শইকীয়াক সত্যাগ্ৰহৰ অনুমতি নিদিলে চৰকাৰে
১৫ আগষ্টৰ দিনটোত গুৱাহাটীৰ গান্ধীমণ্ডপত সত্যাগ্ৰহৰ অনুমতি বিচাৰিছিল বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ।

Published : August 14, 2025 at 6:58 PM IST
|Updated : August 14, 2025 at 9:45 PM IST
গুৱাহাটী: দেশৰ ৭৯ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ৰাজ্যৰ বিজেপি চৰকাৰৰ দুৰ্গম-স্পৰ্শকাতৰ অঞ্চলত মাৰণাস্ত্ৰৰ অনুজ্ঞা পত্ৰ প্ৰদান, ৰাজ্যৰ শান্তি-সম্প্ৰীতি বিঘ্নিত হোৱাৰ অভিযোগ তুলি একাধিক গুৰুত্বপূৰ্ণ বিষয়ত সৰৱ হৈ পৰিল জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা বিৰোধী দলপতি দেৱব্ৰত শইকীয়া ।
চৰকাৰে সত্যাগ্ৰহৰ অনুমতি নিদিলে দেৱব্ৰত শইকীয়াক !
অসমৰ শান্তি-সম্প্ৰীতি অব্যাহত ৰখাৰ দাবীত ১৫ আগষ্টৰ দিনা গুৱাহাটীৰ শৰণীয়া পাহাৰৰ গান্ধীমণ্ডপত সত্যাগ্ৰহত বহিব বিচাৰিছিল দেৱব্ৰত শইকীয়াই ৷ কিন্তু অনুমতি নিদিলে প্ৰশাসনে । চৰকাৰৰ ভূমিকাক সমালোচনা কৰি শইকীয়াই কয়, "ৰাজ্যত শেহতীয়া পৰিস্থিতিত উদ্বিগ্ন হৈ সকলোৰে শুভবুদ্ধি কামনা কৰি, চৰকাৰ আৰু সকলো পক্ষই শান্তি-সম্প্ৰীতি অটুট ৰখাৰ দাবীৰে মই গান্ধী মণ্ডপত সত্যাগ্ৰহ কৰিবলৈ অসম চৰকাৰৰ অনুমতি বিচাৰিছিলো । ১৫ আগষ্টৰ দিনৰ ১১ বজাৰ পৰা সত্যাগ্ৰহ কৰিব বিচাৰিছিলো ৷ আমি গান্ধীজী আৰু গোপীনাথ বৰদলৈৰ আদৰ্শেৰে মৌন সত্যাগ্ৰহ কৰিব বিচাৰিছিলো । কিন্তু এতিয়াও তাৰ বাবে অনুমতি দিয়া নাই, নাজানো কিয় অনুমতি দিয়া নাই । বিষয়টোত মই দুখপ্ৰকাশ প্ৰকাশ কৰিছোঁ ।"
মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ প্ৰদানক লৈ সমালোচনা
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে স্পৰ্শকাতৰ আৰু সংবেদনশীল স্থানত তিনিটা প্ৰজন্ম বসবাস কৰা লোকক মাৰণাস্ত্ৰৰ অনুজ্ঞা পত্ৰ প্ৰদানৰ বাবে দিছপুৰত মুকলি কৰা আঁচনিখনৰ বিৰোধিতা কৰে দেৱব্ৰত শইকীয়াই ।
অস্ত্ৰ প্ৰদানৰ বিষয়টোত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি শইকীয়াই বিষয়টো পুনৰ বিবেচনাৰ বাবে আহ্বান জনাই কয়, "বন্দুক সংস্কৃতি কেতিয়াও গ্ৰহণযোগ্য নহয় । চৰকাৰে অস্ত্ৰ ত্যাগ কৰি ৰাজহুৱা জীৱনলৈ অহাৰ আহ্বান জনায়, তাৰ পাছত এনে নীতি কিয় ! আমি এই নীতিৰ বিৰোধিতা কৰোঁ । দেশৰ বিভিন্ন প্ৰান্তত এনে কাৰ্যসূচী লোৱা হৈছিল যদিও তাক পৰৱৰ্তী সময়ত বন্ধ কৰিবলৈ দিয়া হৈছিল । এই আঁচনিৰ বিষয়ে পুনৰ বিবেচনা কৰিবলৈ ৰাজ্য চৰকাৰলৈ অনুৰোধ জনাইছোঁ ৷ ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত