অগপৰ সভাত সভাপতি অতুল বৰাৰ সন্মুখতেই কিয় ক্ষোভ উজাৰিলে তৃণমূল কৰ্মীয়ে ? - AGP workers Meeting
Sarupathar Assembly constituency : ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত সৰুপথাৰ সমষ্টিত অগপই প্ৰাৰ্থী থিয় কৰাবনে ? নে বিজেপিক এৰি দিব ? এতিয়াৰে পৰাই আৰম্ভ হৈছে ক্ষোভ ।

Published : August 17, 2024 at 11:01 PM IST
সৰুপথাৰ, ১৭ আগষ্ট: গোলাঘাট জিলাৰ সৰুপথাৰত শনিবাৰে বিধানসভা সমষ্টি ভিত্তিত অসম গণ পৰিষদ দলৰ কৰ্মীসভাত অংশগ্ৰহণ কৰিবলৈ উপস্থিত হোৱাৰ সময়তেই দলীয় তৃণমূল কৰ্মীৰ তীব্ৰ ক্ষোভৰ সন্মুখীন হয় দলটোৰ সভাপতি তথা কৃষিমন্ত্ৰী অতুল বৰা । আজি সৰুপথাৰ হনুমান মন্দিৰ প্ৰাংগনত অনুষ্ঠিত অগপৰ কৰ্মীসভাত কেন্দ্রীয় সভাপতি অতুল বৰাই বক্তব্য় আৰম্ভ কৰাৰ পূৰ্বেই এনে অভাৱনীয় পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হয় ।
দলৰ কৰ্মীসভাৰ অন্তত সভাপতি অতুল বৰাই সাংবাদিকৰ আগত কয়," সৰুপথাৰ বিধানসভা সমষ্টিত ১৯৮৫ চনত অগপ দলৰ শক্তিশালী স্থিতি আছিল । একেৰাহে তিনিবাৰ সৰুপথাৰ বিধানসভা সমষ্টিত অগপ দলৰ প্ৰাৰ্থী অসম বিধানসভালৈ নিৰ্বাচিত হৈছিল । বৰ্তমান সৰুপথাৰ বিধানসভা সমষ্টি পুনৰ নিৰ্ধাৰণ কৰাৰ পিছত সমষ্টিটোৰ আকাৰ সলনি হৈছে ।"
২৫ আগষ্টৰ পৰা সমষ্টি ভিত্তিত বুথ সন্মিলন
অগপৰ সভাপতিগৰাকীয়ে দলৰ শক্তি সন্দৰ্ভত কয়," সমগ্র ৰাজ্যত অসম গণ পৰিষদ দলৰ শক্তি বৃদ্ধি কৰাৰ লক্ষ্য় বান্ধি লোৱা হৈছে । সেয়ে তৃণমূল পর্যায়ত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰিছো । অগপই অহা ২৫ আগষ্টৰ পৰা সমষ্টি ভিত্তিত সপ্তাহজোৰা বুথ সন্মিলন অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত লৈছে । " অসম গণ পৰিষদ দল শক্তিশালী হোৱা মানে অসমৰ স্বাৰ্থ সিদ্ধি বুলি মন্তব্য় কৰে সভাপতিগৰাকীয়ে ।
তৃণমূল কৰ্মীৰ তীব্ৰ ক্ষোভ :
সৰুপথাৰত অগপৰ কৰ্মীসভালৈ গৈ অথন্তৰ অগপৰ সভাপতি অতুল বৰাৰ । ২০২৬ চনত সৰুপথাৰ সমষ্টিত অগপই টিকট দিবনে নিদিয়ে, নে বিজেপিকে এৰি দিব তাক লৈ তৃণমূল কৰ্মীয়ে প্ৰশ্ন কৰিলে অতুল বৰাক । হঠাৎ কৰ্মীসভাত দলীয় টিকটক লৈ তৃণমূল কৰ্মীয়ে ক্ষোভ উজৰাৰ সময়ত কিন্তু সভাপতিগৰাকীয়ে কোনো মন্তব্য় নকৰিলে । এই সভাখনত অতুল বৰাৰ লগতে গোলাঘাট জিলা সমিতিৰ সাধাৰণ সম্পাদক তথা সৰুপথাৰ সমষ্টিৰ পৰ্যবেক্ষক আছিকুৰ ৰহমানকে ধৰি দলটোৰ কেইবাগৰাকী জ্যেষ্ঠ কাৰ্যকৰ্তা উপস্থিত থাকে ।

