ETV Bharat / politics

আলফাৰে সম্পৰ্ক আছে নেকি ? মুখ্যমন্ত্ৰীৰ পৰা অভিযোগৰ স্পষ্টীকৰণ দাবী বিধায়ক আমিনুল ইছলামৰ

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আলফাৰে সম্পর্কৰ বিস্ফোৰক অভিযোগ ৰকিবুল হুছেইনৰ । মুখ্যমন্ত্ৰীৰ পৰা স্পষ্টীকৰণ বিচাৰিলে বিধায়ক আমিনুল ইছলামে ।

Assam CM ULFA link allegation
বিধায়ক আমিনুল ইছলাম (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : February 28, 2025 at 4:15 PM IST

2 Min Read
Choose ETV Bharat

নগাঁও: মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে মুখ খুলিম বুলি প্ৰায়েই সংবাদ মাধ্যমৰ সন্মুখত হুংকাৰ দি অহা একালৰ ঘনিষ্ঠ বন্ধু তথা ধুবুৰী লোকসভা সমষ্টিৰ কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনে অৱশেষত মুখ খুলিছে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ।

নতুন দিল্লীত এক সংবাদমেলৰ আয়োজন কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আলফাৰ সৈতে সম্পৰ্ক ৰক্ষা আৰু বিদ্ৰোহী সংগঠনটোৰ পৰা আত্মসমৰ্পণ নকৰাৰ এক বিস্ফোৰক অভিযোগ উত্থাপন কৰে ৰকিবুল হুছেইনে । ইয়াৰ পাছতেই বিষয়টো সন্দৰ্ভত মুখ খুলিছে ধিং বিধানসভা সমষ্টিৰ এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামে ।

মুখ্যমন্ত্ৰীৰ পৰা অভিযোগৰ স্পষ্টীকৰণ দাবী বিধায়ক আমিনুল ইছলামৰ (ETV Bharat Assam)

দিল্লীত সংবাদ মাধ্যমৰ সন্মুখত সাংসদ ৰকিবুল হুছেইনে উত্থাপন কৰা অভিযোগ সন্দৰ্ভত মন্তব্য কৰি আলফাৰে সম্পৰ্ক সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ পৰা স্পষ্টীকৰণ বিচাৰিলে বিধায়ক আমিনুল ইছলামে ।

ৰকিবুল হুছেইনে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগৰ প্ৰসংগ উল্লেখ কৰি বিধায়ক আমিনুল ইছলামৰ মন্তব্য, "বিদ্ৰোহী সংগঠন আলফাৰে জড়িত থকা বুলি অসমৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সাংসদ ৰকিবুল হুছেইনে উত্থাপন কৰা অভিযোগ যদি সঁচা হয় তেন্তে এয়া অসমৰ নিৰাপত্তাৰ বাবে ভাবুকিস্বৰূপ । পূৰ্বে আলফাত জড়িত থকা বুলি বৰ্তমানৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি আলফাৰ পৰা আত্মসমৰ্পণ নকৰা বুলিও ৰকিবুল হুছেইনে অভিযোগ উত্থাপন কৰিছে । এই অভিযোগৰ স্পষ্টীকৰণ দিব লাগে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।"

কেৱল এয়াই নহয়, মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উত্থাপন কৰা কংগ্ৰেছকো উভতি ধৰিলে এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামে ।

কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনে ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগৰ প্ৰসংগ উল্লেখ কৰি আমিনুল ইছলামৰ মন্তব্য, "ড৹ হিমন্ত বিশ্ব শৰ্মা যদি আলফাৰ সৈতে জড়িত তেন্তে কংগ্ৰেছে বিগত সময়ত তেওঁক দলীয় প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ লগতে মন্ত্ৰীসভাত কিয় স্থান দিছিল ? ইয়াৰো উত্তৰ দিব লাগিব অসম প্ৰদেশ কংগ্ৰেছে ।"

লগতে পঢ়ক :দিল্লীত কংগ্ৰেছৰ বৈঠক; পুনৰ গঠন হ’ব নেকি অসমত বিৰোধী ঐক্য মঞ্চ ! - APCC LEADERS MEET IN DELHI
লগতে পঢ়ক :মুখ্যমন্ত্ৰীপ্ৰেমী কংগ্ৰেছীক নাকী লগাব কংগ্ৰেছ হাইকমাণ্ডে ! - AICC MEETING IN DELHI