ETV Bharat / politics

পুনৰ বিতৰ্কত আপৰ প্ৰাৰ্থী ঋষিৰাজ কৌণ্ডিন্য, এইবাৰ ধৰ্ষণৰ অভিযোগ

Rishiraj Kaundinya : বিতৰ্কই লগ এৰা নাই শোণিতপুৰ সংসদীয় সমষ্টিৰ আপৰ প্ৰাৰ্থী ঋষিৰাজ কৌণ্ডিন্যক ৷ এইবাৰ ধৰ্ষণৰ অভিযোগ উত্থাপন হৈছে আপৰ প্ৰাৰ্থীগৰাকীৰ বিৰুদ্ধে ৷

Rishiraj Kaundinya
ধৰ্ষণ ভুক্তভোগীৰ সৈতে আপোচ কৰিছিল ঋষিৰাজ কৌণ্ডিন্যই
author img

By ETV Bharat Assamese Team

Published : February 28, 2024 at 10:45 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী, 28 ফেব্ৰুৱাৰী : লোকসভা নিৰ্বাচনত শোণিতপুৰ সংসদীয় সমষ্টিৰ আপৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰা ঋষিৰাজ কৌণ্ডিন্যক বিতৰ্কই লগ এৰা নাই ৷ এটাৰ পিচত আন এটা অভিযোগ উত্থাপিত হৈ থকা ঋষিৰাজ কৌণ্ডিন্যৰ বিৰুদ্ধে আপৰ সদস্য বুলি দাবী কৰা পলাশ ৰঞ্জন বৰুৱাই পুনৰ ধৰ্ষণৰ অভিযোগ উত্থাপন কৰিছে ৷ তেওঁ ছ’চিয়েল মিডিয়াত আদালতৰ তথ্যৰ উদ্ধৃতি দি এই অভিযোগ কৰি কয়- "আপৰ শোণিতপুৰৰ প্ৰাৰ্থী ঋষিৰাজ কৌণ্ডিন্যই এগৰাকী ধৰ্ষণ ভুক্তভোগীৰ সৈতে আপোচ কৰিছিল ৷ আদালতৰ নিৰ্দেশত এইদৰে কোৱা হৈছে ৷ তেওঁক ধৰ্ষণৰ অভিযোগৰ পৰা মুক্ত কৰা হোৱা নাছিল ৷ উচ্চ ন্যায়ালয়ৰ ৰায় অনুসৰি তেওঁ আদালতৰ বাহিৰত ভুক্তভোগীৰ সৈতে মীমাংসা কৰিছিল ৷

Rishiraj Kaundinya
বিতৰ্কৰ আৱৰ্তত আপৰ শোণিতপুৰৰ প্ৰাৰ্থী ঋষিৰাজ কৌণ্ডিন্য

তেওঁ পুনৰ কয়- "এয়া কি মডেল ? দিল্লী মডেল এনেকুৱা নেকি ? এনে ৰেপিষ্ট প্ৰাৰ্থীৰে নিৰ্বাচন খেলিবলৈ লোৱা দলৰ লগত অসম প্ৰদেশ কংগ্ৰেছে মিত্ৰতা কৰি বিজেপিক যদি পৰাজিত কৰিম বুলি ভাবিছে তেনেহ'লে মহাকাশত চাং পাতিছে ৷" এই পোষ্টে ছ’চিয়েল মিডিয়াত এতিয়া খলকনি তুলিছে ৷ উল্লেখ্য যে লোকসভা নিৰ্বাচনৰ বাবে শোণিতপুৰ লোকসভা আসনৰ আপৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰা ঋষিৰাজ কৌণ্ডিন্যক নিৰ্বাচিত কৰাক লৈ ভিতৰি আপৰ মাজত দুটা ফৈদৰ সৃষ্টি হৈছে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

