বৰপেটা : অসম ৰাজ্যিক নিৰ্বাচন আয়োগে বুধবাৰে ঘোষণা কৰে পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা । বিহুৰ পিছতেই অসমত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন । পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা মতে, অসমত দুটা পৰ্যায়ত হ'ব পঞ্চায়ত নিৰ্বাচন । পঞ্চায়ত নিবাচনৰ ভোটদান উজনি অসম বৰাক উপত্যকাত ২ মে'ত আৰু নামনি অসমত ৭ মে' ত অনুষ্ঠিত হ'ব । অহা ১১ মে'ত হ'ব ইয়াৰ ভোটগণনা ।
ৰাজ্যিক নিৰ্বাচন আয়োগে পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পাচতেই ককালত টঙালী বান্ধিবলৈ সাজু হৈছে AIUDF দল ৷ আগন্তুক পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে AIUDF ৰ বিধায়ক আশ্ৰাফুল হুছেইনে ৷
বিধায়ক আশ্ৰাফুল হুছেইনৰ দাবী কৰি কয়, ‘‘পঞ্চায়ত নিৰ্বাচনৰ বাবে সাজু AIUDF দল ৷ নিৰ্বাচনৰ বাবে কেন্দ্ৰীয় সমিতিৰ পৰা বুথ সমিতিলৈকে দলটোৰ সৰ্বস্তৰৰ সমিতিসমূহ ইতিমধ্যে পুনৰ গঠন কৰা হৈছে । সমান্তৰালভাৱে দলটোৰ সাংগঠনিক দিশত প্ৰভূত পৰিৱৰ্তন অনা হৈছে ৷’’
তেওঁ কয়, ‘‘পঞ্চায়ত নিৰ্বাচনৰ বাবে দলটোৰ জিলা ভিত্তিত নিৰ্বাচনী সমিতি গঠনৰ লগতে ব্লক সমিতিসমূহ গঠনৰ কামো চলি আছে । জিলা নিৰ্বাচনী সমিতিয়ে জিলা পৰিষদৰ আৰু ব্লক নিৰ্বাচনী সমিতিয়ে আঞ্চলিক আৰু গাঁও পঞ্চায়তৰ টিকট প্ৰদান কৰিব । এইবেলি নামনি অসমৰ ধুবুৰী, বৰপেটা, মানকাচাৰকে আদি কৰি কেবাখনো জিলা পৰিষদ দখলৰ লক্ষ্য লৈছে AIUDF-এ ।’’
হুছেইনে আৰু কয়, ‘‘এইবেলি প্ৰথমবাৰৰ বাবে নতুন নিয়ম অনুসৰি নিৰ্বাচন অনুষ্ঠিত হ’ব যদিও গাঁও পঞ্চায়তৰ ৱাৰ্ড সদস্যৰ পৰা আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ সদস্য পদত দলীয় নেতা-কৰ্মীসকলেই নিৰ্বাচনত অৱতীৰ্ণ হ’ব । দলৰ সাংগঠনিক ভেঁটি থকা সকলো পঞ্চায়ততে প্ৰাৰ্থী থিয় কৰাব AIUDF-এ ।’’
ইপিনে পঞ্চায়ত নিৰ্বাচনৰ লগতে বিধান সভা নিৰ্বাচন সন্দৰ্ভতো ডাঙৰ ঘোষণা কৰে AIUDF ৰ বিধায়ক আশ্ৰাফুল হুছেইনে ৷ পঞ্চায়ত নিৰ্বাচনৰ পৰাই বিধান সভাৰ নিৰ্বাচনলৈ ককালত টঙালি বান্ধি ৰণত নামি পৰিব AIUDF। পঞ্চায়ত নিৰ্বাচনক বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি বুলি আখ্যা দিয়ে বিধায়কগৰাকীয়ে ।
কংগ্ৰেছৰ সৈতে মিত্ৰতা সম্পৰ্কতো মন্তব্য কৰে বিধায়কগৰাকীয়ে ৷ বিৰোধী ঐক্য অথবা বুজাবুজি যিয়েই নহওক লাগিলে হিমন্ত বিশ্ব শৰ্মাক হৰুৱাবলৈ যিকোনো পৰ্যায়লৈ যাবলৈ প্ৰস্তুত AIUDF । অৱশ্যে বিধানসভাৰ নিৰ্বাচনক লৈ AIUDF-এ লৈছে বিশেষ নীতি । এই মন্তব্য বিধায়ক আশ্ৰাফুল হুছেইনৰ ৷
বিধায়ক হুছেইনে কয়, ‘‘ৰাজ্যৰ যিসমূহ বিধানসভা সমষ্টিৰ পৰা পূৰ্বে AIUDF বিধয়ক নিৰ্বাচিত হৈ আহিছিল উক্ত সমষ্টিসমূহত AIUDF-এ নিৰ্বাচনত অৱতীৰ্ণ হ’ব । '২৬ৰ বিধানসভা নিৰ্বাচনত AIUDF-এ ৩৮টা সমষ্টিত নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’ব । অৱশ্যে বিধানসভাৰ ৩৮টা সমষ্টিত AIUDF-এ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাতো প্ৰায় খাটাং যদিও এই সংখ্যা ৫৮টালৈ বৃদ্ধি হ’ব পৰাৰ সম্ভাৱনা আছে ৷’’