ETV Bharat / politics

বুঢ়ী বাবেই বুঢ়ী বুলি কৈছোঁ: অসংবেদনশীল আজমল

"ধুনীয়া, সুন্দৰী, মিছ ইণ্ডিয়া বুলি ক'লোঁ ৷ কেছ উঠাই ল'ব নেকি এতিয়া ?" নাও বুৰিলেও টিঙৰ পৰা ননমা আজমলৰ পুনৰ উদ্ভট মন্তব্য ।

Ajmal on Akhil Gogois wife
বুঢ়ী বাবেই বুঢ়ী বুলি কৈছোঁ : অসংবেদনশীল আজমল (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : February 24, 2025 at 10:40 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী: বিধায়ক অখিল গগৈৰ পত্নীৰ প্ৰতি দেওবাৰে অমাৰ্জিত মন্তব্য কৰি ৰাজ্যজুৰি গৰিহণাৰ পাত্ৰ হৈছে এ আই ইউ ডি এফ প্ৰধান তথা প্ৰাক্তন সাংসদ বদৰুদ্দিন আজমল ৷ ইটোৰ পিছত সিটো গোচৰ তৰা হৈছে বদৰুদ্দিন আজমলৰ বিৰুদ্ধে । পিছে ইমান গৰিহণাৰ পিছতো চেতনা ঘূৰি অহা নাই আজমলৰ ।

সোমবাৰে গুৱাহাটীত বদৰুদ্দিন আজমলক তেওঁৰ বিৰুদ্ধে গোচৰ তৰা বিষয়ত প্ৰশ্ন কৰাত খঙত টিঙিৰি-তুলা হৈ পৰে আজমল । অৱশ্যে সাংবাদিকৰ ওচৰত শেষত ক্ষমাও খোজে আজমলে । আনহাতে, নিজৰ দলৰ বিধায়কেই ক’লে- এনে শব্দ কোৱাটো উচিত নহয় ।

বুঢ়ী বাবেই বুঢ়ী বুলি কৈছোঁ : অসংবেদনশীল আজমল (ETV Bharat Assam)

পূৰ্বৰ দৰেই ৰাজনৈতিক তৰল ভাষ্যৰে আজমলে অভিযোগ আনিলে যে অখিল গগৈয়ে ভয় কৰি গোচৰ তৰা নাই ৷ “অখিল গগৈৰ পত্নীৰ ওপৰত এসপ্তাহ ধৰি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰি আছে । কেছতো কৰা নাই ৷ ভয় খায় ৷ এনেকুৱা হ’লে মুখেই খুলিব নোৱাৰিম দেখোন ।” অখিল গগৈৰ পত্নী গীতাশ্ৰী তামুলীক "বুঢ়ী" বুলি কোৱা প্ৰসংগত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত আজমলে কয় ।

লগতে আজমলে উষ্মাৰে উত্তৰ দিয়ে, “বুঢ়ী মহিলাক বুঢ়ী বুলি ন'কৈ, জীয়ৰী বুলি ক'ম নেকি ? বুঢ়ী বাবেই বুঢ়ী বুলি কৈছোঁ । ধুনীয়া, সুন্দৰী, মিছ ইণ্ডিয়া বুলি ক'লো ৷ কেছ উঠাই ল'ব নেকি এতিয়া ? মই কোৱা কথাটো উঠাই ল'লে এতিয়া কেছটো উঠাই ল'ব নেকি ?"

সাংবাদিকক আজমলৰ ক্ষমা প্ৰাৰ্থনা

মহিলাৰ প্ৰতি উদ্ভট আচৰণ প্ৰসংগত আজমলক সাংবাদিকৰ প্ৰশ্ন, “আপুনি এগৰাকী ৰাজনীতিক আৰু মৌলানা হৈ মহিলাৰ বিৰুদ্ধে ইমানেই তাচ্ছিল্যসূচক মন্তব্য কৰাটো উচিত হৈছেনে ?” এই প্ৰশ্নত সংবাদ মাধ্যমৰ ওপৰতো খং উজাৰিলে আজমলে ।

আজমলৰ উত্তৰ, “এজেণ্ডা লৈ মিডিয়াই প্ৰশ্ন সুধিবলৈ আহে । আপোনালোকে মোক কিয় আক্ৰমণ কৰিছে ? অখিল গগৈয়ে আপোনালোকক পইচা দিয়ে নেকি ?” আনহাতে, সাংবাদিকে আজমলক উভতি ধৰাত অৱশেষত বাধ্য হৈ ক্ষমা খোজে আজমলে ৷ কথা বিষম দেখি ক্ষমা খুজি আজমলে কয়, “মই ছ'ৰী কৈছোঁ ৷ মই ভৰিত ধৰিছোঁ, হাতত ধৰিছোঁ, হাতত চুমিছোঁ ।”

এনেকুৱা শব্দ কোৱাটো উচিত নহয় : এ আই ইউ ডি এফ বিধায়ক

ইফালে আজমলৰ মন্তব্যক অশোভনীয় বুলি মন্তব্য কৰে এ আই ইউ ডি এফৰ সাধাৰণ সম্পাদক তথা মানকাচৰৰ বিধায়ক আমিনুল ইছলামে ।

বিধায়কজনৰ মন্তব্য, “মই তেখেতে কি কৈছে নিজে শুনা নাই । বুঢ়ী বুলি কৈছে, চাওক বয়সীয়া আমিও হৈছোঁ । তেখেতো হৈছে । সেই অৰ্থত বেলেগ কথা । কিন্তু বুঢ়ী বুলি ক’লে বেয়া শুনি । এখন কলেজৰ প্ৰফেছ'ৰ হয়, এজন বিধায়কৰ পত্নী হয় । বুঢ়ী বুলি ক’ব নালাগিছিল ৷ আজমল ডাঙৰীয়াৰো বয়স হৈছে । অখিল গগৈৰ পত্নী এখন কলেজৰ প্ৰফেছ'ৰ, সন্মানীয় পদবীত আছে ৷ গতিকে এনেকুৱা শব্দ কোৱাটো উচিত নহয় ৷ যদিহে বয়স হোৱাৰ কথা কৈছে তেন্তে একো বেয়া কথা কোৱা নাই ।”

লগতে পঢ়ক :অখিল গগৈৰ পত্নী বুঢ়ী ! আজমলৰ বিৰুদ্ধে জাতীয় নাৰী বাহিনীৰ এজাহাৰ দাখিল - AJMAL ON AKHIL GOGOIS WIFE
লগতে পঢ়ক :ঝুমুৰৰ বিনন্দীয়া সুৰধ্বনিৰে মুখৰিত হ'ল সৰুসজাইৰ আকাশ-বতাহ - JHUMOIR BINONDINI