ETV Bharat / politics

চি আই ডিত দিয়া ষ্টেটমেণ্টসমূহ কেনেকৈ বাহিৰ হয় ? প্ৰশ্ন অতুল বৰাৰ

জুবিন গাৰ্গে ন্যায় পাব লাগিব, ৰাইজে বিচৰা ধৰণে ন্যায় পাব লাগিব ৷ অগপৰ দাবী ৷ পূৰ্বে ঘোষণা কৰা অগপৰ প্ৰতিষ্ঠা দিৱসৰ সকলো কাৰ্যসূচী বাতিল ৷

AGP press Meet in Guwahati
অগপৰ প্ৰতিষ্ঠা দিৱস পালন সন্দৰ্ভত সংবাদমেল (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : October 4, 2025 at 7:28 PM IST

4 Min Read
Choose ETV Bharat

গুৱাহাটী: প্ৰিয় শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাই অগপই প্ৰতিষ্ঠা দিৱসৰ পূৰ্বে ঘোষণা কৰা কাৰ্যসূচীসমূহ বৰ্তমান স্থগিত ৰাখিছে ।

প্ৰাণৰ শিল্পীগৰাকীৰ মৃত্যুত ৰাজ্যবাসী ম্ৰিয়মান হৈ থকাৰ পৰিপ্ৰেক্ষিতত কেৱল অনুষ্টুপীয়াকৈ দলৰ মুখ্য কাৰ্যালয়ত অগপৰ প্ৰতিষ্ঠা দিৱস পালন কৰা হ'ব ।

অগপৰ প্ৰতিষ্ঠা দিৱস পালন সন্দৰ্ভত সংবাদমেল (ETV Bharat Assam)

জিলাৰ সদৰ কাৰ্যালয় আৰু সমষ্টি সমিতিৰ মূল কাৰ্যালয়ত যৌথভাৱে প্ৰতিষ্ঠা দিৱস পালন কৰিব । শনিবাৰে গুৱাহাটীৰ আমবাৰীস্থ মুখ্য কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰি অগপৰ সভাপতি অতুল বৰাই এই কথা সদৰী কৰে । তেওঁ কয়, "অগপৰ প্ৰতিষ্ঠা দিৱস মহাসমাৰোহেৰে অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল । বিশেষকৈ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি ১৩ আৰু ১৪ অক্টোবৰত আঞ্চলিক দলসমূহৰ এখন সন্মিলনী আৰু গুৱাহাটীৰ খানাপাৰাত বিশাল ৰেলী অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল ।"

সভাপতি বৰাই পুনৰ কয়, "প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হোৱাৰ দিশে আছিল । উত্তৰ-পূৰ্বাঞ্চলৰ দলসমূহক আৰু দুজন মুখ্যমন্ত্রীক সাক্ষাৎ কৰি নিমন্ত্রণ জনাইছিলো আৰু তেওঁলোকে সন্মতিও জনাইছিল । দিল্লীতো কেইবাটাও আঞ্চলিক ৰাজনৈতিক দলৰ নেতৃত্বক সাক্ষাৎ কৰি নিমন্ত্রণ জনোৱা হৈছিল; কিন্তু ১৯ ছেপ্টেম্বৰত আমাৰ প্ৰিয় শিল্পী জুবিন গাৰ্গৰ মৃত্যু ঘটিল । এতিয়াও শোকত ম্ৰিয়মান হৈ আছে ৰাজ্যবাসী । পৰিৱেশটো এতিয়াও আমি লোৱা কাৰ্যসূচীৰ অনুকূল নহয় । শনিবাৰে আমি এখন দলীয় সভা অনুষ্ঠিত কৰি জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰো । প্ৰতিষ্ঠা দিৱসটো অনুষ্টুপীয়াকৈ দলৰ মুখ্য কাৰ্যালয়ত পালন কৰা হ'ব ।"

