সৌৰশক্তি প্ৰকল্পৰ নামত কাৰ্বি আংলঙৰ ১৮ হাজাৰ বিঘা মাটিক লৈ কিহৰ অংক ?
১০০০ মেগাৱাটৰ বৃহৎ সৌৰশক্তি প্ৰকল্প নিৰ্মাণৰ দিশত আগবাঢ়িছে চৰকাৰ ৷ ৰাজ্যসভাত উদ্বেগ সাংসদ অজিত কুমাৰ ভূঞাৰ ৷

Published : March 11, 2025 at 8:16 PM IST
হায়দৰাবাদ: কাৰ্বি আংলঙক লৈ ৰাজ্যসভাত সৰৱ সাংসদ অজিত কুমাৰ ভূঞা ৷ বিশেষকৈ কাৰ্বি আংলঙৰ ১৮ হাজাৰ বিঘা মাটিত বিশাল সৌৰশক্তি প্ৰকল্পক লৈ মঙলবাৰে সংসদত উদ্বেগ প্ৰকাশ কৰে সাংসদগৰাকীয়ে ৷
মঙলবাৰে সদনৰ শূন্যকালত বিষয়টোৰ প্ৰতি অধ্যক্ষৰ দৃষ্টি আকৰ্ষণ কৰি সাংসদগৰাকীয়ে সংসদত কয় যে "কাৰ্বি আংলং" কাৰ্বি ভাষাৰ পৰা উদ্ভৱ হৈছে । কাৰ্বি এই অঞ্চল আৰু ইয়াৰ আশে-পাশে বাস কৰা খিলঞ্জীয়া জনজাতি (ভূমিপুত্ৰ) ৰ নাম । কিন্তু এতিয়া তেওঁলোকক নিজৰ মাটিৰ পৰা উচ্ছেদ কৰা হৈছে ৷ কাৰণ এটা বৃহৎ ১০০০ মেগাৱাটৰ সৌৰশক্তি প্ৰকল্পৰ উন্নয়নৰ অজুহাতত ৷
সদনত তেওঁ কয়- "অসম চৰকাৰে ষষ্ঠ অনুসূচীৰ নীতি আৰু মূল সত্তাক সম্পূৰ্ণৰূপে অস্বীকাৰ কৰি কাৰ্বি আংলঙৰ খটখটি-লংকাঠাত প্ৰায় ১৮ হাজাৰ বিঘা মাটিত এছিয়ান ডেভেলপমেণ্ট বেংকৰ সহায়ত ১০০০ মেগাৱাটৰ বৃহৎ সৌৰশক্তি প্ৰকল্প নিৰ্মাণৰ দিশত আগবাঢ়িছে । ২০০ বছৰ ধৰি বৃহৎ এলেকাৰ ২৩ খন গাঁৱত বসবাস কৰি অহা প্ৰায় ২০ হাজাৰ কাৰ্বি, জনজাতীয় আৰু নগা লোকক উচ্ছেদ কৰি এই ভূমি অধিগ্ৰহণ কৰা হ’ব ।
ইতিমধ্যে অসম চৰকাৰে এই কাৰ্য হাতত লৈছে আৰু কার্বি আংলং স্বায়ত্ব শাসিত পৰিষদে অনুমতি দিছে ৷ এই প্ৰকল্পৰ নামত ভূমি অধিগ্ৰহণ অসমৰ ইতিহাসৰ অন্যতম বৃহৎ ভূমি অধিগ্ৰহণ হ’ব ।"
ভূঞাই লগতে আৰু কয়, "আটাইতকৈ দুৰ্ভাগ্যজনক কথাটো হ’ল যে অসম চৰকাৰে কোনো জনমত নোহোৱাকৈ এই কাম কৰিবলৈ ওলাইছে, যিটো স্থানীয় ৰাইজৰ প্ৰতি একেবাৰে অন্যায় । এই প্ৰস্তাৱিত ভূমিত দীৰ্ঘদিন ধৰি খেতি কৰি অহা হৈছে । অসম-নাগালেণ্ড সীমান্তত থকা এইখন এক গুৰুত্বপূৰ্ণ জৈৱ বৈচিত্ৰ্যৰ অঞ্চলত নৈ, উপনৈ আদি আছে । কিন্তু কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদ আৰু অসম চৰকাৰে দীৰ্ঘদিন ধৰি এই ভূমিক অনুপযুক্ত ভূমি বুলি চিনাক্ত কৰি ভূমি নীতিৰ চৰম উলংঘা কৰি আহিছে ।"
তেওঁ কয় যে চৰকাৰৰ বিৰুদ্ধে ইতিমধ্যে আছে বি টি আৰ, মিকিৰ বামুনী, কাজিৰঙা, ৰাভা হাছঙকে ধৰি অসমৰ বিভিন্ন প্ৰান্তত অবৈধ ভূমি অধিগ্ৰহণৰ গোচৰ । চৰকাৰে এতিয়া এডভাণ্টেজ আছামৰ নামত এই কাম কৰাৰ পৰিকল্পনা কৰিছে ।
কোনোবা ডাঙৰ ব্যৱসায়ীৰ সুবিধাৰ্থে কাৰ্বি আংলঙৰ ৰাইজে জীৱিকা হেৰুৱাবলগীয়া হোৱাটো চৰম দুখৰ বিষয় বুলি উল্লেখ কৰি সদনত তেওঁ কয় যে এই বিশাল প্ৰকল্পটোৰ বাবে কোনো পৰিৱেশ অধ্যয়ন হোৱা নাই আৰু ৰাষ্ট্ৰীয় বন্যপ্ৰাণী ব’ৰ্ডৰ অনুমতি লাভ কৰাৰ কোনো প্ৰক্ৰিয়াও নাই । অসমৰ ডাৱৰীয়া পৰিৱেশ আৰু বৰষুণৰ বাবে এই প্ৰকল্পটো কিমান সফল হ’ব, সেয়াও গুৰুত্বপূৰ্ণ ।
সাংসদগৰাকীয়ে প্ৰায় ২০ হাজাৰ কাৰ্বি, নগা আৰু জনজাতীয় লোকৰ জীৱিকাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰস্তাৱিত এই সৌৰশক্তি প্ৰকল্পটো বন্ধ কৰাৰ বাবে চৰকাৰক অনুৰোধ জনাইছে ৷
লগতে পঢ়ক: বাজেটে ৰিয়েল ইষ্টেট খণ্ডৰ বিকাশৰ বাবে দিছে আশাৰ বতৰা : এৰিডা - ASSAM BUDGET 2025 26

