ETV Bharat / politics

কয়লা কেলেংকাৰীকে ধৰি কেইবাটাও বিষয়ত মুখ্যমন্ত্রীলৈ অজাপৰ পোনপটীয়া প্ৰশ্ন - AJP SLAMS ASSAM CM

সাংসদ গৌৰৱ গগৈৰ পত্নীৰ বিৰুদ্ধে তদন্ত, অসম চুক্তি ৰূপায়ণ, উমৰাংছ' কয়লাখনি দুৰ্ঘটনা, কয়লা কেলেংকাৰী আদি কেইবাটাও বিষয়ত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰৱ অজাপ ।

AJP Slams Assam CM
কয়লা কেলেংকাৰীকে ধৰি কেইবাটাও বিষয়ত মুখ্যমন্ত্রীলৈ অজাপৰ পোনপটীয়া প্ৰশ্ন (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Feb 18, 2025, 6:10 PM IST

গুৱাহাটী : "কয়লা কেলেংকাৰী ঢাকিবলৈ নিত্য-নতুন বিষয় উত্থাপনেৰে ৰাইজৰ দৃষ্টি আঁতৰাই আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । নিজৰ এক্তিয়াৰৰ বাহিৰৰ বিষয়ক চিলনীয়ে থপিওৱাৰ দৰে থপিয়াই ফুৰাটো স্বভাৱত পৰিণত হৈছে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ ।" -এই অভিযোগ অসম জাতীয় পৰিষদ চমুকৈ অজাপৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাৰ ।

মঙলবাৰে দলৰ গুৱাহাটীস্থিত মুখ্য কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি জগদীশ ভূঞাই মুখ্যমন্ত্রীক কঠোৰ ভাষাৰে সমালোচনা কৰে ।

কয়লা কেলেংকাৰীকে ধৰি কেইবাটাও বিষয়ত মুখ্যমন্ত্রীলৈ অজাপৰ পোনপটীয়া প্ৰশ্ন (ETV Bharat Assam)

তেওঁ কয়, "মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাংসদ গৌৰৱ গগৈৰ পত্নীৰ প্ৰসংগ উলিয়াই বিগত কেইদিনমান অসমৰ সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমক ব্যস্ত কৰি ৰাখিলে । আনকি বিষয়টো এক্তিয়াৰবিহীনভাৱে ৰাজ্যিক কেবিনেটত উত্থাপন কৰাই নহয়, গৌৰৱ গগৈৰ পত্নী এলিজাবেথৰ প্ৰাক্তন গাইড তথা পাকিস্তানী নাগৰিক এগৰাকীৰ বিৰুদ্ধে অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগত গোচৰো ৰুজু কৰাইছে । সেইদৰে অসম চুক্তিৰ ৬নং দফা ৰূপায়ণৰ ওপৰত ৰাজ্যিক কেবিনেটত সিদ্ধান্ত লৈ সেই সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণৰ কথা সংবাদমেলযোগে ঘোষণা কৰিছে । অথচ এই কামবোৰ অসমৰ মুখ্যমন্ত্ৰীৰ এক্তিয়াৰৰ ভিতৰৰ বিষয় নহয় ।"

তেওঁ লগতে কয়, "সাংসদ গৌৰৱ গগৈৰ পত্নীয়ে সঁচাকৈয়ে ভাৰতবিৰোধী কাম কৰিছেনে নাই সেইবোৰ চাবলৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়, বৈদেশিক মন্ত্ৰণালয়, এন আই এ আদি বহু বিভাগ আৰু সংস্থা আছে । কোনোবাই বিদেশৰ কোনো ভাৰতবিৰোধী সংস্থাৰ হৈ কাম কৰিলে তেনে ব্যক্তিৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ ক্ষমতা আৰু সামৰ্থ্য ভাৰত চৰকাৰৰ আছে, তাত সন্দেহ নাই ৷ যদি ভাৰত চৰকাৰৰ সংস্থাসমূহে সেই দায়িত্ব পালন নকৰাৰ বাবে অসমৰ মুখ্যমন্ত্ৰীয়ে সেই দায়িত্ব ল'বলগা হৈছে, তেনেহ’লে ভাৰত চৰকাৰৰ উক্ত ব্যৰ্থতাৰ দায়িত্ব ভাৰতৰ প্ৰধানমন্ত্ৰী, গৃহ মন্ত্ৰীসহ কেন্দ্ৰীয় চৰকাৰে মূৰ পাতি লোৱা উচিত । তেওঁলোকে মাত মতা নাই মানে এইবোৰ মুখ্যমন্ত্ৰীৰ অপ্ৰয়োজনীয় আৰু মূল্যহীন আস্ফালন ।"

