গোৱালপাৰা : ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত সংবাদমেল সম্বোধন । গোৱালপাৰাৰ ভালুকডুবি নতুন আৱৰ্ত ভৱনত আয়োজিত এই সংবাদমেলত আগন্তুক পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য বিধায়ক অখিল গগৈৰ ।
অখিল গগৈয়ে কয়, "আগন্তুক পঞ্চায়ত নিৰ্বাচনত সীমিত আসনত প্ৰাৰ্থী আগবঢ়াব ৰাইজৰ দলে । বিৰোধী ঐক্যমঞ্চৰ স্বাৰ্থত এই সিদ্ধান্ত গ্ৰহণ ৰাইজৰ দলৰ ।"
তেওঁ কয়, "আগন্তুক পঞ্চায়ত নিৰ্বাচনত বিৰোধী ঐক্যমঞ্চই একত্ৰিত হৈ নিৰ্বাচনত অৱতীৰ্ণ নহ'লে বিজেপিয়ে অধিক আসন লাভ কৰিব । পঞ্চায়ত নিৰ্বাচনত বেজেপিক প্ৰতিহত কৰিব নোৱাৰিলে অসমৰ অৰ্থনৈতিক অৱস্থা ধ্বংস হ'ব । যিসময়ত বিজেপি আৰু এজিপি একত্ৰিত হৈ পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হ'ব, তেনে ক্ষেত্ৰত বিৰোধী দলসমূহো একত্ৰিত হোৱাৰ প্ৰয়োজন ।"
"এজিপি আৰু বিজেপিয়ে দেখুৱাই দিলে যে তেওঁলোকে একেলগে খেলিব । এতিয়া সেই কাৰণে ভূপেন বৰা ডাঙৰীয়া আৰু কংগ্ৰেছ দলৰ নেতৃবৰ্গক মই আহ্বান জনাইছো যে আমাৰ বিৰোধী ঐক্যমঞ্চই নিৰ্বাচন খেলিব লাগে একেলগে ।" এই মন্তব্য অখিল গগৈৰ ।
"আপোনালোকে যদি নিৰ্বাচন একেলগে খেলে আমি কেম্পেইনিং কৰিম আপোনালোকৰ বাবে আৰু আমাক ছিটো নালাগে । আমি মাত্ৰ সামান্য কেইটামান নিৰ্দিষ্ট ছীটত অংশগ্ৰহণ কৰিম । কাৰণ আমাৰ নীতিটোৱেই হ'ল যে ২০২৬ চনত আমি ফ্ৰেছ কেণ্ডিডেট দিব খোজো । আৰু আমাৰ নীতিটোৱে কয় যে আপোনালোকক আমি জিকাব খোজো, বিজেপিক হৰুৱাব খোজো ।" অখিল গগৈয়ে কয় ।
আনহাতে, ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে এই ক্ষেত্ৰত কংগ্ৰেছ দলক আহ্বান জনাই কয়, "আগন্তুক পঞ্চায়ত নিৰ্বাচনত বিৰোধী ঐক্যমঞ্চই একত্ৰিত হৈ নিৰ্বাচনত অৱতীৰ্ণ হ'ব লাগে । প্ৰয়োজনত ৰাইজৰ দলে পঞ্চায়ত নিৰ্বাচনত কোনো প্ৰাৰ্থী প্ৰক্ষেপ নকৰে । কংগ্ৰেছৰ হৈ পঞ্চায়ত নিৰ্বাচনত নিৰ্বাচনী প্ৰচাৰ চলাব ৰাইজৰ দলে । বিৰোধী ঐক্যমঞ্চই পঞ্চায়ত নিৰ্বাচনত একত্ৰিত হৈ এইবাৰ নিৰ্বাচনত বিজেপিক প্ৰতিহত কৰিব লাগিব ।"
ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে লগতে কংগ্ৰেছ দলক বাস্তৱলৈ ঘূৰি আহিবলৈ আৰু বিজেপিৰ ফান্দত ভৰি নিদিবলৈ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক আহ্বান জনাই কয়, "সঁচা অৰ্থত পঞ্চায়ত নিৰ্বাচনটোক ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ বাবে আখৰা হিচাপে লৈ বিজেপিক হৰুৱাবৰ বাবে আহ্বান জনাইছো ।"
তেওঁ কয়, "কংগ্ৰেছ দলে পঞ্চায়ত নিৰ্বাচনত সকলো দল-সংগঠনক একত্ৰিত কৰি বিজেপিক পৰাভূত কৰিব নোৱাৰিলে আত্মহত্যা কৰা হ'ব ।"
ইফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাম-কাজক সমালোচনা কৰি অখিল গগৈয়ে কয়, "এতিয়া হিমন্ত বিশ্ব শৰ্মাই ৰজাৰ নিচিনা কাম কৰি আছে । কাৰো কথা নুশুনে । অহংকাৰী এজন ৰজাৰ নিচিনা । যি মন যায় তেওঁ মুখৰ কথাকে আইনত পৰিণত কৰি লৈছে । কোনো গণতান্ত্ৰিক দেশততো এনে ঘটনা ঘটিবই নোৱাৰে । গতিকে মই ভাবো যে যদি হিমন্ত বিশ্ব শৰ্মাৰ অতপালি ৰোধ কৰিব লাগে তেন্তে বিৰোধী ঐক্যমঞ্চই একেলগে নিৰ্বাচন খেলিবই লাগিব ।"
আনহাতে, মূল্যবৃদ্ধি প্ৰসংগত অখিল গগৈয়ে কয় যে বৰ্তমানৰ বিজেপি চৰকাৰৰ দিনত ঋণৰ ওপৰত ঋণ লৈ দেশৰ জনসাধাৰণক মাধমাৰ শোধাইছে । মূল্যবৃদ্ধিয়ে জনসাধৰণক কোঙা কৰি পেলাইছে ।