মিত্ৰতা নহ’লেও ১০-১৫ খন আসন পাব ৰাইজৰ দলে, সাজু অখিল গগৈ
যেন অকলেই নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ সাজু অখিল গগৈ । মিত্ৰতাৰ প্ৰসংগক লৈ বিশেষ মন্তব্য গগৈৰ ।

Published : July 6, 2025 at 1:11 PM IST
গুৱাহাটী: ২০২৬ত ৰাইজ দল আৰু অখিল গগৈক গৌৰৱ গগৈয়ে বিৰোধীৰ মিত্ৰজোঁটত প্ৰৱেশ কৰিবলৈ নিদিলেও এঘঁড়ী যুঁজিবলৈ সাজু হৈছে অখিল গগৈ । এক কথাত আগন্তুক ২০২৬ৰ অসম বিধানসভা নিৰ্বাচনত বিৰোধীৰ মিত্ৰজোঁটত অখিল গগৈ থাকিব নে নাই সেয়া এতিয়া দিনক দিনে বেছি অনিশ্চিত হৈ আহিছে । তাৰ মাজতে অখিল গগৈৰ ৰাইজৰ দলে যেন অকলেই যুঁজিবলৈ সাজু হৈছে । শনিবাৰে তাৰেই ইংগিত দিলে অখিল গগৈয়ে ।
মিত্ৰতা নহ’লেও ১০-১৫খন আসন পাম, চৰকাৰহে নহ'ব:
২০২৬ত মিত্ৰতা নোহোৱাকৈয়ে অকলে নিৰ্বাচন খেলিবলৈ মানসিকভাৱে সাজু হৈছে অখিল গগৈয়ে । শনিবাৰে সংবাদ মাধ্যমৰ সন্মুখত অখিল গগৈৰ দাবী মিত্ৰতা নহ’লেও ১০-১৫খন আসনত ২০২৬ত জয় লাভ কৰিব অখিল গগৈৰ দলে ।
ৰাইজৰ দলৰ সভাপতিজনৰ মন্তব্য, "যদি সঁচাকৈ এই ভ্ৰষ্টাচাৰী, সাম্প্ৰদায়িক বিজেপি চৰকাৰখনক ওফৰাব লাগে, মানুহক যদি বচাব লাগে তেন্তে মিত্ৰতা লাগিবই ৷ মানুহক বচোৱাটো যদি উদ্দেশ্য নহয়, যদি নিজৰ দল আৰু নিজৰ কেৰিয়াৰ বচোৱাটোহে আমাৰ উদ্দেশ্য হয়, তেতিয়া মিত্ৰতা নকৰিলেও লোকচান নাই । আমি ৰাইজৰ দলে কষ্ট কৰি কমেও ১০-১৫ খন আসন লৈ ল’ম ৷”
এতিয়ালৈ মিত্ৰতাক লৈ আলোচনা বিফল:
গৌৰৱ গগৈৰ লগত শেহতীয়াকৈ মিত্ৰতা সন্দৰ্ভত অখিল গগৈৰ দীঘলীয়া আলোচনা অনুষ্ঠিত হৈছিল ৷ সেই কথাৰো শনিবাৰে উমান দিলে অখিল গগৈয়ে । কিন্তু আলোচনা ফলপ্ৰসূ নোহোৱাৰ কথাহে উল্লেখ কৰিলে অখিল গগৈয়ে ৷
গগৈৰ মন্তব্য, "আমি ভাবো ২০৩১ ৰ কথা ভাবি থাকিলে নহ’ব ৷ আমি ২০২৬ৰ কথা ভাবিব লাগিব । মিত্ৰতাক লৈ সৈতে আলোচনাত আমি বহিছো । সেইটো মিছা কথা কৈ লাভ নাই । সাংবাদিকৰ মাইক নোহোৱাকৈ আমি আলোচনাত বহিছো ।"
গগৈয়ে লগতে কয়, "কিন্তু ৰিজাল্টহে এতিয়ালৈকে ভাল অহা নাই । আলোচনাত বহিছো ৷ কিন্তু এতিয়ালৈকে ভাল খবৰহে অহা নাই ।” ২০২৬ৰ বিধানসভা নিৰ্বাচনলৈ এতিয়াও প্ৰায় আঠ-নমাহ বাকী আছে ৷ কিন্তু বৰফ গলাৰ বিপৰীতে কঠিনহে হৈছে ৰাইজৰ দল আৰু কংগ্ৰেছৰ মিত্ৰতাৰ প্ৰসংগ । মিত্ৰতা নহ’লে ৰাইজৰ দলে ১০-১৫ খন আসন পাব, কিন্তু চৰকাৰ নহ'ব বুলি অখিল গগৈৰ মন্তব্যই বিশেষ তাৎপৰ্য বহন কৰিছে ।