অসম চুক্তি সন্দৰ্ভত তেওঁ কয়, "অসম চুক্তি ৰূপায়ণৰ বিষয়টো কেন্দ্ৰীয় চৰকাৰৰ এক্তিয়াৰৰ বিষয় । ন্যায়াধীশ (অৱসৰপ্ৰাপ্ত) বিপ্লৱ শর্মা কমিটীৰ প্ৰতিবেদন ৰূপায়ণৰ নামত ৰাইজক কেনেকৈ মুখ্যমন্ত্ৰীয়ে আঁভুৱা-ভাৰি আছে সেই বিষয়ে আমি পাছলৈ ক'ম । আজি অসমৰ মুখ্যমন্ত্ৰীয়ে কৰা আচলতে অসমৰ ইতিহাসৰ এটা অন্যতম সর্ববৃহৎ কয়লা কেলেংকাৰী বিষয়ে আমি ক'ব বিচাৰিছোঁ । যিটো কেলেংকাৰীত চৰকাৰৰ ‘কানেকচন’ থকাৰ তথ্য-প্ৰমাণ ৰাজহুৱা হৈয়ে আছে, সেইটোৰ ওপৰত কেনেকৈ সন্দেহজনক স্থিতি গ্ৰহণ কৰি আছে, সেই বিষয়ে ৰাইজৰ দৃষ্টি আকর্ষণেৰে আমি জনমত গঠনৰ চেষ্টা কৰিম ।"

কয়লা কেলেংকাৰীৰ প্ৰসংগত তেওঁ কয়, "যোৱা ৬ জানুৱাৰীত ডিমা হাচাও জিলাৰ উমৰাংছ’ত অবৈধ কয়লাখনিত আবদ্ধ হোৱা শ্ৰমিকসকলৰ এতিয়াও সন্ধান ওলোৱা নাই ৷ তাৰ পাছত অসমত অবৈধ কয়লা খনন হৈ থকা নাই বুলি মুখ্যমন্ত্ৰীয়ে বুজাবলৈ বাৰে বাৰে চেষ্টা কৰিও ব্যৰ্থ হৈ অৱশেষত ৰেট-হ’ল বন্ধ কৰিবলৈ অসম আৰক্ষীৰ সঞ্চালকপ্ৰধানক নিৰ্দেশ দিবলগা হ’ল ৷ কিন্তু আৰক্ষী সঞ্চালকপ্ৰধানে এসপ্তাহৰ ভিতৰত ৰেট-হ’ল বন্ধ কৰিবলৈ নিৰ্দেশ দিয়াৰ পাছত যেতিয়া ৰেট-হ’ল বন্ধ নহ’ল, তেতিয়া আমি চৰজমিনত উপস্থিত হৈ সংবাদ মাধ্যমৰ জৰিয়তে ৰাইজক দেখুৱাই দিলোঁ যে কেনেকৈ সেই দিনটোলৈকে ৰেট-হ’ল মাইনিঙৰ জৰিয়তে কয়লাৰ অবৈধ খনন, পৰিবহণ, সৰবৰাহ আৰু অবৈধ ব্যৱসায় চলি আছে ৷"

তেওঁ আৰু কয়, "অৱশেষত পৰিস্থিতিৰ গভীৰতালৈ চাই গুৱাহাটী উচ্চ ন্যায়ালয়ে নিজাববীয়াকৈ এটি ৰাজহুৱা স্বাৰ্থজড়িত গোচৰ (পি আই এল) ৰুজু কৰিলে ৷ আমি নিজেও উচ্চ ন্যায়ালয়ত আন এখন পি আই এল দাখিল কৰিছোঁ । ইমানৰ পিছতো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়লা কেলেংকাৰীৰ সৈতে পোনপটীয়াকৈ জড়িতসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ আগ্ৰহ প্ৰকাশ কৰা পৰিলক্ষিত হোৱা নাই । তাৰ সলনি গোটেই বিষয়টো গাপ দি ৰাইজৰ দৃষ্টি অন্য ফাললৈ ঢাল খুওৱাহে দেখিবলৈ পোৱা গৈছে । সেয়েহে মুখ্যমন্ত্ৰীয়ে আমাৰ কেতবোৰ প্ৰশ্নৰ উত্তৰ দিয়া প্ৰয়োজন ।"

সংবাদমেলযোগে জগদীশ ভূঞাই কেতবোৰ প্ৰশ্ন উত্থাপন কৰি অসম বিধানসভাৰ অধিৱেশনৰ মাজতে ইয়াৰ যথাযথ উত্তৰ দিয়াৰ বাবে মুখ্যমন্ত্রীৰ প্ৰতি প্ৰত্যাহ্বান জনায় ।

