কংগ্ৰেছৰ সভাত মানুহৰ হিচাপ কৰাতকৈ ক'ত বান হৈছে তাৰ খবৰ কৰক: গৌৰৱ গগৈ
কলিয়াবৰত নৱনিযুক্ত সভাপতি গৌৰৱ গগৈক উষ্ম আদৰণি কৰ্মী তথা সমৰ্থকৰ । বিজেপিক কঠোৰ সমালোচনা ।

Published : June 2, 2025 at 12:31 PM IST
কলিয়াবৰ : "বানপানীৰ সময়ত কংগ্ৰেছৰ সভাত কিমান মানুহ হৈছে নাই হোৱা সেইটো হিচাপ কৰাতকৈ ক'ত ক'ত বানপানী হৈছে, ক'ত ক'ত মথাউৰি ছিঙিছে, ক'ত ক'ত শ্লুইছ গে'ট সেয়া খবৰ লোৱাটো তেওঁলোকৰৰ কাৰণে বেছি গুৰুত্বপূৰ্ণ ।" বিজেপি তথা মন্ত্ৰী পীযুষ হাজৰীকাক এনেদৰে উভতি ধৰিলে প্ৰদেশ কংগ্ৰেছৰ নৱনিযুক্ত সভাপতি গৌৰৱ গগৈয়ে ।
পীযুষ হাজৰীকাক প্ৰত্যুত্তৰ গৌৰৱ গগৈৰ
সাংসদ গৌৰৱ গগৈয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব লাভ কৰাৰ পিছতে উজনি অসমৰ বিভিন্ন জিলাত উপস্থিত হৈ দলীয় কৰ্মীৰ সৈতে মত-বিনিময় কৰিছে । কংগ্ৰেছৰ এই সভাক লৈ মন্ত্ৰী পীযুষ হাজৰীকাই সামাজিক মাধ্যমত এটা পোষ্ট কৰিছিল য'ত তেওঁ গৌৰৱ গগৈক উদ্দেশ্যি কেইবাটাও মন্তব্য কৰিছিল । কংগ্ৰেছৰ সভাত কিমান মানুহ হ'ব তাৰো আনুমানিক তথ্য শ্বেয়াৰ কৰিছিল । পীযুষ হাজৰীকাৰ এই পোষ্টৰ প্ৰত্যুত্তৰত গৌৰৱ গগৈয়ে বিজেপি দল আৰু মন্ত্ৰীগৰাকীক উভতি ধৰে ।
তেওঁ লগতে চৰকাৰক মূল্যবান সময় অপব্যৱহাৰ নকৰিবলৈ আহ্বান জনাই কয়,"বৰ্তমান সময়ছোৱাত য'ত গুৱাহাটীত কৃত্ৰিম বানত তেওঁলোকে মানুহৰ সমস্যা সমাধান কৰিব পৰা নাই । আজি নিজৰ কাম কৰাতকৈ, ৰাইজৰ কাম কৰাতকৈ কংগ্ৰেছ দলটোক শত্ৰু হিচাপে গ্ৰহণ কৰি তেওঁলোকে নিজৰ মূল্যবান সময় আৰু শক্তি ক্ষয় কৰি আছে ।"
কলিয়াবৰত গৌৰৱ গগৈক উষ্ম আদৰণি
উল্লেখ্য যে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ নৱনিযুক্ত সভাপতি গৌৰৱ গগৈক আদৰিবলৈ যোৰহাটৰ লগতে নগাঁৱৰ ৰাজপথতো শ শ লোকে ভিৰ কৰে । পূৰ্বনিৰ্ধাৰিত সময়ত উপস্থিত হ'ব নোৱাৰিলেও গৌৰৱ গগৈক উষ্ম আদৰণি জনালে কংগ্ৰেছ কৰ্মী তথা সমৰ্থকে । একপ্ৰকাৰ কলিয়াবৰৰ ৰাজপথ গৌৰৱময় হৈ পৰে । শিৱসাগৰৰ পৰা গুৱাহাটী অভিমুখী যাত্ৰাপথত গৌৰৱ গগৈয়ে কলিয়াবৰৰ কংগ্ৰেছ নেতা-কৰ্মীসকলক সাক্ষাৎ কৰি এনে গধুৰ দায়িত্ব পালন কৰিবলৈ সকলোৰে সহায়-সহযোগ আৰু সমৰ্থন বিচাৰে । কলিয়াবৰ তিনিআলিত সমবেত হোৱা