এনে নীতি গ্ৰহণ কৰাও হৈছে, বাতিল কৰাও হৈছে । জন্মু-কাশ্মীৰত প্ৰথমে অনুমতি দিয়া হৈছিল যদিও অপব্যৱহাৰৰ কেলেংকাৰী পোহৰলৈ অহাত পিছত এয়া বাতিল কৰি দিয়া হৈছিল ৷ একেদৰে ছত্তীশগড়ত মাওবাদীসকলৰ বিৰুদ্ধে যুঁজিবলৈ চালোৱা জুদুম নামৰ এটা বাহিনী চৰকাৰী পৃষ্ঠপোষকতাত গঠন কৰা হৈছিল । পিছত মানৱ অধিকাৰ ভংগ কৰাৰ বাবে ইয়াক উচ্চতম ন্যায়ালয়ে অসাংবিধানিক ঘোষণা কৰিছিল । অসম চৰকাৰে এই অস্ত্ৰ প্ৰদান কৰা ব্যৱস্থাই যে অসমত সাম্প্ৰদায়িক বিষবাষ্প নিবিয়পাব তাৰ নিশ্চয়তা আমি পোৱা নাই । সেয়ে আমি এই অস্ত্ৰ প্ৰদানৰ বিৰোধিতা কৰিছোঁ ।"
অসম জাতীয় পৰিষদে ৰাহুল গান্ধীক সাক্ষাৎ কৰাত সমালোচনা কৰিবলগীয়া একো নাই
শেহতীয়াকৈ লুৰীণজ্যোতি গগৈৰ নেতৃত্বত নতুন দিল্লীত অসম জাতীয় পৰিষদৰ এটা দলে ৰাহুল গান্ধীক সাক্ষাৎ কৰা প্ৰসংগত বিজেপিয়ে কঠোৰ সমলোচনা কৰিছে । কংগ্ৰেছ আৰু অজাপ দুয়োটা দলকেই বিজেপিয়ে সমালোচনা কৰিছে । আনকি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাইয়ো কংগ্ৰেছক এই প্ৰসংগত সমালোচনা কৰিছে । এই লৈ মুখ্যমন্ত্ৰী আৰু বিজেপিক উভতি ধৰিছে দেৱব্ৰত শইকীয়াই ।
শইকীয়াই কয়, "মুখ্যমন্ত্ৰীয়ে আমাক ঘাতক বুলি কৈছে ৷ কিন্তু মুখ্যমন্ত্ৰীয়ে ৰাজনৈতিক জীৱন আমাৰ দলৰ পৰাই আৰম্ভ কৰিছিল । জাতীয় পৰিষদে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বক লগ কৰাত কিয় জ্বলিছে ? অসম চুক্তি আখৰে আখৰে ৰূপায়ণ কৰিব বুলি বিজেপি চৰকাৰে কৈছিল ৷ কিন্তু সেয়া আজি পৰ্যন্ত নহ'ল, সেয়ে এই বিষয়টো লোকসভাত উত্থাপন কৰাৰ বাবে ৰাহুল গান্ধীক সাক্ষাৎ কৰিছে অসম জাতীয় পৰিষদে । ইযাত তেওঁলোক জ্বলি-পকি উঠাৰ কোনো কাৰণ নাই ৷"
লগতে, বি টি আৰৰ ভি চি ডি চিৰ প্ৰসংগতো দেৱব্ৰত শইকীয়াই কয়, "বি পি এফ, ইউ পি পি এলৰ লগত থাকি মুখ্যমন্ত্ৰীয়ে কাম কৰিছিল ১০ বছৰ ধৰি । কিন্তু এতিয়া ভি চি ডি চিৰ কথা নাজানো বুলি কিয় কৈছে সেয়া ৰহস্যজনক ।" ১০ বছৰৰ উন্নয়নৰ কথা ক'বলৈ অসম বিধানসভাৰ এখন বিশেষ অধিৱেশন পাতিবলৈও বিৰোধী দলপতিগৰাকীয়ে মুখ্যমন্ত্ৰীলৈ আহ্বান জনায় ।
কৰ্কট চিকিৎসালয়ৰ মাচুল বৃদ্ধি প্ৰসংগতো মুখ্যমন্ত্ৰীক সমালোচনা কৰি ৰাজ্যৰ সকলো হাস্পতালতে ৰোগীৰ বাবে কেচলেছ (নগদবিহীন) ব্যৱস্থা কৰিবলৈ আহ্বান জনাই কয়, "আজিও কেঞ্চাৰ চিকিৎসালয়ত বৰ্ধিত মাচুল লৈয়ে আছে । মুখ্যমন্ত্ৰীয়ে বৰ্ধিত মাচুল নালাগে বুলি কোৱাৰ পিছতো কেনেকৈ লৈ আছে ? অসমৰ সকলো চিকিৎসালয়ত এটা কেচলেছ ব্যৱস্থা কৰক চৰকাৰে ।"