অসম জাতীয় পৰিষদে উত্থাপন কৰা প্ৰশ্নসমূহ

  • উমৰাংছ'ৰ অবৈধ ৰেট-হ’ল মাইনিঙত মৃত‍্যু হোৱা ব‍্যক্তিকেইজনৰ মৃতদেহসমূহ সম্পূৰ্ণ উদ্ধাৰ নহ’ল আৰু ইয়ে প্ৰমাণ কৰিলে যে মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে এইসমূহ পৰিত‍্যক্ত সুৰংগ নাছিল । এইসমূহত সুদীৰ্ঘ বছৰ চৰকাৰৰ পৃষ্ঠপোষকতাত অবৈধ মাইনিং চলি আছিল বাবেই ভূগৰ্ভৰ বহু ভিতৰলৈ এই ভিন্নমুখী সুৰঙ্গসমূহত মৃতদেহ বিচাৰি নাপালে ।
  • মুখ্যমন্ত্ৰীয়ে ক’ব লাগে যে উক্ত ৰেট-হ’লসমূহ চলাই থকা ব্যক্তি, সেইসমূহ চলাবলৈ অনুমতি দিয়া সংশ্লিষ্ট জিলাসমূহৰ আয়ুক্ত, আৰক্ষী অধীক্ষক, জিলা বন বিষয়া তথা অন্য বিষয়া-কৰ্মচাৰীসকলকৰ বিৰুদ্ধে আইনগত ব্যৱস্থা কেতিয়া গ্ৰহণ কৰা হ’ব ।
  • অবৈধ কয়লা কেলেংকাৰীত মুখ্যমন্ত্ৰীৰ দলৰে দেৱলাল গাৰ্লোছা, তেওঁৰ পত্নী কনিকা হোজাই, তুলিৰাম ৰংহাং আদি পোনপটীয়াকৈ আৰু আন কেইবাগৰাকী নেতা অদৃশ্যভাৱে জড়িত থকাটো প্ৰমাণ হোৱাৰ পিছতো আজিলৈকে তেওঁলোকৰ বিৰুদ্ধে কিয় কোনো ব‍্যৱস্থা গ্ৰহণ নকৰিলে । তাৰ সলনি কয়লা কেলেংকাৰীত জড়িত নেতাক লগত লৈ মুখ্যমন্ত্ৰীয়ে বিদেশ ভ্ৰমণ কৰি ৰাইজক কি বাৰ্তা দিব খুজিছ, সেইটো ৰাজহুৱা কৰক ।
  • মুখ্যমন্ত্ৰীয়ে কিয় ৰাজধৰ্ম পালন কৰা নাই । দুহেজাৰ টকা উৎকোচ লোৱা বিষয়া-কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰিবলৈ তৎপৰ হৈ থকা আপোনাৰ চৰকাৰে মাতৃভূমিৰ ভূগৰ্ভ লুণ্ঠন কৰাসকলক কিয় ৰেহাই দিছে ।
  • যোৱা ১১ ফেব্ৰুৱাৰীত যোগীঘোপাত ভাৰত চৰকাৰৰ জি এছ টি সঞ্চালকালয়ৰ দলে অভিযান চলাই মুঠ ১০৬ খন অবৈধ কয়লাৰ ট্ৰাক জব্দ কৰিছে । উক্ত কয়লাৰ ছিণ্ডিকেট ৰহিম জিব্ৰান নামৰ অসম গণ পৰিষদৰ পালিনেতা এজনে পৰিচালনা কৰা বুলি সংবাদ মাধ্যমত বাতৰি ওলাই আছে । ৰহিম জিব্ৰান বোলাজন দিছপুৰৰ কোন মন্ত্ৰীৰ ভাতঘৰৰ মানুহ । তেওঁ আৰু তেওঁৰ সহযোগীকেইজনক কিয় এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা নাই ।
  • AMDC-ৰ পৰিচালন সঞ্চালক আনন্দ নটৰাজনে এই চোৰাং বেহাৰ প্ৰত‍্যক্ষ পৃষ্ঠপোষকতা কৰাৰ একাধিক প্ৰমাণ দিয়াৰ পিছতো সেইজন দুৰ্নীতিগ্ৰস্ত বিষয়াক আপুনি সসন্মানে নিজৰ বিভাগলৈ উভতাই পঠালে কিয় । তেওঁৰ বিৰুদ্ধে আইনগত ব্যৱস্থা কিয় গ্ৰহণ কৰা নাই ।
  • লিডু, মাৰ্ঘেৰিটা, দিহিং-পাটকাই সংৰক্ষিত বনাঞ্চলত ১৯ জন চোৰাং বেপাৰীয়ে অবৈধ কয়লা খনন আৰু সৰবৰাহ কৰি থকা বুলি অসম চৰকাৰৰ ভূতত্ব আৰু খনি বিভাগৰ সঞ্চালকে তিনিচুকীয়াৰ জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকক নামৰ তালিকা দাখিল কৰাৰ পিছতো আজিলৈকে সেইসকলৰ এজনকো কিয় গ্ৰেপ্তাৰ কৰা নহ’ল । তাৰ পৰিৱৰ্তে সেইসকলৰ মাজৰ গোবিন ছেত্ৰী বোলাজনক কিয় চৰকাৰী নিৰাপত্তাৰক্ষী দিয়া হ’ল ।
  • অবৈধ কয়লা ক্ৰয় কৰা দুষ্কাৰ্যত জড়িত হোৱা তথা কৰফাঁকি দিয়া ডালমিয়া, টপচেম, ষ্টাৰ, বিনয় আদি চিমেণ্ট কোম্পানীসমূহৰ বিৰুদ্ধে কিয় ব‍্যৱস্থা গ্ৰহণ কৰা নহ’ল । এইবোৰ চিমেণ্ট কোম্পানীয়ে মেঘালয়ত অবৈধ কাৰ্য কৰাৰ বাবে ৰাষ্ট্ৰীয় সেউজ ন‍্যায়াধীকৰণে যোৱা ডিচেম্বৰ (২০২৪) মাহত এনে ধৰণৰ চিমেণ্ট কোম্পানীসমূহৰ ওপৰত মুঠ ৬৪০ কোটি টকা জৰিমনা বিহিছিল । আনহাতে, মেঘালয় প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডে ষ্টাৰ চিমেণ্ট কোম্পানীৰ ওপৰত পৰিৱেশ দূষিত কৰাৰ অপৰাধত ১.২০ কোটি টকা জৰিমনা বিহে । অসমতো একে ধৰণৰ অপকৰ্ম কৰি থকা এই চিমেণ্ট কোম্পানীসমূহৰ ওপৰত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ নিৰৱ কিয় ।
  • যিসমূহ অবৈধ কোক উদ‍্যোগে এই অবৈধ কয়লা সংগ্ৰহ কৰিছিল আৰু বিধি-বিধান উলংঘা কৰি চলাই আছে, সেইসমূহ উদ‍্যোগ আজি পৰ্যন্ত কিয় বন্ধ কৰা নাই ।
  • যি ষ্টাৰ চিমেণ্টৰ গুৰুতৰ অপৰাধৰ বাবে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণে জৰিমনা বিহাৰ লগতে মেঘালয় প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডে জৰিমনা বিহিছে, কোম্পানীটোৱে অসমতো অনুৰূপ দুষ্কাৰ্য কৰি থকা সত্ত্বেও কোম্পানীটোৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ সলনি বিজেপিৰ কেন্দ্ৰীয় চৰকাৰে, অসম চৰকাৰৰ চুপাৰিছ অনুসৰি, উক্ত কোম্পানীটোৰ মালিক সজ্জন ভজঙ্কাক ২০২৬ চনৰ পদ্মশ্ৰী সন্মানেৰে বিভূষিত কৰিছে ৷ এই দৰদৰ আঁৰৰ ৰহস্য কি ।