একাংশ আপ কৰ্মীয়ে আপৰ কেন্দ্ৰীয় নেতৃত্বই বিভিন্ন অভিযোগ থকা ঋষিৰাজ কৌণ্ডিন্যক প্ৰাৰ্থীত্ব দিয়াকলৈ অসন্তুষ্টিত আছে ৷ যদিও এই কথা আপৰ ভিতৰচ’ৰাত আৱদ্ধ হৈ আছে ৷ কিন্তু ইয়াকে লৈ অসমত আপ দুটা ভাগত ভাগ হোৱাৰ সম্ভাৱনা আছে ৷

Rishiraj Kaundinya
আপৰ প্ৰাৰ্থী ঋষিৰাজ কৌণ্ডিন্যৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ

উল্লেখ্য যে শেহতীয়াকৈ বিতৰ্কত সোমাই পৰা লোকসভা নিৰ্বাচনৰ শোণিতপুৰ লোকসভা আসনৰ আপৰ প্ৰাৰ্থী ঋষিৰাজ কৌণ্ডিন্যৰ বিৰুদ্ধে চাৰিটাকৈ প্ৰবঞ্চনাৰ গোচৰ গুৱাহাটীৰ বিভিন্ন আৰক্ষী থানাত পঞ্জীয়ন হৈ আছে ৷ কিন্তু এই গোচৰবোৰত এতিয়াও আদালতে তেওঁক দোষী সাব্যস্ত কৰা নাই বুলি গুৱাহাটীত কিছুদিন পূৰ্বে আপৰ কাৰ্যালয়ত সংবাদমেল‌ সম্বোধন কৰি ঋষিৰাজ কৌণ্ডিন্যই স্পষ্ট কৰিছিল ৷ তেওঁ সংবাদমেলত কৈছিল- " গোচৰ থাকিলে মানুহ এজন অপৰাধী হৈ ‌নাযায় ৷

Rishiraj Kaundinya
পুনৰ বিতৰ্কত আপৰ প্ৰাৰ্থী ঋষিৰাজ কৌণ্ডিন্য

আদালতে তেওঁক দোষী সাব্যস্ত কৰি অপৰাধী হিচাপে প্ৰমাণিত কৰিব লাগিব ৷ মোৰ বিৰুদ্ধে 34 টা গোচৰ নহয় 4 টা গোচৰ ৰুজু হৈ আছে ৷ ইয়াৰে দিছপুৰ থানাত 3 টা গোচৰ আৰু চান্দমাৰী থানাত 1 টা গোচৰ আছে ৷ প্ৰতিটো গোচৰ ঠগ-প্ৰৱঞ্চনাৰ গোচৰ ৷ এগৰাকী ব্যক্তিয়ে বাৰে বাৰে মোৰ বিৰুদ্ধে এনে গোচৰ ৰুজু কৰিছে ৷ 20 লাখ টকা লোৱা বুলি গোচৰ ৰুজু কৰিছিল ৷"

উল্লেখ্য যে ঋষিৰাজৰ ওপৰত জখলাবন্ধত ধৰ্ষণৰ গোচৰ দিছিল এগৰাকী মহিলাই ৷ কিন্তু সেই গোচৰ 2/11/ 18 তাৰিখে আদালতে খাৰিজ কৰিছে বুলি তেওঁ সদৰী‌ কৰে। ৷ তেওঁ কয় যে মহিলাগৰাকীয়ে মিছাকৈ গোচৰ দিছিল ৷ উল্লেখ্য যে ঋষিৰাজ কৌণ্ডিন্য পূৰ্বতে বি‌জেপিৰ যুৱ মৰ্চাত আছিল ৷ 2019 চনত বিজেপি ত্যাগ কৰি আপত যোগদান কৰিছিল তেওঁ ৷

লগতে পঢ়ক : ৰাণা গোস্বামীৰ দলত্যাগৰ কাৰণ ৰাজহুৱা কৰক: দেৱব্ৰত শইকীয়া