ETV Bharat / politics

বৰতাল বজাই গুৱাহাটীৰ পৰাই '২৬ৰ প্ৰস্তুতি বুজাই দিলে অমিত শ্বাহে

বাৰে বাৰে পাকিস্তানলৈ যোৱা নেতাই অসমৰ নেতৃত্ব দিব নোৱাৰে । ভ্ৰষ্টাচাৰীয়েও অসমৰ নেতৃত্ব দিব নোৱাৰে । নাম নোলোৱাকৈ কাৰ কথা কৈ গ'ল গৃহ মন্ত্ৰীয়ে !

NDA panchayat delegates conference
এন ডি এৰ পঞ্চায়ত প্ৰতিনিধি সন্মিলনত গৃহ মন্ত্ৰী (x@himantabiswasarma)
author img

By ETV Bharat Assamese Team

Published : August 29, 2025 at 6:06 PM IST

6 Min Read
Choose ETV Bharat

গুৱাহাটী: বিজেপিয়ে বজালে ২০২৬ৰ নিৰ্বাচনী ৰণডংকা । কেন্দ্ৰীয় গৃহ মন্ত্রী অমিত শ্বাহৰ উপস্থিতিত শুকুৰবাৰে গুৱাহাটীৰ খানাপাৰাৰ খেলপথাৰত আয়োজন কৰা এন ডি এৰ পঞ্চায়ত প্ৰতিনিধি সন্মিলনত ২০২৬ত পুনৰ তৃতীয়বাৰৰ বাবে বিজেপিৰ নেতৃত্বত চৰকাৰ গঠনৰ সংকল্প গ্ৰহণ কৰা হয় । কেৱল ২০২৬ৰ নিৰ্বাচনেই নহয় "বাৰ বাৰ বিজেপিৰ চৰকাৰ" গঠনৰ সংকল্প লোৱা হয় পঞ্চায়ত প্ৰতিনিধি সন্মিলনত ।

খানাপাৰাত অনুষ্ঠিত এন ডি এৰ বিশাল পঞ্চায়ত প্ৰতিনিধি সন্মিলন সম্বোধন কৰি দিয়া ভাষণত অমিত শ্বাহে কয়, "অসমত পঞ্চায়ত নিৰ্বাচনৰ অভূতপূৰ্ব সফলতাৰ পাছত কংগ্ৰেছক বিচাৰি পোৱা নগ'ল । বিগত ১১ বছৰত নৰেন্দ্ৰ মোদী চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলত শান্তিৰ যুগ আৰম্ভ কৰিলে । ইয়াৰ ভাষা, সংস্কৃতি আৰু কলাক সন্মান দিলে । তাৰেই পৰিণাম স্বৰূপে অসমত দুবাৰ এন ডি এৰ চৰকাৰ হৈছে । পঞ্চায়তৰ পৰা সংসদলৈ বিজয়ধ্বজা উৰিল । মোদী চৰকাৰে আৰম্ভ কৰা বিকাশৰ যুগক ড৹ হিমন্ত বিশ্ব চৰকাৰে অসমৰ গাঁৱে গাঁৱে লৈ গ'ল । যাৰ পৰিণাম স্বৰূপে বাৰে বাৰে বিজেপি জয়ী হৈ আহিছে ।"

গুৱাহাটীৰ পৰা ২৬ৰ ৰণডংকা বজালে কেন্দ্ৰীয় গৃহ মন্ত্রী অমিত শ্বাহে (x@himantabiswasarma)

বিজেপি চৰকাৰে অসমক বিকাশৰ নতুন যুগলৈ নিয়া বুলি প্ৰকাশ কৰি অমিত শ্বাহে কয়, "আমাৰ চৰকাৰে মহাবীৰ লাচিত বৰফুকনক ৰাষ্ট্ৰীয় স্তৰলৈ নিয়াৰ লগতে দিল্লীত ৪০০ বছৰীয়া জন্মজয়ন্তী পালন কৰিলে । ২৩ টা ভাষাত লাচিত বৰফুকনৰ জীৱনী প্ৰকাশ কৰা হৈছে । মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ সত্রক বেদখলমুক্ত কৰি সুৰক্ষিত কৰা হৈছে । বিহুক দেশ-বিদেশত নতুনকৈ পৰিচয় কৰাই দিয়া হৈছে । মাজুলী আৰু কাজিৰঙাই বিশ্বজুৰি পৰিচয় লাভ কৰিলে ।

NDA panchayat delegates conference
এন ডি এৰ পঞ্চায়ত প্ৰতিনিধি সন্মিলনত গৃহ মন্ত্ৰী (x@himantabiswasarma)