শোণিতপুৰ, নগাঁও, গোলাঘাট, যোৰহাট, শিৱসাগৰৰ সমৰ্থকসকলৰ এই অভূতপূৰ্ব সমৰ্থনত অভিভূত হৈ পৰে গৌৰৱ গগৈ । উপস্থিত নেতা-কৰ্মী তথা সমৰ্থকসকলক সম্বোধন কৰি তেওঁ কয়, "ৰাইজে যিদৰে আমাক বিশ্বাস কৰিছে, ভৰসা কৰিছে, তাৰ লগত আমি বিশ্বাসঘাতকতা কৰিব নোৱাৰোঁ । আমাৰ হাতত সময় কম, প্ৰতিদিন ২৪ ঘণ্টা কষ্ট কৰি সমাগত নিৰ্বাচনৰ বাবে আমি সাজু হ'ব লাগিব । সকলোকে একেলগে লৈ আগবাঢ়িব লাগিব ।"
কলিয়াবৰত উপস্থিত হৈয়ে গৌৰৱ গগৈয়ে কলিয়াবৰ তিনিআলিস্থিত দুৰ্গা মন্দিৰত সেৱা লয় । তাৰ পিছতে তেওঁ দলীয় কৰ্মীসকলক সাক্ষাৎ কৰে । শেহতীয়াকৈ বিজেপিৰ সংস্কৃতি গৌৰৱ গগৈয়ে কংগ্ৰেছ দললৈ আনিলে বুলি বিজেপি দলৰ জ্যেষ্ঠ নেতা ৰাজেন গোহাঁয়ে কৰা মন্তব্য সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ কয়, "তেখেতৰ এই মন্তব্য মই অৱশ্যে শুনা নাই । তেখেত অসমৰ এগৰাকী জ্যেষ্ঠ নেতা । এজন জ্যেষ্ঠ নেতাৰ প্ৰতি মোৰ সদায় সন্মান থাকিব । তেওঁৰ নিজৰ দলত যিধৰণে সন্মান পাব লাগে, কিবা কাৰণে নাপালে ! তাৰ বাবে আমিও দুঃখিত । আজি তেওঁলোকৰ দলত নতুনকৈ সোমোৱা লোকসকলে পুৰণি জ্যেষ্ঠ নেতা-কৰ্মীক দলৰ মজিয়াত অপমান কৰিছে, সেই লৈও আমি ক্ষোভিত । যদিও আমাৰ ৰাজনৈতিক চিন্তাধাৰা বেলেগ, কিন্তু যিসকল লোক দলৰ ইতিহাসৰ লগত জড়িত তেখেতসকলৰ নিজৰ নিজৰ দলৰ ভিতৰত স্থান থাকিব লাগে ।"
মুখ্যমন্ত্ৰীক ধন্যবাদ গৌৰৱ গগৈৰ
ইফালে প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ উল্লেখযোগ্য পদ লাভ কৰাৰ ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ভূমিকা আটাইতকৈ গুৰুত্বপূৰ্ণ বুলি কৌশলী মন্তব্যৰে গৌৰৱ গগৈয়ে কয়, "আজি তেখেতক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ । যিদৰে যোৱা দুই তিনি বছৰৰ পৰা আমাক লৈ তেওঁ ব্যস্ত হৈ পৰি অসমৰ জনসাধাৰণৰ সমস্যা পাহৰি গৈছে । সমষ্টিৰ সীমা নিৰ্ধাৰণ আৰু যোৰহাট লোকসভা সমষ্টিৰ প্ৰচাৰ আৰু এতিয়া যি এক কাল্পনিক কাহিনী চলাই আছে ৷ সেই লৈ নিখিল ভাৰত কংগ্ৰেছ কমিটীয়ে এক বাৰ্তা লাভ কৰিলে । যাৰ বাবে আমাৰো ওপৰত এক গধুৰ দায়িত্ব অৰ্পণ কৰিছে । এই গধুৰ দায়িত্ব দিয়াৰ বাবে মই মুখ্যমন্ত্ৰীকে ধন্যবাদ জ্ঞাপন কৰিছোঁ ।

