব... কিয় গুজৰি উঠিল কংগ্ৰেছ সভাপতি - PANCHAYAT ELECTIONS 2025

ৰাজ্যজুৰি কংগ্ৰেছৰ পঞ্চায়তৰ প্ৰাৰ্থীক আৰক্ষীৰ ভয়-ভাবুকি ! উপায়হীন ভূপেন বৰা-প্ৰদ্যুৎ বৰদলৈৰ ডি জি পি কাৰ্যালয় চলো কাৰ্যসূচী ।

Congress protest at DGP office
ডি জি পি অফিচৰ সন্মুখত কংগ্ৰেছৰ প্ৰতিবাদ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 17, 2025 at 4:19 PM IST

5 Min Read

গুৱাহাটী: ভয়-ভাবুকিৰে পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছী প্ৰাৰ্থীৰ বিৰুদ্ধে চৰম সীমা অতিক্ৰম কৰিছে অসম আৰক্ষীয়ে । বিজেপিৰ সৈতে লগ লাগি কংগ্ৰেছী প্ৰাৰ্থীক প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিবলৈ বাধ্য কৰিছে অসম আৰক্ষীয়ে । এই অভিযোগেৰে আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত বৃহস্পতিবাৰে উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা আৰু সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে ।

“অসম আৰক্ষীয়ে কান্ধত বিজেপিৰ বেজটো লগাই লওক । ডিজিপি হৰমিৎ সিঙে কওক, কংগ্ৰেছে বিজেপিৰ লগত পঞ্চায়ত নিৰ্বাচন খেলিব নে অসম পুলিচৰ লগত খেলিব ?” —অসম পুলিচক বিজেপিৰ পোহনীয়া কুকুৰ আখ্যা দি পঞ্চায়ত নিৰ্বাচনত তেওঁলোকে বিজেপিৰ প্ৰতি উৎসৰ্গিত হৈ কাম কৰাৰ বিস্ফোৰক অভিযোগ তুলিছে কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু সাংসদ প্ৰদ্যুত বৰদলৈয়ে ৷

অসমৰ থানাই থানাই প্ৰতিবাদ হ'ব... যুদ্ধংদেহী কংগ্ৰেছ সভাপতি (ETV Bharat Assam)

অসম পুলিচৰ বিৰুদ্ধে ক্ষোভ উজাৰি বৃহস্পতিবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনৰ পৰা আৰক্ষী সঞ্চালক প্ৰধানৰ (ডিজিপি) কাৰ্যালয়লৈ পদযাত্ৰা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু প্ৰদ্যুৎ বৰদলৈৰ । উলুবাৰীৰ ডিজিপি কাৰ্যালয়ৰ সন্মুখত দুয়োগৰাকী কংগ্ৰেছ নেতাকে আটক কৰে আৰক্ষীয়ে ।

Congress protest at DGP office
ডি জি পি অফিচলৈ পজব্ৰজে যাত্ৰা ভূপেন বৰা, প্ৰদ্যুৎ বৰদলৈৰ (ETV Bharat Assam)

ডিজিপি অফিচ চলো কাৰ্যসূচী কংগ্ৰেছ নেতৃত্বৰ

ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছ প্ৰক্ষেপিত প্ৰাৰ্থীক আৰক্ষীয়ে ভয়-ভাবুকিৰে প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰোৱাৰ অভিযোগেৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু সাংসদ প্ৰদ্যুৎ বৰদলৈৰ ডিজিপি অফিচ চলো কাৰ্যসূচী ৷ গুৱাহাটীৰ ৰাজীৱ ভৱনত এক সংবাদমেল সম্বোধন কৰাৰ পিছতেই বৃহস্পতিবাৰে দুপৰীয়া ৰাজীৱ ভৱনৰ পৰা পদব্ৰজে ডিজিপি কাৰ্যালয়লৈ যাত্ৰা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু সাংসদ প্ৰদ্যুৎ বৰদলৈৰ ।

Congress protest at DGP office
প্ৰতিবাদত অংশগ্ৰহণ কংগ্ৰেছ নেতা ভূপেন বৰা, প্ৰদ্যুৎ বৰদলৈৰ (ETV Bharat Assam)

উদ্দেশ্য ৰাজ্যৰ ডিজিপিগৰাকীৰ পৰা পোনপটীয়া উত্তৰ লাভ কৰা— অসম আৰক্ষীয়ে বিজেপিৰ হৈ পঞ্চায়ত নিৰ্বাচনত কাম কৰিছে কিয় ?

আৰক্ষীৰে খণ্ডযুদ্ধ ভূপেন বৰা আৰু সাংসদ প্ৰদ্যুৎ বৰদলৈৰ

ৰাজীৱ ভৱনৰ পৰা উলুবাৰীস্থিত ডিজিপি কাৰ্যালয়ৰ সন্মুখত পদব্ৰজে আহি উপস্থিত হয় দুই কংগ্ৰেছী নেতা ৷ লগত কংগ্ৰেছী নেতা-কৰ্মী । ডিজিপি কাৰ্যালয়ৰ সন্মুখত আকস্মিকভাৱে উপস্থিত হোৱা নেতা দুজনৰ লগতে আন কৰ্মীসকলক আৰক্ষীয়ে তীব্ৰ বাধা প্ৰদান কৰে । সভাপতি ভূপেন বৰা আৰু সাংসদ প্ৰদ্যুৎ বৰদলৈক অসম আৰক্ষীয়ে বেৰিকেডেৰে ৰোধৰ চেষ্টা কৰে যদিও দুয়ো বেৰিকেড পাৰ হৈ পথৰ ওপৰতে বহি পৰি প্ৰতিবাদমুখৰ হৈ পৰে ।

