ETV Bharat / politics

কেঁচা চাহপাতৰ মূল্য হ্ৰাস আৰু সামগ্ৰীৰ মূল্যবৃদ্ধিত সৰৱ অখিল গগৈ

মূল্যবৃদ্ধি প্ৰসংগত অখিল গগৈয়ে কয়, “আমাৰেই বাৰীৰ গাঁজ তাকে নি কৰিছে খৰিচা, মোকেই আকৌ সেই খৰিচা বিক্ৰী কৰিছে, কথাটো মন কৰিছা ৷”

Akhil Gogoi
কেঁচা চাহপাতৰ মূল্য হ্ৰাস আৰু সামগ্ৰীৰ মূল্যবৃদ্ধিত সৰৱ অখিল গগৈ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : August 5, 2025 at 3:47 PM IST

|

Updated : August 5, 2025 at 7:19 PM IST

3 Min Read
Choose ETV Bharat

কাজিৰঙা : “আচলতে অসমৰ মুখ্যমন্ত্ৰীয়ে অসমৰ মানুহক বন্দুক দিয়াতকৈ যদি অসমৰ মানুহৰ পথাৰত পানী দিলেহেঁতেন আৰু ক্ষুদ্ৰ চাহ বাগিচাবিলাকতো যদি পানী দিলে হয়, জলসিঞ্চন দিলেহেঁতেন, তেতিয়াহ’লে অসমীয়া মানুহৰ উন্নতি হ’ল হয় ৷” উজনি অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ দুৰৱস্থাক লৈ শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ এই মন্তব্য ৷

কাজিৰঙাত সংবাদ মাধ্যমৰ আগত অখিল গগৈয়ে কয়, "বৰষুণৰ পৰিমাণ কমি অহাৰ বাবে উজনি অসমত চাহপাতৰ উৎপাদন কম হৈছে । আনফালে সমান্তৰালকৈ হ্ৰাস পাইছে পাতৰ মূল্য ৷ এফালে পাতৰ প্ৰডাকচন কম, আনফালে কমিছে চাহপাতৰ মূল্য । এয়া কোম্পানীৰ কাৰচাজি ।"

অখিল গগৈৰ সংবাদমেল সম্বোধন (ETV Bharat Assam)

অখিল গগৈয়ে লগতে কয় যে মৰিয়নীৰ লগতে উজনি অসমৰ বহু ঠাইত এক কেজি কেঁচা চাহপাতৰ মূল্য সম্প্ৰতি মাত্ৰ ১৮ টকা ৷ তেওঁ কয়, "মই ভাবো যিহেতু উৎপাদন কমিছে সেয়ে এনে সময়ত এক কেজি কেঁচাপাতৰ মূল্য অতি কমেও ৪৫ টকা হ'ব লাগে । কোম্পানীবিলাকে যে লুণ্ঠন চলাই আছে এই ক্ষেত্ৰত খিলঞ্জীয়া, ভূমিপুত্ৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ সমস্যাক লৈ চৰকাৰে কেতিয়াও নাভাবে । তেওঁলোক কোম্পানীৰ পক্ষৰ চৰকাৰ ৷"

ইফালে ক্ষুদ্ৰ চাহ খেতিয়কসকলক ব্যাপক ৰূপত কোম্পানী, ফেক্টৰী আৰু চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ আহ্বান জনাই অখিল গগৈয়ে এই ক্ষেত্ৰত সহযোগিতা আগবঢ়াব বুলি উল্লেখ কৰে ৷

অখিল গগৈয়ে কয়, “পাতৰ উৎপাদন কমি এনেয়ে মৰিছো ঋষিৰ শাপত, আকৌ কোম্পানী, ফেক্টৰীয়ে কেঁচাপাতৰ দাম কমাই আমাক মাৰিব খুজিছে ধানৰ ভাপত ৷” লগতে অসম চৰকাৰক ফেক্টৰীসমূহৰ সৈতে আলোচনা কৰি কেঁচা চাহপাতৰ মূল্যবৃদ্ধি কৰিবলৈও আহ্বান জনায় অখিল গগৈয়ে ।

একেদৰে মিঠাতেল, কণী আৰু ঔষধৰ মূল্যবৃদ্ধিক লৈ সৰৱ হৈ উঠে বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ৷ তেওঁ কয়, "মূল্যবৃদ্ধিটো বিজেপি চৰকাৰৰ এটা প্ৰধান বৈশিষ্ট্য । দুটকাৰ নিমখ বিজেপি চৰকাৰৰ দিনত ১৫ টকাৰ পৰা ২০ টকা হ’ল ৷ এটা মুৰ্গীৰ ডিম আছিল দুটকা, এতিয়া আঠ টকাৰ পৰা দহ টকা হ’ল ।"

ইফালে বিজেপি চৰকাৰ অহাৰ আগতে এক লিটাৰ মিঠাতেলৰ মূল্য ৮০ টকা আছিল বুলি প্ৰকাশ কৰি অখিল গগৈয়ে কয় যে এতিয়া ইয়াৰ মূল্য ২১০ টকা, ২২০ টকা হ’ল ৷ অন্যান্য সামগ্ৰীৰ ব্যাপক ৰূপত মূল্যবৃদ্ধিৰ লগতে শেহতীয়াকৈ মিঠাতেলৰ দাম বৃদ্ধিৰ প্ৰসংগ উল্লেখ কৰি অখিল গগৈয়ে কয়, "এইটো ঘটনাই প্ৰমাণ কৰি দিলে যে ২০২৬ ৰ বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিয়ে কোম্পানীবিলাকৰ পৰা, বেপাৰীবিলাকৰ পৰা পইচা তোলা আৰম্ভ কৰি দিলে; আৰু সেই পইচা তোলা আৰম্ভ কৰাৰ বাবেই বেপাৰীবিলাকে ব্যাপক ৰূপত সামগ্ৰীৰ দাম বৃদ্ধি কৰিছে ৷ ২০২৬ চনৰ নিৰ্বাচনৰ যিমান খৰচ, এই যে হিমন্ত বিশ্ব শৰ্মাই পইচা বিলাব, এই পইচাসমূহ বেপাৰীবিলাকৰ পৰা ল’ব ।"

ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে লগতে কয়, “আমাৰেই বাৰীৰ গাঁজ তাকে নি কৰিছে খৰিচা, মোকেই আকৌ সেই খৰিচা বিক্ৰী কৰিছে, কথাটো মন কৰিছা ৷”

অসমৰ ৰাইজক কিদৰে মূল্যবৃদ্ধিৰে মাৰিব খুজিছে এই কথা চিন্তা কৰি ২০২৬ ত বিজেপিক পৰাভূত কৰিবৰ বাবে সংকল্প লোৱাৰ আহ্বান জনায় অখিল গগৈয়ে ৷

লগতে পঢ়ক :দুৰ্গা পূজাৰ পূৰ্বেই অনুষ্ঠিত হ'ব বিটিআৰৰ নিৰ্বাচন; ইংগিত দিলে মুখ্য়মন্ত্ৰীয়ে - BTR ELECTIONS 2025 DATE
লগতে পঢ়ক :মুখ্যমন্ত্ৰী এণ্ড কোম্পানীৰ অবৈধ মাটি দুখীয়া ৰাইজৰ মাজত বিতৰণ কৰিম : গৌৰৱ গগৈ - GAURAV GOGOI
Last Updated : August 5, 2025 at 7:19 PM IST