কংগ্ৰেছে 'বাই বাই' কোৱা অসমক বিজেপি চৰকাৰে বিকাশৰ নতুন গতি দিলে । বহু কেইখন শান্তি চুক্তিৰ জৰিয়তে ১০ হাজাৰৰো অধিক যুৱক মূলসূঁতিলৈ ঘূৰি আহিল । আজি সমগ্ৰ উত্তৰ পূবে শান্তি অনুভৱ কৰিছে । ব্ৰহ্মপুত্রৰ ওপৰত ৬ খন নতুন দলং হৈছে । এডভাণ্টেজ অসমৰ যোগেদি ৫.১৪ লাখ কোটি টকাৰ বিনিয়োগ আহিছে আৰু ইয়াৰে ১.৪০ লাখ কোটি টকা বাস্তৱায়িত হৈছে । এক লাখ নিযুক্তি দিয়াৰ প্ৰতিশ্ৰুতিৰ বিপৰীতে ১.৩১ লাখ নিযুক্তি দিয়া হৈছে । সম্পূৰ্ণ স্বচ্ছতাৰে নিযুক্তি দিয়া হৈছে । আগন্তুক নিৰ্বাচনৰ পূৰ্বে ডেৰ লাখ নিযুক্তি দিব বুলি মই আশাবাদী ।"

অনুপ্ৰবেশৰ সমস্যা আৰু নাবালিকাৰ বিবাহৰ প্ৰসংগত অমিত শ্বাহে কয়, "হিমন্ত বিশ্ব শৰ্মা চৰকাৰে নাবালিকাৰ বিবাহ ব্যৱস্থা ৰোধ কৰাৰ বাবে এনে কৰাসকলক জে'ললৈ পঠালে । বাল্য বিবাহ ৰোধ কৰি তেওঁলোকৰ শিক্ষাৰ বাবে চৰকাৰে আঁচনি প্ৰৱৰ্তন কৰিলে । এইখন চৰকাৰে লক্ষাধিক একৰ ভূমি বেদখলমুক্ত কৰিলে । গৌৰৱ গগৈয়ে ইয়াৰ বিৰোধিতা কৰিছে । বিৰোধিতা কৰিলেও এক এক ইঞ্চি ভূমি বেদখলমুক্ত কৰি আমাৰ যুৱকক দিম । ইতিমধ্যে ৮৭ একৰ বনভূমি, ২৬ একৰ চৰকাৰী ভূমিকে ধৰি ১,১৯,৫৪৮ একৰ ভূমি বেদখলমুক্ত কৰা হৈছে । কংগ্ৰেছৰ দিনত দখল হোৱা সত্রৰ ভূমি বেদখলমুক্ত কৰি আমাৰ চৰকাৰে শংকৰদেৱ আৰু মাধৱদেৱৰ সন্মান ৰক্ষা কৰিছে ।"

NDA panchayat delegates conference
হাতত হেংদাং... গুৱাহাটীৰ পৰা '২৬ৰ বিকুল বজালে কেন্দ্ৰীয় গৃহ মন্ত্রী অমিত শ্বাহে (x@himantabiswasarma)

অমিত শ্বাহে লগতে কয়, "বিগত ১১ বছৰত মোদী চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলত শান্তি আৰু বিকাশৰ মাজেৰে বিশ্বাসৰ বাতাৱৰণ গঢ় দিছে । কেৱল উত্তৰ পূবতে নহয় সমগ্ৰ দেশতে শান্তি প্ৰতিষ্ঠা কৰিছে । পহলগামৰ ঘটনাত মোদীয়ে অপাৰেশ্যন সেন্দূৰৰ যোগেদি তেওঁলোকৰ ঘৰত সোমাই সন্ত্রাসবাদীৰ ঘাটি ধ্বংস কৰিলে আৰু মূল মুৰব্বীজনক নিহত কৰিলে । সেইদৰে অপাৰেশ্যন মহাদেৱৰ যোগেদি ৩ হত্যাকাৰী সন্ত্রাসবাদীক মাৰি প্ৰতিশোধ ল'লে ।"

NDA panchayat delegates conference
গুৱাহাটীত এন ডি এৰ পঞ্চায়ত প্ৰতিনিধি সন্মিলন (x@himantabiswasarma)

