ETV Bharat / politics

গৌৰৱ গগৈৰ বাবেই বিৰোধী একত্ৰিত হ'ব পৰা নাই: শেল এৰিলে অখিল গগৈয়ে - AKHIL GOGOI SLAMS GAURAV GOGOI

ভূপেন বৰাৰ নিৰ্দেশৰ পিছতো গৌৰৱ গগৈৰ কথা মতেই মিত্ৰতা নকৰিলে কংগ্ৰেছে । ২০২৬ ত নাজিৰাত ৰাইজৰ দলে প্ৰক্ষেপ কৰিব প্ৰাৰ্থী ।

Akhil Gogoi Press Meet
গৌৰৱ গগৈৰ বিৰুদ্ধে সৰৱ বিধায়ক অখিল গগৈ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 19, 2025 at 8:52 PM IST

3 Min Read

শিৱসাগৰ: আগন্তুক পঞ্চায়ত নিৰ্বাচনক কেন্দ্ৰ কৰি বিৰোধী ঐক্যবদ্ধ হোৱাৰ প্ৰয়াস আৰু প্ৰচেষ্টাৰ অন্ত পৰিল । সকলো কল্পনা-জল্পনাৰ ওৰ পেলাই শনিবাৰে শিৱসাগৰত ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে বিৰোধী ঐক্যমঞ্চ গঠনত কংগ্ৰেছ দলৰ কোনো আগ্ৰহ নাই বুলি বিস্ফোৰক মন্তব্য় কৰে । কেৱল সেয়াই নহয়,ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে ইয়াৰ বাবে সমস্ত দোষ জাপি দিলে সাংসদ গৌৰৱ গগৈৰ লগতে তেওঁৰ কেইগৰাকীমান ঘনিষ্ঠৰ ওপৰত ।

যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ, নাজিৰা সমষ্টিৰ বিধায়ক তথা বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, শিৱসাগৰ জিলা কংগ্ৰেছৰ সভাপতি মঞ্জীৰ গগৈ আৰু গৌৰৱ গগৈৰ ঘনিষ্ঠ তথা বিগত বিধানসভা নিৰ্বাচনত শিৱসাগৰ সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী শুভ্ৰমিত্ৰ গগৈক তীব্ৰ সমালোচনা কৰি অখিল গগৈয়ে এতিয়া কোনো কাৰণতেই পঞ্চায়ত নিৰ্বাচনক কেন্দ্ৰ কৰি কংগ্ৰেছৰ সৈতে মিত্ৰতা নহ'ব বুলি স্পষ্ট কৰি দিয়ে । লগতে ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে আগন্তুক বিধানসভা নিৰ্বাচনতো কংগ্ৰেছ দলৰ বিৰুদ্ধে প্ৰাৰ্থী ঠিয় কৰোৱাৰ হুংকাৰ দিয়ে ।

গৌৰৱ গগৈৰ বিৰুদ্ধে সৰৱ বিধায়ক অখিল গগৈ (ETV Bharat Assam)

গৌৰৱ গগৈ বিজেপি বিৰোধী নহয় কিয় ?

