মই কৰ্মবিৰতি লোৱাটো সঁচা কথা, অব্যাহতি লোৱা নাই : মনোজ ধানোৱাৰ
মনোজ ধানোৱাৰে দলৰ পৰা পদত্য়াগ কৰিব বুলি হৈছে চৰ্চা । সত্য নে অপপ্ৰচাৰ ?

Published : February 28, 2025 at 5:23 PM IST
তেজপুৰ : আম আদমী পাৰ্টী, অসমৰ সভাপতি মনোজ ধানোৱাৰে দলটোৰ পৰা পদত্য়াগ কৰিব নেকি ? কি কাৰণে সভাপতিগৰাকীয়ে দলটোৰ দায়িত্বৰ পৰা অব্যাহতি ল'ব বুলি চৰ্চা হৈছে ? শেহতীয়াকৈ তেওঁ দলত্য়াগ কৰিব বুলি বিভিন্ন মাধ্য়মত চৰ্চা হোৱাত এই বিষয়ে মুখ খুলিলে সভাপতি মনোজ ধানোৱাৰে । এই সন্দৰ্ভত তেওঁ নিজৰ স্থিতি স্পষ্ট কৰিছে ।
এই চৰ্চা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয়, "দিল্লীৰ নিৰ্বাচনক লৈ মোৰ কৰ্মবিৰতিৰ কোনো ধৰণৰ সংযোগ নাই । দিল্লীৰ নিৰ্বাচন হৈছিল ফেব্ৰুৱাৰীৰ ৫ তাৰিখে আৰু ফলাফল ঘোষণা হৈছিল ৮ ফেব্ৰুৱাৰীত । মই ব্যক্তিগতভাৱে ৬ মাহৰ বাবে বিৰতিৰ বাবে আবেদন কৰিছিলো জানুৱাৰীৰ ২ তাৰিখে ৷ গতিকে এমাহ পূৰ্বেই মই আবেদন কৰিছিলো শীৰ্ষ নেতৃত্বৰ ওচৰত ।" বিভিন্ন সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমত 'আপ'ৰ ৰাজ্যিক সভাপতিগৰাকীয়ে পদত্যাগ কৰা বুলি প্ৰকাশ পোৱাৰ পিছতে বৃহস্পতিবাৰে নিশা সামাজিক মাধ্যম ফেচবুক লাইভত এই বিষয়ে তেওঁ সদৰী কৰে ।
তেওঁ কয়, "মই অব্যাহতি লোৱা নাই আৰু পদত্যাগো কৰা নাই । এচাম লোকে প্ৰৰোচনামূলকভাৱে সামাজিক মাধ্যমত অপপ্ৰচাৰ চলাইছে । মই আমাৰ কেন্দ্ৰীয় নেতৃত্ব অৰবিন্দ কেজৰিৱালৰ ওপৰত বিশ্বাসী আৰু অসমৰ আমাৰ দলৰ সকলোৱে বিশ্বাস ৰখাৰ প্ৰয়োজন ।" আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে দলে সম্পূৰ্ণৰূপে কাম কৰি যোৱাৰ বিষয়ে উল্লেখ কৰি তেওঁ কয়, "কিছু স্বাৰ্থপৰ লোকে এইধৰণৰ ভুল বার্তা বিয়পাইছে । মই ছমাহৰ বাবে কৰ্মবিৰতি বিচৰাটো সম্পূৰ্ণৰূপে সঁচা কথা, কিন্তু দলৰ পৰা অব্যাহতি লোৱা কথাটো সম্পূৰ্ণ মিছা । আম আদমী পাৰ্টীৰ কাৰ্যকলাপত ব্যাঘাত আনিবলৈ ই এক সংকীৰ্ণ প্ৰচেষ্টা আৰু দলটো ভাঙিবলৈ এই ধৰণৰ ভুৱা প্ৰচাৰ আৰম্ভ কৰিছে ।" তেওঁ সামাজিক মাধ্যমৰ যোগেদি আৰু উল্লেখ কৰে, "দিল্লীৰ নিৰ্বাচনত আম আদমী পাৰ্টী হাৰিব পাৰে, কিন্ত আমি উন্নয়ৰ ৰাজনীতিৰে আমাৰ কাম আৰম্ভ কৰিছো আৰু আমি সকলোৱে উন্নয়নৰ বাবে দলটোৰ হৈ কাম কৰি যাম ।"
মনকৰিবলগীয়া যে দেশৰ ৰাজধানীৰ নিৰ্বাচনৰ ফলাফলৰ পিছত বিৰোধী ৰাজনৈতিক দলসমূহে আগন্তুক বিধানসভা নিৰ্বাচনৰ ৰণনীতি তৈয়াৰ কৰাত ব্যস্ত হৈ পৰিছে । অসমৰ প্ৰধান বিৰোধী দল কংগ্ৰেছে ইতিমধ্যে দিল্লীত নিৰ্বাচনী ৰণনীতি উপলক্ষে কেন্দ্ৰীয় নেতৃত্বৰ লগত আলোচনাত মিলিত হৈছে । সেই একে সময়তে 'আপ'ৰ নেতৃত্বৰ বিষয়ে চৰ্চা হোৱা এনেবোৰ বিষয়ে ৰাজনৈতিক মহলত যথেষ্ট প্ৰভাৱ পেলাইছে ।