মুখ‍্যমন্ত্ৰীয়ে এই প্ৰশ্নসমূহৰ উত্তৰ দি ৰাজধৰ্ম পালন কৰাৰ বাবে আহ্বান জনাই অজাপ সাধাৰণ সম্পাদক ভূঞাই কয়, "যদি চৰকাৰে ব‍্যৱস্থা গ্ৰহণ নকৰে প্ৰয়োজনত পৰৱৰ্তী সময়ত আমি চিমেণ্ট উদ‍্যোগ আৰু কোক উদ‍্যোগসমূহৰ বিৰুদ্ধেও ন‍্যায়ালয়ৰ দ্বাৰস্থ হ’ম ।"

সংবাদমেলত অজাপৰ কেইবাজনো নেতা উপস্থিত থাকে ।

লগতে পঢ়ক :ব্ৰহ্মপুত্ৰৰ খননে জলজ সম্পদৰ জীৱন বিপদাপন্ন কৰিব; সকীয়নি পৰিৱেশ বিজ্ঞানীৰ - EXCAVATION OF BRAHMAPUTRA
লগতে পঢ়ক :প্ৰসংগ গৌৰৱ গগৈৰ পত্নী বিতৰ্ক; মুখ্যমন্ত্ৰীয়ে ক্ষমতাত বলিয়ান হৈ হিতাহিত জ্ঞান হেৰুৱাইছে : লুৰীণজ্যোতি গগৈ - LURIN JYOTI GOGOI ON CM

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.