ETV Bharat / politics

১৭ টা প্ৰশ্নৰ উত্তৰ নাহিল, এইবাৰ আৰু ৩ টা...

সামাজিক মাধ্যমযোগে লুৰীণজ্যোতি গগৈয়ে ব্যক্ত কৰিছে নিজৰ প্ৰতিক্ৰিয়া ।

Lurinjyoti Gogoi
অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈ (Lurinjyoti Gogoi's FB page)
author img

By ETV Bharat Assamese Team

Published : September 13, 2025 at 4:36 PM IST

5 Min Read
Choose ETV Bharat

গুৱাহাটী: দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ অহা প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ পৰা তিনিটা প্ৰশ্নৰ উত্তৰ বিচাৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে । সামাজিক মাধ্যমযোগে আজি এই প্ৰশ্নৰ উত্তৰ বিচাৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে লুৰীণজ্যোতি গগৈয়ে । লগতে পূৰ্বতেও কেইবাৰো প্ৰশ্ন কৰিছিল যদিও কোনো উত্তৰ নিদিয়াক লৈ তেওঁ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ।

প্ৰধানমন্ত্রীক উদ্দেশ্যি সামাজিক মাধ্যমযোগে তেওঁ কয়, "অসম জাতীয় পৰিষদে পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ১৭টা প্ৰশ্ন কৰিছিলো আৰু কৈছিলো যে মোদীয়ে দুদিনজোৰা অসম ভ্ৰমণকালত আমি উত্থাপন কৰা প্ৰশ্নকেইটাৰ উত্তৰ দিব লাগে । কিন্তু তেওঁ এটাও প্রশ্নৰ উত্তৰ নিদিয়াকৈ অসমৰ পৰা উভতি গ’ল । একেদৰে ২৮ আগষ্টত কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহ অসমলৈ আহোতেও কেইটামান প্রশ্ন উত্থাপন কৰিছিলো । গৃহমন্ত্ৰীয়েও প্রশ্নকেইটাৰ উত্তৰ নিদিয়াকৈ গুচি গ’ল ।"

তেওঁ কয়, "আমি প্রশ্ন উত্থাপন কৰাৰ কাৰণ হ’ল, দেশৰ প্ৰধানমন্ত্রী বা গৃহমন্ত্ৰী ৰাইজৰ ওচৰত সাংবিধানিকভাৱে দায়বদ্ধ । তেওঁলোক আমাৰ দেশৰ জনসাধাৰণৰ ভাগ্যনিয়ন্তা । তেওঁলোকৰ ওপৰত দেশৰ অন্য ৰাজ্যৰ দৰে অসমবাসী ৰাইজেও আশা-ভাৰসা নিৰ্ভৰ কৰে । তেওঁলোকে অসমবাসীক ইতিপূর্বে যিসমূহ প্রতিশ্রুতি দিছিল, সেইসমূহ পূৰণ কৰা নাই । ৰাজনৈতিক দল হিচাপে সেইসমূহ তেওঁলোকক সোঁৱৰাই দিয়াটো আমাৰ দায়িত্ব । প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ ওচৰত বাৰে বাৰে প্ৰশ্ন উত্থাপন কৰাৰ পাছতো তেওঁলোকে উত্তৰ দিয়াৰ প্ৰয়োজনবোধ কৰা নাই, অর্থাৎ অসমবাসী ৰাইজৰ ওচৰত তেওঁলোকে দায়বদ্ধতা প্ৰদৰ্শন কৰা নাই । সেয়ে এইবাৰ প্রধানমন্ত্ৰী মোদীক মাত্ৰ তিনিটা প্রশ্ন উত্থাপন কৰিছো ।"

  • প্ৰধানমন্ত্রীক অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ তিনিটা প্ৰশ্ন :