আগন্তুক বিধানসভা নিৰ্বাচন সন্দৰ্ভত অমিত শ্বাহে কয়, "অসমত তৃতীয়বাৰৰ বাবে বিজেপিৰ নেতৃত্বত এন ডি এৰ চৰকাৰ হ'ব । কংগ্ৰেছৰ সময় শেষ হ'ল । অনুপ্ৰৱেশক প্ৰশ্ৰয় দিয়া কংগ্ৰেছৰ দিন উকলিল । বাৰে বাৰে পাকিস্তানলৈ যোৱা নেতাই অসমৰ নেতৃত্ব দিব নোৱাৰে । ভ্ৰষ্টাচাৰীয়ে অসমৰ নেতৃত্ব দিব নোৱাৰে । বিকাশৰ নতুন যুগৰ সূচনা কৰা হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম আগুৱাই যাব । অহা নিৰ্বাচনত বিজেপিৰ নেতৃত্বত তৃতীয়বাৰৰ বাবে অসমত এন ডি এৰ চৰকাৰ হ'ব । ইয়াৰ বাবে পঞ্চায়ত প্ৰতিনিধিসকলে সংকল্প ল'ব লাগিব । বাৰে বাৰে বিজেপিৰ চৰকাৰ বনোৱাৰ বাবে সকলোৱে সংকল্প ল'ব লাগিব ।"

পঞ্চায়ত সন্মিলনত কেন্দ্ৰীয় গৃহ মন্ত্রীগৰাকীক অসমৰ স্বাভিমান আৰু সংস্কৃতিৰ পৰিচায়ক হেংদাং আৰু ভোৰতাল প্ৰদান কৰা হয় । লগতে ৰাজ্যিক বিজেপি আৰু অগপৰ তৰফৰ পৰা উষ্ম আদৰণি আৰু সম্ভাষণ জনোৱা হয় । অনুষ্ঠানত কেন্দ্ৰীয় গৃহ মন্ত্রীগৰ‍কীয়ে তিনিখন গ্ৰন্থ উন্মোচন কৰে । পঞ্চায়ত প্ৰতিনিধিৰ বিশাল সন্মিলনত বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই আদৰণি ভাষণ আগবঢ়ায় ।

সন্মিলনত মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্রী সৰ্বানন্দ সোণোৱাল, অগপৰ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তকে ধৰি মন্ত্রী-বিধায়ক আৰু এন ডি এৰ দলসমূহৰ নেতৃত্ব উপস্থিত থাকে । কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহৰ উপস্থিতিত অনুষ্ঠিত পঞ্চায়ত প্ৰতিনিধি সন্মিলনত বিজেপি, অগপ, ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি আৰু জনশক্তিকে ধৰি এন ডি এৰ সকলো দলৰ শীর্ষ নেতৃত্বই অংশগ্ৰহণ কৰে ।

পঞ্চায়তৰ প্রায় ২০ হাজাৰ নিৰ্বাচিত জনপ্রতিনিধি উপস্থিত থকা সন্মিলনখনত বিজেপিৰ ১৬ হাজাৰৰো অধিক পঞ্চায়ত প্ৰতিনিধিৰ লগতে অগপৰ ১৫০০ৰো অধিক প্রতিনিধিয়ে অংশগ্ৰহণ কৰে ।

NDA panchayat delegates conference
এন ডি এৰ পঞ্চায়ত প্ৰতিনিধি সন্মিলনত গৃহ মন্ত্ৰী (x@himantabiswasarma)

তদুপৰি কাৰ্বি স্বায়ত্তশাসিত পৰিষদ, ডিমাছা স্বায়ত্তশাসিত পৰিষদকে ধৰি সকলো স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচিত প্রতিনিধিসকলেও সন্মিলনত অংশগ্ৰহণ কৰে । উল্লেখ্য যে দুদিনীয়া কাৰ্যসূচীৰে বৃহস্পতিবাৰে সন্ধিয়া গুৱাহাটীত উপস্থিত হোৱা কেন্দ্ৰীয় গৃহ মন্ত্রীগৰাকীয়ে নিশা বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত প্ৰদেশ বিজেপিৰ কৰ্ণধাৰ কমিটীৰ বৈঠকত অংশগ্ৰহণ কৰে ।

নিশা কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত কটাই শুকুৰবাৰে পুৱাৰ ভাগত অমিত শ্বাহে নৱনিৰ্মিত ৰাজভৱনৰ নতুন গৃহ উদ্বোধন কৰে । ইয়াৰ পাছতে অমিত শ্বাহে খানাপাৰাত আয়োজন কৰা এন ডি এৰ পঞ্চায়ত প্ৰতিনিধি সন্মিলন সম্বোধন কৰে ।

লগতে পঢ়ক :গুৱাহাটীত নতুন ৰাজভৱন উদ্বোধন গৃহ মন্ত্ৰীৰ: কেইবা কোটি টকাৰ একাধিক প্ৰকল্পৰো শুভাৰম্ভ - ASSAM NEW RAJ BHAVAN