শিৱসাগৰৰ বিধায়কগৰাকীয়ে আজি সংবাদ মাধ্যমৰ আগত কয়, "কেৱল সাংসদ গৌৰৱ গগৈৰ ক্ষমতাৰ খকৰ বাবেই এই বিৰোধী ঐক্যমঞ্চ একত্ৰিত হ'ব পৰা নাই । ভূপেন বৰাৰ সভাপতিত্বত এই ঐক্যমঞ্চ গঠন হ'লে অনাগত দিনত কংগ্ৰেছ দলৰ ৰাজ্যিক সভাপতি হোৱাৰ পৰা গৌৰৱ গগৈ বঞ্চিত হ'ব বুলি ধাৰণা কৰি গৌৰৱ গগৈয়ে এই একতাত হেঙাৰ সৃষ্টি কৰিছে ।" সভাপতি নহ'লে মুখ্যমন্ত্ৰীৰ দাবীদাৰ নহ'ব বুলিও গৌৰৱ গগৈয়ে এই একতাৰ পোষকতা কৰা নাই বুলি অখিল গগৈয়ে মন্তব্য় কৰি কয়, "খোদ ৰাজ্যিক সভাপতি ভূপেন বৰাই ৰাইজৰ দলৰ সৈতে শিৱসাগৰ কংগ্ৰেছ দলক মিত্ৰতা কৰি শিৱসাগৰ সমষ্টিৰ পাঁচখন আঞ্চলিকৰ লগতে শিৱসাগৰ সমষ্টিৰ কাষৰ আন এখন আঞ্চলিক পঞ্চায়তত নিৰ্বাচন খেলাৰ নিৰ্দেশ দিয়াৰ পাছতো কেৱল গৌৰৱ গগৈৰ কথা অনুসৰি জিলা সভাপতি মঞ্জীৰ গগৈ আৰু শুভ্ৰমিত্ৰ গগৈয়ে এই মিত্ৰতা নকৰিলে । এনে কাৰ্যৰ পৰা প্ৰমাণ হৈ পৰিছে যে গৌৰৱ গগৈ প্ৰকৃততে বিজেপি বিৰোধী নহয় । বৰঞ্চ তেওঁ মুখ্যমন্ত্ৰীৰ গাদী লাভৰ বাবেহে বিজেপি দলৰ বিৰোধিতা কৰে ।"

নাজিৰা সমষ্টিত ৰাইজৰ দলে প্ৰাৰ্থী প্ৰক্ষেপ কৰিব :

ইপিনে, অখিল গগৈয়ে শুভ্ৰমিত্ৰ গগৈক পোনে পোনে হিমন্ত বিশ্ব শৰ্মাৰ দাদা ব্ৰিগেদৰ মানুহ বুলি মন্তব্য় কৰি তেওঁ দৰাচলতে কংগ্ৰেছ দলত থাকি হিমন্ত বিশ্বৰ হৈ কাম কৰি আছে বুলি কয় । আনহাতে নাজিৰা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়াইও বিজেপিৰ হৈ কাম কৰি আছে বুলি তেওঁ অভিযোগ উত্থাপন কৰি অনাগত বিধানসভা নিৰ্বাচনত নাজিৰা সমষ্টিত ৰাইজৰ দলৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ কথা ঘোষণা কৰে । তেওঁ কয়, "বিগত বিধানসভা নিৰ্বাচনত নাজিৰা সমষ্টিত ৰাইজৰ দলৰ প্ৰাৰ্থী প্ৰক্ষেপ নকৰাৰ বাবে দেৱব্ৰত শইকীয়া জয়ী হ'বলৈ সক্ষম হৈছিল; কিন্তু এইবাৰ নহ'ব ।" আনহাতে ৰাহুল গান্ধীয়ে ভূপেন বৰা, গৌৰৱ গগৈ, ৰকিবুল হুছেইন, দেৱব্ৰত শইকীয়া তথা প্ৰদ্যুৎ বৰদলৈক মাতি নি ভাবুকি-ধমকি দিলেহে এই মিত্ৰতা সম্ভৱ হ'ব বুলিও মন্তব্য় কৰে অখিল গগৈয়ে ।

লগতে পঢ়ক:কংগ্ৰেছ-ৰাইজৰ দলৰ "বুজাবুজিৰ গাঁঠি" নোখোলাই হ'ল ! উপায় নাপাই চিঠি পঠালে অখিল গগৈয়ে - AKHIL GOGOI WRITES TO BHUPEN BORAH

হিমন্ত বিশ্ব শৰ্মাৰ অতপালি ৰোধ কৰিবলৈ বিৰোধী ঐক্যমঞ্চই একেলগে নিৰ্বাচন খেলিব লাগিব : অখিল গগৈ - PANCHAYAT ELECTIONS 2025

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.