১. সম্প্ৰতি অসমত ৬ জনগোষ্ঠীৰ জনজাতিকৰণক লৈ ৰাইজ আন্দোলনমুখৰ হৈছে । বিজেপি দলে তেওঁলোকৰ ভিজন ডকুমেণ্টত অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ আশ্বাস দিছিল । প্রধানমন্ত্রী মোদীয়ে নিজে ২০১৯ চনৰ ৩০ মাৰ্চত তিনিচুকীয়া জিলাৰ মৰাণ আৰু শোণিতপুৰ জিলাৰ গহপুৰত অনুষ্ঠিত হোৱা নিৰ্বাচনী সভাত ৬ জনগোষ্ঠীক জনজাতিকৰণৰ আশ্বাস দিছিল । কিন্তু কিয় নকৰিলে । কিয় মিছা মাতিছিল ? ৰাইজক আন্দোলন কৰিবলৈ কিয় বাধ্য কৰিছে ?

Lurinjyoti Gogoi
অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈ (ETV Bharat Assam)

২. ২৮ এপ্রিল ২০১৪ত মোদীয়ে ঘোষণা কৰিছিল যে ১৬ মে’ৰ পাছত অবৈধ বাংলাদেশীয়ে টালি-টোপোলা বান্ধি নিজ দেশলৈ উভতি যাব লাগিব । কিন্তু সেই ঘোষণাৰ ১১ বছৰ পাছতো মোদীয়ে সেই হুংকাৰ কাৰ্যকৰী নকৰিলে । অসম চুক্তি আখৰে আখৰে ৰূপায়ণ কৰিম বুলি বাৰে বাৰে প্ৰতিশ্ৰুতি দিও বিজেপি চৰকাৰে বিদেশী চিনাক্তকৰণ, বহিষ্কৰণ, ভোটাৰ তালিকাৰ পৰা বিদেশীৰ নাম কর্তন একোৱে নকৰিলে । ওলোটাই ‘কা’ প্ৰণয়ন কৰি অসম চুক্তিৰ আত্মাক হত্যা কৰিলে । অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণৰ পৰামৰ্শ প্ৰদানৰ হকে স্বয়ং কেন্দ্রীয় গৃহ মন্ত্ৰণালয়ে গঠন কৰি দিয়া ন্যায়াধীশ (অৱসৰপ্ৰাপ্ত) বিপ্লৱ কুমাৰ শৰ্মা কমিটীৰ প্ৰতিবেদন দাঢ়ি-ক’মা নকটাকৈ ৰূপায়ণ কৰিম বুলি সংসদত ঘোষণা কৰিও সেই প্রতিবেদন এতিয়া অস্তিত্বহীন কৰি পেলালে । ‘কা’ প্রয়োগেৰে ৪৩ বছৰৰ অবৈধ বিদেশীৰ বোজা অসমৰ ওপৰত জাপি দিয়াৰ পাছত এতিয়া আকৌ Immigration and Foreigners (Exemption) Order, 2025 আধাৰত 2024 চনৰ ৩১ ডিচেম্বৰলৈ অবৈধ নাগৰিকক অসমত সংস্থাপিত কৰাৰ পথ মুকলি কৰিলে আৰু অসমৰ ওপৰত এইবাৰ ৫৩ বছৰৰ অবৈধ বিদেশীৰ বোজা জাপি দিলে । অসমীয়া জাতিটোক নিঃশেষ কৰি দিব পৰা কামবোৰ বিজেপিয়ে কৰি আছে কিয় ?