পূৰ্বে গ্ৰহণ কৰা বাকী কাৰ্যসূচীৰ দিন ঠিক কৰা হোৱা নাই বুলি উল্লেখ কৰি সভাপতি বৰাই কয়,"সোনকালে সিদ্ধান্ত গ্ৰহণ কৰা হ'ব । বাকী দলসমূহৰ লগত আলোচনা কৰি বাকী অনুষ্ঠান দুটা কৰা হ'ব । প্ৰতিষ্ঠা দিৱসৰ দিনটোত জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱাৰ এটা বিশেষ অনুষ্ঠান থাকিব ।"

জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰসংগত তেওঁ কয়, "মই বুজি নাপাও চি আই ডিত দিয়া ষ্টেটমেণ্টসমূহ কেনেকৈ বাহিৰ হয় । ন্যায়িক তদন্তৰ মাজত থকা এই বিষয়টো যথেষ্ট স্পৰ্শকাতৰ । এইক্ষেত্রত মই বিশেষ কমেণ্ট নিদিও; কিন্তু এটা কথা আমি সজোৰে কও যে জুবিন গাৰ্গে ন্যায় পাব লাগিব । ৰাইজে বিচৰা ধৰণে ন্যায় পাব লাগিব । দোষীয়ে শাস্তি পোৱাটো আমি মনে-প্ৰাণে বিচাৰো । যাৰ বাবে আমাৰ দলৰ তৰফৰ পৰা মুখ্যমন্ত্রীক উচ্চস্তৰীয় সংস্থাৰ দ্বাৰা তদন্ত কৰাৰ বাবে আবেদনো দিছো । প্ৰধানমন্ত্রীলৈয়ো আবেদন প্ৰেৰণ কৰিছো । মুখ্যমন্ত্রীয়ে ১৯ তাৰিখৰ দিনটোৰ পৰা এতিয়ালৈকে এই বিষয়টোৰ লগত গভীৰভাৱে জড়িত হৈ দোষীক বিচাৰি উলিয়াবলৈ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে । জুবিন গাৰ্গৰ মৃত্যুৰ অসমৰে নহয় দেশখনৰ অপূৰণীয় ক্ষতি ।"

বি টি চি এলেকাত অনাগত দিনত শান্তি বৰ্তি থাকক :

বি টি চি নিৰ্বাচনৰ প্ৰসংগত তেওঁ কয়, "এটা সময়ত বি টি চিৰ বহুকেইটা সমষ্টিত অগপৰ বিধায়ক আছিল; কিন্তু বড়ো জাতীয়তাবাদৰ প্ৰতি শ্ৰদ্ধা জনাই বিগত দিনবোৰত তাত আমি ওপৰা-উপৰি কৰিব খোজা নাই । আমাৰ দলৰ কিছু কৰ্মীয়ে বিচৰা বাবে প্ৰতীকি অংশ স্বৰূপে চাৰিটা সমষ্টিত প্ৰাৰ্থী দিয়া হৈছিল । এজনে স্বেচ্ছাই প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিলে । অৱতীৰ্ণ হোৱা তিনিজনে সফল হ'ব নোৱাৰিলে । হাগ্ৰামা মহিলাৰীত নেতৃত্বত পৰিষদ গঠন হ'বলৈ গৈ আছে আৰু আমি তেখেতক শুভেচ্ছা জনাইছো । আমি আশা ৰাখিছো যে বি টি চি এলেকাত অনাগত দিনত শান্তি বৰ্তি থাকক । আমাৰ সৈতে মিত্রতাত থাকি প্ৰমোদ বড়োৱে বিগত পাঁচবছৰত বি টি চিত উন্নয়নৰ বাবে কাম কৰিলে । তাৰ বাবে তেওঁক ধন্যবাদ জনাইছো ।"

ইফালে আজি অগপৰ উদ্যোগত দীঘলীপুখুৰীৰ লক্ষীধৰ বৰা ক্ষেত্ৰত জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয় ।

লগতে পঢ়ক:জুবিন গাৰ্গক বিহপান কৰোৱাই হত্যা ! শেখৰজ্যোতিৰ বিস্ফোৰক স্বীকাৰোক্তি

ন্যায়াধীশ সৌমিত্ৰ শইকীয়া আয়োগৰ ওপৰত জুবিনৰ মৃত্যুৰ তদন্তৰ ভাৰ