ETV Bharat / politics

মোৰ বিৰুদ্ধে অপপ্ৰচাৰ চলাই আছে : অখিল গগৈ - PANCHAYAT ELECTIONS 2025

অখিল গগৈৰ বিৰুদ্ধে দেশদ্ৰোহিতাৰ অভিযোগত এজাহাৰ দাখিল সন্দৰ্ভত শিৱসাগৰৰ বিধায়কগৰাকীয়ে কয় যে তেওঁৰ বিৰুদ্ধে অপপ্ৰচাৰ চলোৱা হৈছে ।

Panchayat elections 2025
মোৰ বিৰুদ্ধে অপপ্ৰচাৰ চলাই আছে : অখিল গগৈ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 26, 2025 at 7:30 AM IST

3 Min Read

ধেমাজি: বৰ্তমান ৰাজ্যত বলি আছে পঞ্চায়ত নিৰ্বাচনৰ বতাহ । অহা ২ আৰু ৭ মে'ত দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন । প্ৰথম পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হ'বলগা উজনি অসমত এতিয়া প্ৰচাৰকাৰ্য তুংগত উঠিছে । শাসক-বিৰোধী উভয় দলৰে নেতাসকল মাৰাথন প্ৰচাৰত নামি পৰিছে । তাৰ মাজতে যোৱা মঙলবাৰে পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাই নিৰ্বাচনী প্ৰচাৰত কিছু পৰিমাণে প্ৰভাৱিত কৰিছে ।

আনহাতে, এই সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাক লৈ ৰাজ্য তথা দেশবাসী শোকত ম্ৰিয়মাণ হোৱাৰ লগতে ক্ৰোধান্বিত হৈ থকাৰ সময়তে বিতৰ্কত সোমাই পৰিছে বিধায়ক অখিল গগৈ । পহলগাম ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশত বিতৰ্কিত মন্তব্য কৰা বুলি অভিযোগ উঠিছে অখিল গগৈৰ বিৰুদ্ধে । কেৱল সিমানে নহয়, অখিল গগৈয়ে দেশদ্ৰোহী মন্তব্য কৰাৰ অভিযোগত ৰাজ্যৰ কেইবাঠাইতো ৰাইজৰ দলৰ সভাপতিগৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে । এই সন্দৰ্ভত শুকুৰবাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিধায়ক অখিল গগৈয়ে ।

মোৰ বিৰুদ্ধে অপপ্ৰচাৰ চলাই আছে : অখিল গগৈ (ETV Bharat Assam)

অসমত পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সময়তে পহলগামৰ কাণ্ডই তোলপাৰ লগাইছে দেশৰ লগতে ৰাজ্যতো ৷ শাসক-বিৰোধী সকলোৱে প্ৰচাৰ অভিযানৰ মাজতে সন্ত্ৰাসবাদৰ অৱসান বিচাৰিছে ৷ সন্ত্ৰাসবাদীৰ বৰৰ্বৰতাক গৰিহণা দি ইয়াক নিৰ্মূলৰ দাবী জনাইছে ৷

আনহাতে, শুকুৰবাৰে ধেমাজি জিলাৰ চিচিবৰগাঁও বিধানসভা সমষ্টিত ৰাইজৰ দলৰ প্ৰাৰ্থীসকলৰ হৈ প্ৰচাৰ অভিযান চলাবলৈ আহি বিজেপি চৰকাৰে তেওঁৰ বিৰুদ্ধে অপপ্ৰচাৰ চলোৱা বুলি মন্তব্য কৰে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে ৷

তেওঁ কয়, “মোৰ বিৰুদ্ধে যথেষ্ট অপপ্ৰচাৰ চলাই আছে ৷ মই দেখিছোঁ বেলেগ বেলেগ ধৰণেৰে অপপ্ৰচাৰ চলাই আছে ৷ কালি আৰু পৰহি শিৱসাগৰ সমষ্টিত যিমানবিলিক মিটিং হৈছে আমি কাশ্মীৰৰ ঘটনাটোৰ বাবে শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ ৷ প্ৰত্যেকটো ঠাইতে প্ৰতিবাদ সাব্যস্ত কৰিছোঁ ৷ উগ্ৰপন্থীবিলাকক অনতি পলমে নিৰ্মূল কৰিবৰ বাবে ভাৰত চৰকাৰক আমি দাবী জনাই আহিছোঁ ৷"

অখিল গগৈয়ে লগতে কয়, "ইছ্যুটো ডাইভাৰ্ট কৰিবৰ বাবে এনেধৰণে অপপ্ৰচাৰ চলাই আছে ৷ যিহেতু ৰাইজৰ দলে উজনি অসমত সাংঘাতিক জনপ্ৰিয়তা লাভ কৰিছে ৷ সেয়ে জনপ্ৰিয়তা হ্ৰাস কৰিবৰ বাবে এনেধৰণৰ ষড়যন্ত্ৰ কৰা যেন লাগিছে ৷ মই যিহেতু একো কোৱাই নাই, গতিকে চিন্তিত নহয় ৷ তেওঁলোকে কিবা কৰিলেও বিফল হ’ব ৷ ভাৰত চৰকাৰে অনতিবিলম্বে পাকিস্তানৰ বিৰুদ্ধে একচন হ’ব লাগে ৷ সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰত চৰকাৰে যি ব্যৱস্থা লয় ৰাইজৰ দলৰ এশ শতাংশ সমৰ্থন আছে ৷"

লগতে পঢ়ক :মাজুলী জিলা বিজেপিৰ কাৰ্যালয়ত সৰ্বানন্দ সোণোৱালৰ ফটো নেদেখি হতবাক দিলীপ শইকীয়া - DILIP SAIKIA ON SARBANANDA SONOWAL
লগতে পঢ়ক :ব্যক্তিগত ৰাজনীতি কৰি তেওঁ মুখ্যমন্ত্ৰীৰ চকীখনক অপমান কৰিছে: নাম নোলোৱাকৈয়ে হিমন্ত বিশ্ব শৰ্মালৈ শেল এৰিলে গৌৰৱে - PAHALGAM TERRORIST ATTACK

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.