হিমন্ত বিশ্ব শৰ্মাৰ ভৃত্যৰ দৰে কাম কৰিছে অসম আৰক্ষীয়ে

অসম আৰক্ষীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু ভূপেন বৰাৰ ৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই সংবাদমেলত কয়, “ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আৰক্ষী আৰু বিজেপিয়ে এক নেক্সাছ গঢ়ি তুলি পঞ্চায়ত নিৰ্বাচনৰ কংগ্ৰেছী প্ৰাৰ্থীসকলক ভয়-ভাবুকিৰে সন্ত্ৰাসিত কৰি তুলিছে ৷ স্বয়ং আৰক্ষীয়েই যদি এনেদৰে বিজেপি আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অনুগত হৈ কাম কৰে তেন্তে আমি কাৰ ওচৰলৈ যাম ? অসম আৰক্ষীয়ে সকলো সীমা অতিক্ৰম কৰিছে ৷ সেয়ে আমি ডিজিপিৰ পৰা উত্তৰ বিচাৰি অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ আহিছোঁ ৷”

Congress protest at DGP office
ডি জি পি অফিচৰ সন্মুখত কংগ্ৰেছ নেতা-কৰ্মীৰে আৰক্ষীৰ সংঘাত (ETV Bharat Assam)

“ক'ৰবাত পুলিচে দম দিছে, ক'ৰবাত বিজেপি নেতাই ধন দিছে । পুলিচ যদি নিৰ্বাচনত কংগ্ৰেছৰ প্ৰতিদ্বন্দ্বী হয়, অ'চিয়ে যদি বিজেপিৰ নেতাৰ দৰে দায়িত্ব লয় তেন্তে গণতন্ত্ৰৰ কি হ'ব ? অসমৰ থানাই থানাই প্ৰতিবাদ হ'ব । জন আদালতৰ সন্মুখীন হ'বলৈ কিয় ভয় খাইছে বিজেপিয়ে ৷ ডিজিপি হৰমিৎ সিঙে ইয়াৰ উত্তৰ দিব লাগিব ।” এই মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ ।

আনহাতে, ডিজিপি কাৰ্যালয়ৰ সন্মুখত ৰাস্তাত বহি প্ৰতিবাদ কৰি আৰক্ষীক নীতিশিক্ষা ভূপেন বৰা আৰু প্ৰদ্যুৎ বৰদলৈৰ । পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছ প্ৰক্ষেপিত প্ৰাৰ্থীক আৰক্ষীয়ে ভয়-ভাবুকিৰে প্ৰাৰ্থিত্ব প্ৰত্যাহ্বাৰ কৰোৱাৰ অভিযোগ তুলি বৰদলৈৰ অভিযোগ, “বিজেপিৰ প্ৰাৰ্থীৰ জয় নিশ্চিত কৰিবলৈ গৃহ বিভাগৰ অপব্যৱহাৰ কৰিছে হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিয়ে । অসম পুলিচক বিজেপি আৰু মুখ্যমন্ত্ৰীয়ে পোহনীয়া ভৃত্যৰ দৰে ব্যৱহাৰ কৰিছে । ইউ পি-বিহাৰত এনে হয় বুলি শুনিছিলোঁ, কিন্তু এইবাৰ হিমন্ত বিশ্ব শৰ্মাই অসমত তেনে পৰিৱেশৰ সূচনা কৰিছে । ”

লগতে প্ৰদ্যুৎ বৰদলৈৰ অভিযোগ, “বঢ়মপুৰত, যমুনামুখত প্ৰাৰ্থী থিয় কৰাইছে কংগ্ৰেছে । কিন্তু মনোনয়ন দাখিল কৰাৰ দিনাই প্ৰাৰ্থী জুৰি দাসৰ স্বামীৰ বিৰুদ্ধে ভুৱা গোচৰ দি ঘৰ ঘেৰাও কৰিলে । গুৱাহাটীলৈ ঘৰৰ পিছদুৱাৰেদি পলাই আহিব লগীয়া হ’ল জুৰি দাস আৰু স্বামী । গুৱাহাটীৰ পৰা উভতি যোৱাৰ লগে লগে থানাত বহুৱাই অ'চিয়ে জুৰি দাসৰ মনোনয়ন উঠাই ল’বলৈ হেঁচা দি মনোনয়ন উঠাই লৈ বিজেপিত যোগদান কৰিবলৈ বাধ্য কৰোৱা হ’ল । গ্ৰেপ্তাৰ আৰু প্ৰাণৰ ভয়ত কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰি বিজেপিত যোগ দিবলৈ বাধ্য হ’ল ।”

লগতে পঢ়ক :বিহাৰৰ দৰে অসমতো মুখ্যমন্ত্ৰীৰ নেতৃত্বত জংঘলৰাজ আৰম্ভ হৈছে: গৌৰৱ গগৈ - ASSAM PANCHAYAT ELECTION 2025
লগতে পঢ়ক :কি গোচৰত আটক হ'ল কঠিয়াতলি জিলা পৰিষদৰ কংগ্ৰেছ প্ৰাৰ্থী - PANCHAYAT ELECTIONS 2025

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.