৩. অসমৰ চাহৰ সুনাম পৃথিৱীজুৰি বিখ্যাত । প্রধানমন্ত্ৰীগৰাকীয়ে নিজেও ‘চাহৱালাৰ সন্তান’ বুলি গৌৰৱ কৰে । বাল্যকালত তেওঁ নিজে চাহ বিক্ৰী কৰা কথাও উল্লেখ কৰি আহিছে । সেই চাহ উৎপাদনৰ সৈতে জীৱন-জীৱিকা জড়িত থকা অসমত ৭৫ লাখতকৈ অধিক লোক আছে । যি ৰাজ্যখনৰ মুঠ জনসংখ্যাৰ ২০ শতাংশতকৈ অধিক হ’ব । চাহ জনগোষ্ঠীৰ লোকসকলৰ জীৱনৰ মান উন্নত কৰাৰ কোনো ফলপ্রসূ পদক্ষেপ বিজেপি চৰকাৰে গ্ৰহণ নকৰিলে । চাহ শ্ৰমিকৰ মজুৰি দৈনিক ৩৫১ টকালৈ বৃদ্ধি কৰাৰ প্রতিশ্রুতি দিছিল বিজেপিয়ে । সেই প্রতিশ্রুতিও যোৱা ৯ বছৰে পালন নকৰিলে বিজেপি চৰকাৰে । বিজেপি দলৰ প্ৰতি বিগত নির্বাচনসমূহত একচেতীয়া সমর্থন আগবঢ়োৱা এই উপান্ত জনগোষ্ঠীক বিজেপি চৰকাৰে ইমান প্ৰতাৰণা কিয় কৰিলে ?

লুৰীণজ্যোতি গগৈয়ে লগতে কয়, "মোদীক আকৌ সুধিছো— খিলঞ্জীয়াৰ সাংবিধানিক ৰক্ষাকৱচ কেতিয়া হ’ব ? অবৈধ কয়লা খনন-সৰবৰাহ-ছিণ্ডিকেটৰাজ কেতিয়া বন্ধ হ’ব ? দুর্নীতিমুক্ত অসমৰ প্ৰতিশ্ৰুতি কেতিয়া পূৰণ হ’ব ? অসমৰ ওপৰত ২৭খন টোলগেটৰ বোজা কিয় জাপি দিয়া হ’ল ? নামনি সোৱণশিৰি নদীবান্ধ প্ৰকল্প কেতিয়া বন্ধ হ’ব ? ৰাইজৰ বেংক একাউণ্টত ১৫ লাখকৈ টকা কেতিয়া সোমাব ? খাদ্যদ্রব্যৰ মূল্য হ্ৰাস হৈ ‘ভাল দিন’ (আচ্ছে দিন) কেতিয়া উভতি আহিব ? অসমৰ বান-গৰাখহনীয়াৰ স্থায়ী সমাধানৰ প্ৰতিশ্ৰুতি কেতিয়া পূৰ্ণ হ’ব ? বিজুলীৰ স্মাৰ্ট মিটাৰ কেতিয়া উঠাই লৈ যোৱা হ’ব ? মাতৃভাষা মাধ্যমৰ বিদ্যালয় ধ্বংসৰ চৰকাৰী ষড়যন্ত্র ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰ কিয় উদাসীন ? কৃষকৰ আয় কেতিয়া দুগুণ হ’ব ? অসমৰ বিশেষ ৰাজ্যৰ মৰ্যাদা কেতিয়া ওভতাই দিয়া হ’ব ? আশা ৰাখিছো- অসম ভ্ৰমণৰ সময়ছোৱাত অসমৰ জনসাধাৰণৰ এই প্ৰশ্নসমূহৰ উত্তৰ দি প্রধানমন্ত্ৰী মোদীয়ে আমাক বাধিত কৰিব ।"

লগতে পঢ়ক : মই আপোনালোকৰ লগত আছো: মণিপুৰৰ হিংসাত আক্ৰান্ত হোৱাসকলক লগ ধৰি ক'লে প্ৰধানমন্ত্ৰীয়ে

লগতে পঢ়ক : আজি অসমলৈ দুদিনীয়া ভ্ৰমণসূচীৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী; ভাগ ল’ব সুধাকণ্ঠ ভূপেন হাজৰিকাৰ জন্মশতবৰ্ষৰ বিশেষ অনুষ্ঠানত